Logo
image

৭১ মন্ত্ৰীসহ মোদীৰ শপত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ জুনঃ ৭২জন মন্ত্ৰীক লগত লৈ নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মৰ্চা চৰকাৰৰ প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিলে৷ ২০১৪ চনৰ পৰা দুটাকৈ কাৰ্যকালত প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰা নৰেন্দ্ৰ মোদীয়ে জৱাহৰলাল নেহৰুৰ পাছত একেৰাহে তৃতীয়বাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰি অভিলেখ স্পৰ্শ কৰিলে৷ স্বাধীন ভাৰতত বিগত ৭৫ বছৰে জৱাহৰলাল নেহৰুৰ পাছত কোনেও একেৰাহে তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ আসন দখল কৰিব পৰা নাছিল৷ সন্ধ্যা ৭.১৫ বজাত হেটট্ৰিক কৰি তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ লগে লগে নৰেন্দ্ৰ মোদীয়েও নেহৰুৰ দৰে ইতিহাসৰ পৃষ্ঠাত নাম অংকন কৰিলে৷ প্ৰধানমন্ত্ৰী হিচাপে মোদীক শপতবাক্য পাঠ কৰায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনৰ লনৰ মুকলি মঞ্চত৷ সাধাৰণতে ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলত মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান হ’লেও অটল বিহাৰী বাজপেয়ীৰ পৰা নৰেন্দ্ৰ মোদীলৈকে বিজেপিৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভৱনৰ চোতালতে শপত লৈ আহিছে৷ অশোক হলত শপত গ্ৰহণ কৰাৰ প্ৰথা প্ৰথমে ভংগ কৰিছিল ১৯৯০ চনত চন্দ্ৰশেখৰে৷

দেওবাৰে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত মোদীৰ উপৰি ২৯জন কেবিনেট মন্ত্ৰীসহ মুঠতে ৭১জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে৷ ইয়াৰে ৫জন স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু ৩৬জন ৰাজ্যিক দপ্তৰৰ মন্ত্ৰী৷ মোদীৰ মন্ত্ৰীসভাত বিজেপিৰ ৬১জন সাংসদে আৰু এনডিএৰ সহযোগী দলৰ ১১জন সাংসদে স্থান লাভ কৰিছে৷ পূৰ্বৰ চৰকাৰত মন্ত্ৰীৰ দায়িত্বত থকা ৩৯জনৰ ওপৰত পুনৰ আস্থা ৰাখিছে মোদীয়ে৷ মোদীৰ মন্ত্ৰীমণ্ডলী বিস্তাৰিত হৈ ৰৈছে ২৪খন ৰাজ্যত৷


দুবাৰ ‘ব্ৰেণ্ড মোদী’ৰ প্ৰভাৱেৰে বিজেপিয়ে এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছিল৷ তথাপি জোঁটধৰ্ম পালন কৰি মোদীয়ে নেতৃত্ব দিছিল এনডিএ মৰ্চা চৰকাৰৰ৷ এইবাৰ ২৪০খন আসন লাভ কৰি ২৭২ আসনৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি৷ ফলশ্ৰুতিত এইবাৰ আক্ষৰিক অৰ্থতে মৰ্চা চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলগীয়া হ’ল নৰেন্দ্ৰ মোদীয়ে৷ নিৰুত্তাপ ‘মোদী মেজিক’ৰ বাবেই এইবাৰ মোদী চৰকাৰ নিৰ্ভৰশীল হ’ল সহযোগী দলৰ, য’ৰ সৰ্বাধিক ১৬খন আসনৰ অধিকাৰী তেলুগু দেশম পাৰ্টী আৰু ১২খন আসনৰ অধিকাৰী জেডি (ইউ)৷ ইয়াৰ উপৰি এনডিএ মৰ্চাত আছে আন ১০টা দলৰ ২৫জন সাংসদ৷

দেওবাৰে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপতগ্ৰহণ কৰাৰ পাছত দ্বিতীয়জন মন্ত্ৰী হিচাপে ৰাজনাথ সিঙে আৰু তৃতীয়জন মন্ত্ৰী হিচাপে অমিত শ্বাহে শপতগ্ৰহণ কৰে৷ তাৰ পাছতে যথাক্ৰমে শপত লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নড্ডা, মধ্যপ্ৰদেশৰ পূৰ্বৰ ৪ বাৰৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, পূৰ্বৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, পূৰ্বৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, হাৰিয়ানাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে৷ সহযোগী দলৰ প্ৰথমজন কেবিনেট মন্ত্ৰী হিচাপে প্ৰথমে শপতগ্ৰহণ কৰে কৰ্ণাটকৰ জে ডি (এছ)ৰ মুৰব্বী এইছ ডি কুমাৰ গোস্বামীয়ে৷ কুমাৰাস্বামীৰ পাছত শপত লয় নীতীশ কুমাৰৰ ঘনিষ্ঠ, জে ডি (ইউ)ৰ সাংসদ লালন সিঙে৷ আনহাতে সৰ্বানন্দ সোণোৱালে উত্তৰ-পূবৰ প্ৰথমজন মন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত প্ৰাক্তন কেবিনেট মন্ত্ৰী অৰুণাচল প্ৰদেশৰ কিৰেণ ৰিজিজুৱে শপত লয়৷ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পোৱা অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই একেবাৰে শেষত শপত বাক্য পাঠ কৰে৷