ভোটাৰৰ পছন্দ প্ৰতিনিধিৰ দায়িত্ব
২০১৯ চনত নৰেন্দ্ৰ মোদী যেতিয়া দ্বিতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল, তেওঁৰ মন্ত্ৰীসভাৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী আছিল স্মৃতি ইৰাণী৷ তেতিয়া তেওঁৰ বয়স আছিল ৪৩ বছৰ৷ সুবক্তা, সাহসী স্মৃতি ইৰাণীয়ে ২০১৪ চনৰ পৰা ২০১৬ চনলৈ মানৱ সম্পদ উন্নয়ন দপ্তৰ, ২০১৬ চনত বস্ত্ৰ দপ্তৰ, ২০১৭ চনত তথ্য আৰু জনসংযোগ, ২০১৯ চনত মহিলা আৰু শিশু কল্যাণ দপ্তৰ আৰু ২০২২ চনত সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ চম্ভালিছিল৷ সাংসদ হোৱাৰ পূৰ্বে তেওঁ মডেলিং আৰু অভিনয় জগতৰ লগত জড়িত আছিল৷ ২০১৪ চনত আমেথি সমষ্টিত ৰাহুল গান্ধীৰ হাতত পৰাজিত স্মৃতিয়ে সেই একেই সমষ্টিত ২০১৯ চনত ৰাহুল গান্ধীক হৰুৱাইছিল৷ আৰু এইবাৰ ২০২৪ চনত আমেথি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কিশোৰীলাল শৰ্মাৰ হাতত ডেৰ লাখতকৈও অধিক ভোটত পৰাজিত হ’ল৷ ভোটাৰৰ মহিমা বুজাও টান৷ সাংসদজন কেনেধৰণৰ হোৱাটো বিচাৰে ভোটাৰে? বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটক জিকাই সংসদলৈ পঠালে৷ হেমা মালিনীক পুনৰ সংসদলৈ পঠালে৷ আমি যদি এই তিনিগৰাকী মহিলা প্ৰাৰ্থীক একে শাৰীত থিয় কৰাই চাওঁ, জনপ্ৰতিনিধি হিচাপে কোনগৰাকী অধিক যোগ্য যেন লাগিব? স্মৃতি ইৰাণী নহয়নে? অথচ ভোটাৰে স্মৃতিক নাকচ কৰিলে৷ গুৱাহাটী লোকসভা সমষ্টিৰ ক্ষেত্ৰত দল নিৰপেক্ষভাৱে চালে কোন বেছি যোগ্য প্ৰাৰ্থী আছিল– বিজুলী কলিতা মেধি নে মীৰা বৰঠাকুৰ গোস্বামী? দল জয়ী হয় নে প্ৰাৰ্থী? দলৰ শক্তি, ক্ষমতাৰ লগত প্ৰাৰ্থীৰ যোগ্যতা উপেক্ষিত হয় নেকি? যদি সেয়াই হয়, তেন্তে নিৰ্বাচনৰ পূৰ্বে ভোট বিচৰাৰ নামত প্ৰাৰ্থীসকলে দিন-ৰাতি একাকাৰ কৰি সভা পাতি, সমদল কৰি ঘূৰি ফুৰি, চিঞৰি-বাখৰি অযথা সময় নষ্ট কৰে কিয়? ৰাজ্যখনৰ সমস্যা, মানুহৰ অভাৱ-অভিযোগ, প্ৰয়োজনীয়তা আদিৰ কথা কেন্দ্ৰৰ মজিয়াত যুক্তিসংগতভাৱে উপস্থাপন কৰিব পৰা জনপ্ৰতিনিধি আমাক নালাগেনে? এই যে এইবাৰৰ নিৰ্বাচনত বিজয়ী হোৱা পূৰ্বৰ সাংসদ প্ৰদান বৰুৱা, দিলীপ শইকীয়া, কামাখ্যা প্ৰসাদ তাছা বা কৃপানাথ মাল্লা– এওঁলোকে বিগত কালছোৱাত ৰাজ্যখনৰ হৈ সদনত কিমান কি মাত মাতিলে? কি কি সমস্যাৰ প্ৰতি বিশেষভাৱে কেন্দ্ৰৰ দৃষ্টি আকৰ্ষণ কৰিলে? নিজৰ সমষ্টিবোৰত কি কি এনে বিশেষ কাম কৰি দেখুৱালে যাৰ বাবে ভোটাৰে পুনৰ তেওঁলোককেই সংসদলৈ পঠিয়ালে/ অৱশ্যে, ভোটাৰসকলে এইবাৰেই যে এনে কৰিছে, সেইটো নহয়৷ ইয়াৰ পূৰ্বতেও অসমৰ পৰা দুই-তিনিবাৰকৈ নিৰ্বাচিত এনে প্ৰতিনিধি সংসদলৈ গৈছে, যি কেৱল বহি-শুয়েই নিজৰ সময় পাৰ কৰিছে৷ দল যিয়েই নহওক, সদন কঁপাই নিজৰ বক্তব্য ৰাখিব পৰা জনপ্ৰতিনিধি থাকিলে ৰাজ্যখনৰো সুনাম হয়, ভোটাৰসকলো গৌৰৱান্বিত হয়৷ অসমৰ ভোটাৰসকলে এনেদৰে গৌৰৱান্বিত হোৱাৰ সুযোগ নিজকে কমেই দিয়ে যেন অনুভৱ নহয়নে? লখিমপুৰ সমষ্টিৰ কথাই চাওক৷ এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ সাংসদ হ’বলৈ পোৱা ৰাণী নৰহ, এতিয়াৰ প্ৰদান বৰুৱা, এওঁলোকে বাৰে বাৰে পোৱা ক্ষমতাৰ সদ্ব্যৱহাৰ কৰিলেনে? লখিমপুৰৰ মূল সমস্যাবোৰে গৈ কেন্দ্ৰক খুন্দিয়াব পাৰিলেনে? সাংসদসকলৰ পৰিসীমা ৰাজ্যখনতেই আবদ্ধ হৈ নাথাকে৷ দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত হৈ অহা [ৰাজ্যসভাৰ মনোনীত সদস্যসকলৰ লগতে] জনপ্ৰতিনিধিসকলৰ লগতে ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় ২০১৯ চনত নৰেন্দ্ৰ মোদী যেতিয়া দ্বিতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল, তেওঁৰ মন্ত্ৰীসভাৰ আটাইতকৈ কম বয়সীয়া মন্ত্ৰী আছিল স্মৃতি ইৰাণীয় প্ৰচাৰ মাধ্যমৰো দৃষ্টি এওঁলোকৰ ওপৰত নিবদ্ধ হয়৷ বিধানসভাৰ অধিৱেশনত টোপনি মাৰি থকা আৰু লোকসভা বা ৰাজ্যসভাত গৈ টোপনিয়াই থকাটো একে নহয়৷ বছৰ বছৰ ধৰি ৰাজ্যত ৰাজনীতি কৰি থকা কেইবাজনো নেতা, বিশেষকৈ শাসকীয় দলৰ ৰি?ত দত্ত, পৰিমল শুক্লবৈদ্য, অগপৰ ফণীভূষণ চৌধুৰী আদিক ভোটাৰে নিৰ্বাচিত কৰিলে৷ দলে এই বৰ্ষীয়ান নেতাসকলে যাতে সদনত ৰাজ্যৰ সমস্যাবোৰ সজোৰে, সাৱলীল ভাষাৰে উপস্থাপন কৰিব পাৰে, তাৰ বাবে উপযুক্ত প্ৰশিক্ষণ আদি দি পঠিওৱা উচিত৷ অসমৰ সাংসদে মন্ত্ৰিত্ব পালে, অসমৰ সাংসদ সদনৰ অধ্যক্ষ বা উপাধ্যক্ষৰ আসনত বহা দেখিবলৈ পালে, অসমৰ সাংসদে নিজৰ বক্তৃতাৰে সদন কঁপাই দিলে, অসমৰ ভোটাৰ ৰাইজে নিজৰ পছন্দক লৈ গৌৰৱ কৰিব পাৰিব, দলৰ মান ৰক্ষা পৰিব আৰু ৰাজ্যখনৰ সুনাম বাঢ়িব৷ সাংসদসকলে সেই সুযোগ দিবনে?