Logo
image

গৌৰৱক ৰুধিবলৈ মন্ত্ৰিত্ব উপহাৰ দিয়া হ’ল পৱিত্ৰক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুন : প্ৰত্যাশিতভাৱে নৰেন্দ্ৰ মোদী কেবিনেটত অন্তৰ্ভূক্ত হ’ল সৰ্বানন্দ সোণোৱাল৷ আনহাতে, যোৰহাট সংসদীয় সমষ্টিত গৌৰৱ গগৈৰ জিকাৰ পৰিপ্ৰেক্ষিতত মোদী মন্ত্ৰীসভাত নাম সোমাল ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ৷ আহোম জনগোষ্ঠীক সন্তুষ্ট কৰাৰ লক্ষ্য লৈ মাৰ্ঘেৰিটাক অন্তৰ্ভুক্ত কৰা হয় মোদী মন্ত্ৰীসভাত৷ উল্লেখ্য, সদ্য অনুষ্ঠিত লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ৯ টাতে কংগ্ৰেছতকৈ কম ভোট লাভ কৰে বিজেপিয়ে৷ যোৰহাট লোকসভা সমষ্টিত আহোম ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰা বুলি গণ্য কৰা হয়৷ এইবাৰৰ নিৰ্বাচনত দেখা গ’ল যে যোৰহাট লোকসভা সমষ্টিত আহোম  জনগোষ্ঠীৰ মাজত বিজেপি প্ৰাৰ্থী তপন গগৈতকৈ বিৰোধী শক্তিৰ প্ৰতিভূস্বৰূপ গৌৰৱ গগৈৰ ভাৱমূৰ্তি আপেক্ষিকভাৱে ভাল৷ সদ্য অনুষ্ঠিত নিৰ্বাচনত ধৰ্মেশ্বৰ কোঁৱৰে প্ৰতিনিধিত্ব কৰা সোনাৰী সমষ্টিত গৌৰৱ গগৈয়ে ৭১,৬০৩টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৬১,২৬৯টা ভোট৷ মন্ত্ৰী যোগেন মহনে প্ৰতিনিধিত্ব কৰা মাহমৰা সমষ্টিত গৌৰৱ গগৈয়ে ৬২,৬৮০টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৫৩,০৩০টা ভোট৷ মাহমৰা হৈছে তপন গগৈৰ গৃহ সমষ্টি৷ সুশান্ত বৰগোহাঁইয়ে প্ৰতিনিধিত্ব কৰা পূৰ্বৰ থাওৰা সমষ্টিৰ নাম এতিয়া হৈছে ডিমৌ সমষ্টি৷ ডিমৌত গৌৰৱ গগৈয়ে ৭৭,৯৩৪টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৬১,৮৭৯টা ভোট৷ অখিল গগৈয়ে প্ৰতিনিধিত্ব কৰা শিৱসাগৰ সমষ্টিত গৌৰৱ গগৈয়ে ৯১,৮৪৩টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৭৩,০৯৫টা ভোট৷ দেবব্ৰত শইকীয়াই প্ৰতিনিধিত্ব কৰা নাজিৰা সমষ্টিত গৌৰৱ গগৈয়ে ৭০,৭২৭টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৭০,৬০০টা ভোট৷ ভূবন গামে প্ৰতিনিধিত্ব কৰা মাজুলী সমষ্টিত গৌৰৱ গগৈয়ে ৫২,৬৯০টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৫৯,২৭৬টা ভোট৷ অগপ বিধায়ক ৰেণুপমা ৰাজখোৱাই প্ৰতিনিধিত্ব কৰা টিয়ক সমষ্টিত গৌৰৱ গগৈয়ে ৮৬,৭১২টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৬৩,৩৩৫টা ভোট৷ হিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰতিনিধিত্ব কৰাৰ যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে ৬০,৬৯৭টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৪৮,৫৬৭টা ভোট৷ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিনিধিত্ব কৰা মৰিয়নি সমষ্টিত গৌৰৱ গগৈয়ে ৭০,৯১৬টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৫৪,১৩১টা ভোট৷ ভাস্কৰ বৰুৱাই প্ৰতিনিধিত্ব কৰা তিতাবৰ সমষ্টিত গৌৰৱ গগৈয়ে ৯৭,৩৯২টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৫৬,৮৩৭টা ভোট৷ পোষ্টেল বেলটতো গৌৰৱ গগৈয়ে অধিক ভোট লাভ কৰিছে৷ পোষ্টেল বেলটত গৌৰৱ গগৈয়ে ৮,৫৭৭টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছে ৫,৩৫৯টা ভোট৷ কোৱা নিষ্প্ৰয়োজন যে গৌৰৱ গগৈক হৰুৱাবলৈ কাৰ্যতঃ যোৰহাটত জঁপিয়াই পৰিছিল হিমন্ত বিশ্ব শৰ্মা কেবিনেট৷ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ অন্তৰ্গত খোৱাং, ডিব্ৰুগড় আদি আহোম অধ্যুষিত এলেকাত বিজেপি বিৰোধী প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে অধিক ভোট লাভ কৰা বুলি বিজেপিৰ দলীয় সূত্ৰই ইতিমধ্যে প্ৰকাশ কৰিছে৷ সূত্ৰটোৰ মতে সৰ্বানন্দ সোণোৱালৰ পক্ষত পৰ্যাপ্ত পৰিমাণে পৰা নাই আহোমৰ ভোট৷ এনে পৰিস্থিতিত মোদী মন্ত্ৰীসভাত আহোম নেতা এজনক অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অৰ্থাৎ পবিত্ৰ মাৰ্ঘেৰিটাৰ যোগেদি আহোমৰ সমৰ্থন বৃদ্ধিৰ চেষ্টা কৰিছে বিজেপিয়ে৷ পৱিত্ৰ মাৰ্ঘেৰিটাক প্ৰক্ষেপৰ মাধ্যমেৰে বিজেপিৰ এই অগ্নিপৰীক্ষাৰ ফলাফল প্ৰকাশ হ’ব ২০২৬ত৷ বিজেপিৰ এটা উচ্ছস্তৰীয় সূত্ৰৰ মতে গৌৰৱ গগৈক প্ৰত্যাহ৩ান জনাবলৈ এজন আহোম নেতাৰ নাম প্ৰস্তাৱ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ অৰ্থাৎ গৌৰৱ গগৈক ৰুধিবলৈ ২০১৪ চনত বিজেপিত যোগদান কৰা পৱিত্ৰ মাৰ্ঘেৰিটাক উপহাৰ দিয়া হ’ল কেন্দ্ৰীয় মন্ত্ৰিত্ব৷ উল্লেখ্য, ২০১৪ চনত বিজেপিত যোগদান কৰিছিল পৱিত্ৰ মাৰ্ঘেৰিটাই৷ যোগদান কৰিয়েই দলৰ জ্যেষ্ঠ মুখপাত্ৰৰ দায়িত্ব লাভ কৰা মাৰ্ঘেৰিটাৰ ওপৰত ২০১৭ চনত অৰ্পণ কৰা হয় জ্যোতি চিত্ৰবনৰ অধ্যক্ষৰ দায়িত্ব৷ ২০২১ চনৰ জুনত তেওঁ উক্ত দায়িত্বত থাকে৷ একেটা বছৰৰ জুলাই মাহত তেওঁক দিয়া হয় ছাত্ৰ যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিবৰ দায়িত্ব৷ ২০২২ চনৰ মাৰ্চ পৰ্যন্ত তেওঁ উক্ত পদত কাৰ্যনিৰ্বাহ কৰে৷ উক্ত পদত আসীন হৈ থকা সময়তে তেওঁ ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হয়৷ লগে লগে তেওঁ সদস্য সচিব পদৰ পৰা পদত্যাগ কৰে৷ একেটা বছৰৰ জুলাইত তেওঁক দিয়া হয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দায়িত্ব৷ বিজেপিৰ শীৰ্ষ সূত্ৰৰ মতে শনিবাৰে নিশা পৰ্যন্ত সাম্ভাব্য মন্ত্ৰীৰ তালিকাত আছিল মন্ত্ৰিত্ব এৰি সাংসদ নিৰ্বাচিত হোৱা পৰিমল শুক্লবৈদ্যৰ নাম৷ গুৱাহাটী লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধিৰ নামো আছিল উক্ত তালিকাত৷ কিন্তু ’২৬ত গৌৰৱ গগৈক ভেটা দিবলৈ বিজেপিয়ে গ্ৰহণ কৰা ৰণকৌশলৰ অংশৰূপে তেওঁলোকৰ নাম অৱশেষত বাদ পৰিল মন্ত্ৰীসভাৰ প্ৰাৰ্থী তালিকাৰ পৰা, ভাগ্যোদয় ঘটিল পৱিত্ৰ মাৰ্ঘেৰিটাৰ৷ বিজেপিৰ এনে ৰণকৌশল ফলপ্ৰসূ হয় নে নহয় সেয়া জানিবলৈ হয়তো আমি অপেক্ষা কৰিব লাগিব ’২৬১ বিধানসভা নিৰ্বাচনলৈ৷