Logo
image

বিমান, খাদ্য, বন, ক্ৰীড়া লৈয়েই সন্তুষ্ট নীতীশ-নাইডু-চিৰাগ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ জুন : পুনৰ এনডিএত যোগদান কৰোঁতে জেডি[ইউ]ৰ মুৰব্বী নীতীশ কুমাৰৰ ৰাজনৈতিক কেৰিয়াৰ সমাপ্ত হোৱা বুলি চৰ্চা চলিছিল৷ কিন্তু লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পাছত এনডিএৰ দ্বিতীয় বৃহৎ দল হিচাপে বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰ দিল্লীৰ ‘কিংমেকাৰ’৷ বিজেপি ২৪০খন আসনতে ক্ষান্ত থকাত নীতীশ কুমাৰ ১২জন সাংসদ মোদীৰ মৰ্চা চৰকাৰৰ বাবে অপৰিহাৰ্য হৈ পৰিল৷ সেই সুযোগৰ সদব্যৱহাৰ কৰি নীতীশ কুমাৰে মোদী মন্ত্ৰীসভাৰ দুটাকৈ দপ্তৰ হাতলৈ আনিলে৷ দৰদাম কৰি এটা কেবিনেট আৰু এটা ৰাজ্যিক মন্ত্ৰিত্বৰ দপ্তৰ হাতলৈ আনি বিমান, খাদ্য, বন, ক্ৰীড়া লৈয়েই সন্তুষ্ট নীতীশ কুমাৰ৷ নীতীশ কুমাৰৰ ঘনিষ্ঠ সহযোগী লালন সিঙক মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ দায়িত্ব দি পঞ্চায়তীৰাজ, মৎস্যপালন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰ অৰ্পণ কৰা হৈছে৷ আনহাতে, ৰাজ্যসভাৰ সদস্য ৰামনাথ ঠাকুৰক প্ৰদান কৰা হৈছে কৃষি আৰু কৃষক উন্নয়নৰ ৰাজ্যিক দপ্তৰ৷

এন চন্দ্ৰবাবু নাইডুৰ তেলুগু দেশমে অসামৰিক বিমান পৰিবহণ দপ্তৰ আদায় কৰিলে৷ বিগত মন্ত্ৰীসভাত বিজেপিৰ জ্যোতিৰাদিত্য সিন্ধিয়াৰ হাতত আছিল এই দপ্তৰ৷ তেলুগু দেশমৰ কেবিনেট মন্ত্ৰিত্ব লাভ কৰা কিঞ্জাৰাপু ৰামমোহন নাইডুক অসামৰিক বিমান পৰিবহণ দপ্তৰ প্ৰদান কৰা হৈছে৷ আনহাতে, দলৰ সাংসদ চন্দ্ৰশেখৰ পেমাছানিক দিয়া হৈছে গ্ৰাম্য উন্নয়ন আৰু যোগাযোগ পৰিক্ৰমা দপ্তৰ৷

ইপিনে, ৫জন সাংসদ লৈ এলজেপি[আৰ]ৰ চিৰাগ পাছোৱানে লাভ কৰিছে খাদ্য সংশাধন উদ্যোগ দপ্তৰ৷ ৭ জন সাংসদ থকা সিন্দেৰ শিৱসেনাক এটা ৰাজ্যিক মন্ত্ৰিত্ব প্ৰদান কৰাৰ বিপৰীতে ৫ জন সাংসদৰ চিৰাগ পাছোৱানে কেবিনেট মন্ত্ৰিত্ব আৰু খাদ্য সংশাধন দপ্তৰ লাভ কৰাটো লাভদায়ক দৰদামৰ সফল পৰিণতি হিচাপেই চৰ্চা হৈছে৷