Logo
image

পৰাজিত স্মৃতিও হ’ব মন্ত্ৰী, অসমৰ পৰা ৰাজ্যসভালৈ!

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ জুনঃ টু বি অৰ নট টু বি–ডেট ইজ দ্য কুৱেশ্চন৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ ঠিক পূৰ্বে মোদীৰ স্নেহধন্যা স্মৃতি ইৰাণীৰ মন্ত্ৰীপদ অৰ্জনক লৈ উঠিছে হেমলেটৰ বিখ্যাত সেই প্ৰশ্নটোৰ দৰে বিৰাট প্ৰশ্ন৷ ২০১৪ চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পাছত পৰাস্ত হোৱাৰ দুখ সামৰি হাঁহি হাঁহি মন্ত্ৰীৰূপে শপত লৈছিল একালৰ ছিৰিয়েলৰ অভিনেত্ৰী ‘তুলসী’ স্মৃতি ইৰাণীয়ে৷ ২০১৯ চনত ৰাহুলক পৰাভূত কৰা স্মৃতি আছিল মোদীৰ ‘অটোমেটিক চইচ’৷ উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ স্মৃতি ইৰাণী মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালত দুবছৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীও আছিল৷ পৰৱৰ্তী সময়ত তেওঁ চম্ভালিছে অনেক দপ্তৰ৷ মন্ত্ৰিত্বৰ দপ্তৰ চম্ভালি লোৱাৰ লগতে বাকপটু স্মৃতি ইৰাণীয়ে সংসদত বিৰোধী দলক যথোচিত ‘জৱাব’ দিছে৷ ৰাহুল গান্ধীয়ে তেওঁক ‘ফ্লায়িং কিছ’ দিয়া বুলি সদনত নাটক কৰি ‘নন ইছ্যু’ক ‘ইছ্যু’ হিচাপে প্ৰতিষ্ঠা কৰি স্মৃতি ইৰাণীয়ে সদায় প্ৰচাৰৰ আলোক নিজৰ পক্ষত ৰাখিছে৷ সেইহেন স্মৃতি ইৰাণীক বাদ দি নৰেন্দ্ৰ মোদীয়ে দেওবাৰে শপতগ্ৰহণ কৰিব, ৰাজধানীৰ ৰাজনীতিৰ খোজ-খবৰ ৰখা কোনেও এই কথা বিশ্বাস নকৰে৷ তেনে গৰিষ্ঠ সংখ্যকৰ দাবী, দেওবাৰে স্মৃতি ইৰাণীয়ে সীমিত মন্ত্ৰীমণ্ডলীৰ এগৰাকী হৈ শপতগ্ৰহণ কৰিব৷ অৱশ্যে তাৰ সত্যতা নিৰূপণ কৰিবলৈ দেওবাৰৰ সন্ধিয়ালৈ অপেক্ষা কৰাৰ গত্যন্তৰ নাই৷


কিন্তু বিজেপিৰ ঘনিষ্ঠ বৃত্তত থকা একাংশৰ মতে এইবাৰ স্মৃতি ইৰাণীয়ে প্ৰথম পদক্ষেপতে মন্ত্ৰিত্ব লাভ নকৰে৷ অৰ্থাৎ দেওবাৰে তেওঁ শপতগ্ৰহণ কৰাৰ সম্ভাৱনা নাই৷ ইয়াৰ বিপৰীতে বিজেপিৰ ঘনিষ্ঠ সূত্ৰই কয়, অনতিবিলম্বে স্মৃতি ইৰাণীক ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত কৰি নিয়া হ’ব৷ কিয়নো সদনত স্মৃতি ইৰাণীৰ স্থান পূৰণ কৰিব পৰাকৈ বিজেপিৰ তেনে মহিলা সাংসদ আৰু স্মৃতিৰ দৰে প্ৰগলভ বক্তা কোনো নাই৷ প্ৰবল চৰ্চা হৈছে, তেওঁক অচিৰেই অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰা হ’ব৷ সৰ্বানন্দ সোণোৱালৰ খালী হোৱা ৰাজ্যসভাৰ আসন পূৰণ কৰিব স্মৃতি ইৰাণীয়ে৷