Logo
image

উজনি-নামনি সন্দৰ্ভত বিতৰ্কিত মন্তব্য বিধায়ক মৃণাল শইকীয়াৰঃ গোচৰ ৰুজু, গ্ৰেপ্তাৰৰ দাবী

ডিজিটেল ডেস্কঃ "উজনি অসমৰ মানুহ স্বাভিমানী, নামনি অসমৰ মানুহ ভিক্ষাৰী, পইচা দিলেই ভোট দিয়ে।"- খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিতৰ্কিত মন্তব্যক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিধায়কজনে উজনি অসম-নামনি অসম সন্দৰ্ভত আগবঢ়োৱা বিতৰ্কিত মন্তব্যই নামনি অসমৰ ধুবুৰী, কোকৰাঝাৰ তথা বঙাইগাঁও জিলাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। ব্যক্তিগত নিউজ চেনেলত খুমটাইৰ বিধায়কজনে কৰা মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। 

বিধায়কজনে কয় যে উজনি অসমৰ মানুহ স্বাভিমানী৷ নামনি অসমৰ মানুহ ভিক্ষাৰী, পইচা দিলেই ভোট দিয়ে। লগতে তেওঁ কয় যে উজনি অসমৰ মানুহে তেল, চাহপাতৰে নামনি অসমৰ মানুহক চলাই আছে। বিধায়কজনৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন৷ তেওঁৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা তথা আক্ৰাছু৷ বিধায়কজনে আগবঢ়োৱা এনেধৰণৰ মন্তব্যত ক্ষুব্ধ হৈ আক্ৰাছুৰ (অভিবক্ত গোৱালপাৰা) ধুবুৰী জিলা কমিটীৰ সভাপতি দিটেপ ৰায়ে শনিবাৰে বিলাসীপাৰা আৰক্ষী থানাত বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। 


ছাত্ৰ নেতাজনে কয় যে নামনি অসমখন চিলাৰায়-নৰনাৰায়ণৰ এখন ৰাজ্য। এইখন ৰাজ্যত বহু চহকী মানুহ আছে। আমি ইমান দুখীয়া নহয় যে মৃণাল শইকীয়াই উজনি অসমৰ চাহপাত দি কমতাপুৰ ৰাজ্যখন চলাব। বিধায়কজনৰ এই মন্তব্যক ছাত্ৰনেতাজনে ধিক্কাৰ দিয়াৰ লগতে তেওঁক শীঘ্ৰে গ্ৰপ্তাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনায়। অন্যথা বিভিন্ন দল-সংগঠন লৈ আন্দোলন কৰাৰ হুংকাৰ দিয়ে ছাত্ৰ নেতাজনে। বিধায়কজনৰ এনেধৰণ মন্তব্যৰ বাবে অসমখন বিভাজিত হোৱা বা অসমত সাম্প্ৰদায়িকতাৰ বিষবাষ্প সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰে ছাত্ৰনেতাজনে।

বিলাসীপাৰাতো বিধায়ক শইকীয়াৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।  অবিভক্ত গোৱালপৰা জিলা আক্ৰাছু, নাথ যোগী ছাত্ৰ সন্থা, গৰিয়া মৰিয়াকে ধৰি বিভিন্ন দল সংগঠনে বিধায়কজনৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বিধায়কজনে নামনি অসমৰ লোকক লৈ বিতৰ্কিত তথা কটু মন্তব্যৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰি ক্ষোভ প্ৰকাশ কৰে দল-সংগঠনে। শীঘ্ৰে বিধায়কজনক দাবী জনাইছে সংগঠনকেইটাৰ নেতৃত্বই । অন্যথা গণতান্ত্ৰিক আন্দোলনৰ গঢ়ি তোলাৰো হুংকাৰ দিছে৷

উল্লেখ্য যে শেহতীয়াভাৱে বিভিন্ন মন্তব্যৰে বিতৰ্কত সোমাই পৰা বিজেপি দলৰ বিধায়ক মৃণাল শইকীয়াই নিউজ চেনেলত যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিজয়ক লৈ উজনি-নামনি সন্দৰ্ভত বিতৰ্কিত মন্তব্য আগবঢ়ায়। তেওঁ কয় যে নামনি অসমৰ মানুহৰ দৰে উজনি অসমৰ মানুহ নহয়। স্বাভিমান থকা জাতি এটাক মাহেকে ১,২৫০ টকা দিলেই যে ভোট দিব, সেয়া উজনি অসমৰ মানুহে কেতিয়াও নিদিয়ে। উজনি অসমৰ মানুহ স্বাভিমানী। নামনি অসমৰ মানুহৰ দৰে উজনি অসমৰ মানুহ ভিক্ষাৰী নহয় যে পইচা দিলেই ভোট দিব৷