Logo
image

লুকাভাকু খেলিছে ইভিএমে, ভোটগণনাত গুৰুতৰ বিসংগতি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ জুন: ইলেক্ট্ৰনিক ভোটিং মেচিন চমুকৈ ই ভি এমৰ জালিয়াতিক লৈ সন্দেহ ঘণীভূত হোৱাৰ মাজতে অসমৰ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ ভোট গণনাত আজৱ ঘটনা সংঘটিত হৈছে৷ ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰে ইতিমধ্যে ফলাফল ঘোষণা কৰা হ’ল যদিও আটাইকেইটা সমষ্টিতে ই ভি এমত মুঠ ভোটদানৰ আকাশ-পাতাল পাৰ্থক্য পোহৰলৈ আহিছে৷ অৰ্থাৎ ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিতে  কোনোবাটো সমষ্টিত যদি ই ভি এমত মুঠ ভোটতকৈ বেছি ভোট ওলাইছে, আন কোনোবাটো সমষ্টিত ই ভি এমত আকৌ মুঠ ভোটদানতকৈ ই ভি এমত কম ভোট ওলোৱা দেখা গৈছে৷ যাৰ ফলত নিৰ্বাচন আয়োগৰ স্বচ্ছতা সন্দেহৰ আৱৰ্তত সোমাই পৰিছে৷ ৰাজ্যৰ ১৪ সমষ্টিৰ ১২টা সমষ্টিতে ই ভি এমত কম ভোট ওলোৱাৰ বিপৰীতে ২টা সমষ্টিৰ ভোট গণনাত ই ভি এমত অতিৰিক্ত ভোট ওলাইছে৷ ইতিমধ্যে কৰিমগঞ্জ সমষ্টিত ই ভি এমত ৩,৮১১টা অধিক ভোট ওলোৱা বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷ ভোটদান সম্পন্ন হোৱাৰ পাছত নিৰ্বাচন আয়োগে ৱেবচাইট আৰু প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰা 'End of Poll Percentage Phase wise' শিতানত কৰিমগঞ্জ লোকসভা সমষ্টিত মুঠ ১১,৩৬,৫৩৮টা ভোট প্ৰদান কৰা বুলি তথ্য প্ৰকাশ কৰিছিল৷ কিন্তু ভোট গণনাৰ পাছত ই ভি এমত ওলাইছিল সৰ্বমুঠ ১১,৪০,৩৮৯টা ভোট৷ অৰ্থাৎ সমষ্টিটোত মুঠ ভোটদানতকৈ ভোট গণনাত ই ভি এমত অতিৰিক্ত ৩,৮১১টা ভোট লাভ কৰা হৈছিল৷ এইবাৰ ‘আমাৰ অসম’ৰ অনুসন্ধানত কেৱল কৰিমগঞ্জ লোকসভা সমষ্টিয়েই নহয়, ৰাজ্যৰ আন ১৩টা সমষ্টিৰ ভোট গণনাতো ই ভি এম বিসংগতিপূৰ্ণ তথ্য পোহৰলৈ আহিছে৷ ভোটদানৰ পাছত নিৰ্বাচন আয়োগে ৰাজহুৱা কৰা তথ্য অনুসৰি কাজিৰঙা লোকসভা সমষ্টিত মুঠ ভোটদান হৈছিল ১৬,২৬,৪০৮টা ভোট৷ কিন্তু নিৰ্বাচন আয়োগৰ ৱেবচাইটত ফলাফল তালিকাত ই ভি এমত ওলাল ১৬,২৩,১৬৭টা ভোট৷ অৰ্থাৎ মুঠ ভোটতকৈ ৩,২৪১টা ভোট গণনাত ই ভি এমত কম ওলাইছে৷ একেদৰে শোণিতপুৰ লোকসভা সমষ্টিত ই ভি এমত ভোটদান হৈছিল ১২,৮১,৯৫৯টা৷ বিপৰীতে ভোট গণনাত ই ভি এমত ওলাল ১২,৮১,০৭৪টা ভোট৷ অৰ্থাৎ শোণিতপুৰ সমষ্টিতো কমিল ৮৮৫ টা ভোট৷ লখিমপুৰ লোকসভা সমষ্টিত মুঠ ভোটদানৰ সংখ্যা হৈছে ১২,০৫,৩৩১টা৷ কিন্তু ভোট গণনাত ইভিএমত ওলাল ১২,০৩,৫৬২টা ভোট৷ লখিমপুৰ সমষ্টিতো ভোটদানতকৈ ই ভি এমত ১,৭৬৯টা ভোট কমকৈ ওলালে৷ ডিব্ৰুগড় সমষ্টিতো নিৰ্বাচন আয়োগৰ তথ্য মতে মুঠ ভোটদান হৈছিল ১২,৭৩,৭৪৪টা৷ বিপৰীতে ভোটগণনাত ই ভি এমত ওলাল ১২,৭৩,৭২৭টা ভোট৷ ই ভি এমত ১৭টা ভোট কমকৈ ওলাল৷ আনহাতে যোৰহাট লোকসভা সমষ্টিত ভোট প্ৰদান কৰিছিল ১৩,৭৯,৭৪৯জন ভোটাৰে৷ কিন্তু ভোট গণনাত ই ভি এমত ওলাল ১৩,৭৭,০০৩টা ভোট৷ অৰ্থাৎ যোৰহাট সমষ্টিতো ই ভি এমত ২,৭৪৬টা কম ভোট ওলাল৷ একেদৰে দৰং-ওদালগুৰি সমষ্টিত মুঠ ভোটদানৰ সংখ্যা হৈছে ১৮,ৰৰ,৭৬৪টা৷ বিপৰীতে গণনাত ই ভি এমত ওলাল ১৮,০৪,১৯৪টা ভোট৷ এই সমষ্টিতো সৰ্বাধিক ৭৫৭০ টা ভোট কমকৈ ওলাইছে৷ ডিফু লোকসভা সমষ্টিত মুঠ ভোট প্ৰদান কৰিছিল ৬,৮২,৪৪১জন ভোটাৰে৷ কিন্তু ভোট গণনাত ই ভি এমত ওলাল ৬,৭৮,২৮৮টা ভোট৷ অৰ্থাৎ ডিফু সমষ্টিতো ই ভি এমত ৪,১৫৩টা ভোট কমকৈ ওলাল৷ ইফালে শিলচৰ সমষ্টিত মুঠ ভোট হৈছিল ১০,৮২,৬১৬টা৷ ভোট গণনাত ই ভি এমত ১০,৮২,৬১২টা ভোট পোৱা গৈছিল৷ অৰ্থাৎ ই ভি এমত এই সমষ্টিতো ৪ টা ভোট কমকৈ ওলালে৷ নগাঁও লোকসভা সমষ্টিত মুঠ ভোট প্ৰদান হৈছিল ১৫,৪৪,০৮১টা৷ বিপৰীতে ভোটগণনাত ই ভি এমত ওলালে ১৫,৪৪,১২৬টা ভোট৷ নগাঁও সমষ্টিত ৪৫ টা অতিৰিক্ত ভোট ওলালে ই ভি এমত৷ একেদৰে কোক্‌ৰাঝাৰ লোকসভা সমষ্টিত ই ভি এমত মুঠ ১২,৪০,৩০৬টা ভোট গ্ৰহণ হোৱাৰ বিপৰীতে ই ভি এম গণনাত ওলাইছিল ১২,২৯,৫৪৬টা ভোট৷ অৰ্থাৎ কোকৰাঝাৰ সমষ্টিত সৰ্বাধিক ১০,৭৬০টা ভোট কমকৈ ওলালে ই ভি এমত৷ ধুবুৰী লোকসভা সমষ্টিত ইভিএমত মুঠ ২৪,৫০,০৪১টা ভোট প্ৰদান হোৱাৰ বিপৰীতে ফলাফলত ভোট গণনাত ই ভি এমত ওলালে ২৪,৪৫,৬৮৩টা ভোট৷ অৰ্থাৎ সমষ্টিটোত ৪,৩৫৮টা ভোট কমকৈ ওলাল ই ভি এম৷ ইফালে, বৰপেটা সমষ্টিত মুঠ ভোট দানৰ সংখ্যা আছিল ১৬,৭৬,৬৩৩টা ভোট৷ ভোট গণনাত এই সমষ্টিটোৰ ই ভি এমত ওলাইছিল ১৬,৭৫,২২৯টা ভোট৷ সমষ্টিটোত মুঠ ১,৪০৪টা ভোট কমকৈ ওলাইছিল ই ভি এমত৷ নিৰ্বাচন আয়োগৰ ৱেবচাইটৰ তথ্য মতে গুৱাহাটী লোকসভা সমষ্টিত ই ভি এমত ভোট গ্ৰহণ হৈছিল ১৫,৯৬,৬৬৪টা৷ কিন্তু ভোট গণনাত ই ভি এমত ওলাইছিল ১৫,৯৪,৬৯৯টা ভোট৷ গুৱাহাটী লোকসভা সমষ্টিতো ১,৯৬৫টা ভোট ই ভি এমত কমকৈ ওলালে৷