Logo
image

নাইডুক বিত্ত লাগিবই, নীতীশো আঁকোৰগোজ

নতুন দিল্লী, ৭ জুন : তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’বলৈ ওলোৱা নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰীসভা গঠনক লৈ অস্বস্তিত পৰিবলগীয়া হৈছে৷ কিয়নো এনডিএ মিত্ৰজোঁটৰ দুটা অন্যতম সহযোগী দল টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু আৰু জেডিইউৰ নীতিশ কুমাৰে মন্ত্ৰীসভাখনত দাবী কৰা দপ্তৰক লৈ আকোৰগোজ হৈ থকাত পদে পদে মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰত আহি পৰিছে জটিলতা৷ উল্লেখ্য যে নতুনকৈ গঠন হ’বলগা মন্ত্ৰীসভাখনত টিডিপিৰ চন্দ্ৰবাবু নাইডুয়ে বিত্ত, গৃহ, প্ৰতিৰক্ষা আৰু বৈদেশিক দপ্তৰৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ দাবী কৰিছে৷ আনকি ‘বিত্ত বিভাগটো লাগিবই’ বুলি নাচোৰবান্দা হৈ আছে চন্দ্ৰবাবু নাইডু৷ নাইডুৱে এইক্ষেত্ৰত আনকি এনডিএৰ মুৰব্বীসকলক স্পষ্ট কৰি দিছে যে বিত্ত বিভাগটো যদি টিডিপিক দিয়া নহয়, তেন্তে তেওঁলোকে মন্ত্ৰীসভাখনক বাহিৰৰ পৰাহে সমৰ্থন জনাব৷ একেদৰে নাইডুৱে নতুন মন্ত্ৰীসভাখনত দাবী কৰা কেবিনেট মন্ত্ৰিত্বৰ বাহিৰেয়েও অন্ততঃ তিনিজনক ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰিত্ব দিব লাগিব বুলি উল্লেখ কৰিছে৷ লোকসভাৰ অধ্যক্ষৰ পদো বিচাৰিছে টিডিপিয়ে৷ নাইডুৰ এনে দাবীক লৈ স্বাভাৱিকতে মন্ত্ৰীসভা গঠনক লৈ পদে পদে জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে মোদীকে ধৰি বিজেপিৰ আন দুই নেতৃত্ব জেপি নাড্ডা আৰু অমিত শ্বাহ৷ সেইদৰে জেডিইউৰ মুৰব্বী নীতিশ কুমাৰে ৰে’ল মন্ত্ৰণালয়কে ধৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ  দপ্তৰ দাবী কৰিছে৷ তদুপৰি মন্ত্ৰীসভাখনত ক্ৰমেও তিনিজন কেবিনেট আৰু অন্ততঃ এজন ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী লাগিব বুলি আঁকোৰগোঁজ হৈ আছে নীতিশ কুমাৰ৷ এনে পৰিপ্ৰেক্ষিতত এই বাতৰি যুগুত কৰা লৈকে মন্ত্ৰীসভাৰ আসন ভাগ বাটোৱাৰা কৰাটো এনডিএৰ পক্ষে সম্ভৱ হৈ উঠা নাই৷ উল্লেখ্য যে এনডিএ এইবাৰৰ নিৰ্বাচনত ‘৪০০’ পাৰ লক্ষ্যৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয় যদিও ২৯২তে থমকি ৰ’বলগা হয়৷ ইয়াৰে ২৪০ খন আসন লাভ কৰে বিজেপিয়ে৷ আনহাতে টিডিপি অৰ্থাৎ চন্দ্ৰবাবু নাইডুৰ তেলুগু দেশম পাৰ্টীয়ে ১৬, নীতিশ কুমাৰৰ জেডিইউয়ে ১২ আৰু একনাথ সিন্দেৰ শিৱসেনাই ৭ খন আসন লাভ কৰিবলৈ সক্ষম হয়৷ বাকীকেইখন আসন এনডিএৰ অন্যান্য সহযোগী দলসমূহে লাভ কৰে৷ ফলত চৰকাৰ গঠনৰ ক্ষেত্ৰত কিং মেকাৰ হৈ পৰে টিডিপিৰ চন্দ্ৰবাবু নাইডু আৰু জেডিইউৰ নীতিশ কুমাৰ৷ এনেক্ষেত্ৰত এই দুজন নেতাই ক্ষমতাৰ পূৰ্ণসুযোগ লৈ নতুন চৰকাৰখনত মনে বিচৰা ধৰণে গুৰুত্বপূৰ্ণ বিভাগ বিচাৰি নিজৰ স্থিতিত অটল হৈ আছে৷ এনে পৰিস্থিতিত চৰকাৰ গঠনক লৈ অস্বস্তিত পৰা বিজেপিৰ নেতৃত্বই ৪ : ১ সমীকৰণ অৰ্থাৎ মিত্ৰদলসমূহৰ চ্ছ্ৰজন সাংসদৰ বিপৰীতে এজনক মন্ত্ৰিত্ব প্ৰদান কৰাৰ দৰে সূত্ৰৰ আশ্ৰয় ল’বলৈ ওলাইছে যদিও তাতো নাইডু আৰু নীতিশ কুমাৰে আপত্তি দৰ্শাইছে৷ ফলত মন্ত্ৰীসভা চূড়ান্ত কৰাটো মোদী-শ্বাহ আৰু নাড্ডাৰ পক্ষে এতিয়াও সম্ভৱপৰ হৈ উঠা নাই৷ ইপিনে নাইডু আৰু নীতিশ কুমাৰে দাবী কৰা  অনুসৰিয়েই যদি মোদীয়ে মন্ত্ৰীসভা চূড়ান্ত কৰে, তেন্তে এয়া নাইডু আৰু নীতিশ কুমাৰৰ ঊদ্ধৰ্তালীৰ বাহিৰে আন একো নহ’ব বুলি ৰাজনৈতিক পৰ্যবেক্ষক মহলে অভিহিত কৰিছে৷ তদুপৰি যদি নাইডু আৰু নীতিশ কুমাৰে বিচৰা ধৰণে মোদীয়ে চৰকাৰ গঠন কৰিবলগীয়া হয় তেন্তে তেওঁৰ বাবে এয়া এক বৃহৎ প্ৰত্যাহ্বান হৈ দেখা দিব পাৰে৷ ইপিনে যদি সঁচাকৈয়ে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ দাবী মানি লৈ চৰকাৰ গঠন কৰিবলগীয়া হয় তেন্তে এইখন চৰকাৰৰ কাম-কাজ কিমান মসৃন হ’ব তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো চন্দ্ৰবাবু নাইডুৰ সংখ্যালঘু নীতিৰ সৈতে বিজেপিৰ সংখ্যালঘুৰ নীতিৰ মাজত আদৰ্শগত পাৰ্থক্য আছে৷ কিয়নো সদ্যসমাপ্ত নিৰ্বাচনত নাইডুৱে এনডিএ ক্ষমতালৈ আহিলে হজলৈ যোৱা প্ৰতিজন হাজীক ১ লাখকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ তদুপৰি মুছলমানসকলৰ বাবে ৪ শতাংশ সংৰক্ষণৰো আশ্বাস প্ৰদান কৰিছিল৷ ইয়াৰ বিপৰীতে বিজেপিয়ে মুছলমানৰ বিৰোধিতা কৰি নিৰ্বাচনী যুঁজখন অতিক্ৰম কৰে৷ নিৰ্বাচনী সভাসমূহত বিজেপিয়ে ঔৰংজেবৰ উদ্ধৃৰ্তিৰে সংখ্যালঘুৰ বিৰোধিতা কৰি ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰিছিল৷ কিন্তু ইয়াৰ বিপৰীতে নাইডুৱে সংখ্যালঘুৰ কল্যাণৰ কথা কৈছিল৷ এই আদৰ্শগত পাৰ্থক্যয়ো নতুন চৰকাৰখনক অনাগত দিনসমূহত প্ৰত্যাহ৩ানৰ সন্মুখীন কৰাব পাৰে বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে৷