Logo
image

নিজৰ দাবীত অটল নাইডু অধ্যক্ষ নিৰ্বাচনত জটিলতা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ জুন :  লোকসভাৰ অধ্যক্ষ পদৰ দাবীত  এতিয়াও অবিচল এন চন্দ্ৰবাবু নাইডু৷ কিন্তু বিজেপিৰ এইবাৰ হাত এৰি হেতালি খেলাৰ সামান্যতম ইচ্ছাও নাই৷ অন্ততঃ ১৯৯৯ চনৰ বাজপেয়ী চৰকাৰৰ এটা ভোটত পতন ঘটাৰ বিষময় স্মৃতি সুঁৱৰি অতি সাৱধানী হৈ পৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি আৰু সেই কাৰণতে দেওবাৰে গঠন হোৱা এনডিএ-ৰ মৰ্চা চৰকাৰত আৰম্ভনিতে জোকৰণিৰ সৃষ্টি হৈছে৷ প্ৰসংগতঃ,১৯৯৯ চনত যেতিয়া আস্থাভোটত ২৬৯-২৭০ ভোটৰ ব্যৱধানত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ পতন ঘটিছিল, তেতিয়া লোকসভাৰ অধ্যক্ষ আছিল তেলুগু দেশম দলৰ জিএমচি বালাযোগী৷ বালাযোগীয়ে বিৰোধী দলৰ হৈ অধ্যক্ষৰ নিৰ্ণায়ক ভোটদান কৰা নাছিল৷ কিন্তু ওড়িশাৰ মুখ্যমন্ত্ৰী হিচাপে ইতিপূৰ্বে শপতগ্ৰহণ কৰা আৰু তেতিয়ালৈকে সাংসদ পদ এৰি নিদিয়া কংগ্ৰেছ নেতা গিৰিধৰ গামাঙক আস্থাৰ ভোটত ভাগ লবলৈ বালাযোগীয়ে অনুমতি প্ৰদানৰ ফলতে বাজপেয়ী চৰকাৰ পতন ঘটে৷ গামাঙক অধ্যক্ষ বালাযোগীয়ে ভোটদানৰ অনুমতি প্ৰদানক লৈ চৰম বিতৰ্কৰ সূত্ৰপাত ঘটিছিল৷ সেই ঘটনা পাহৰিব নোৱাৰা বিজেপিয়ে সেয়ে এইবাৰ অধ্যক্ষ পদ কোনো সহযোগী দলক এৰি দিবলৈ ৰাজী নহয়৷ এইবাৰ মোদী মন্ত্ৰীসভাত আনহাতে মাথোঁ দুজন মন্ত্ৰী লাভ কৰা চন্দ্ৰবাবু নাইডুও অধ্যক্ষৰ দাবীত অবিচল হৈ আছে৷ ইয়াৰ বিপৰীতে বিজেপিয়ে অধ্যক্ষ পদৰ বাবে আগবঢ়াইছে চন্দ্ৰবাবু নাইডুৰ খুলখালিয়েক ডি পুৰন্দেশ্বৰীক৷ সাংসদ হিচাপে নিৰ্বাচিত পুৰন্দেশ্বৰী অন্ধ্ৰ প্ৰদেশ বিজেপিৰ সভানেত্ৰী৷ পুৰন্দেশ্বৰী হৈছে চন্দ্ৰবাবু নাইডুৰ  শহুৰেক এন টি ৰামাৰাওৰ কন্যা৷ এনটিআৰৰ পৰা বলপূৰ্বক তেলুগু দেশম দলৰ ক্ষমতা দক্ষল কৰা চন্দ্ৰবাবু নাইডুৰ সৈতে আছে পুৰন্দেশ্বৰীৰ চৰম পাৰিবাৰিক আৰু ৰাজনৈতিক শত্ৰুতা  ৷ সেয়ে চন্দ্ৰবাবু নাইডুৰ বাবে বিজেপিৰ এই তুৰুপৰ তাছে তেনে কোনো ক্ৰিয়া নকৰে৷ অন্ততঃ এটা বিষয়ত তেওঁ নিশ্চিত, তেলুগু দেশমক বঞ্চিত কৰি ৰাখিলে একক সংখ্যাগৰিষ্ঠতা নথকা বিজেপিৰ এই চৰকাৰ দীৰ্ঘদিন নিটিকে৷ চৰকাৰ পৰিচালনা কৰিবলৈ হ’লে বিজেপিক তেলুগু দেশমৰ ১৬সাংসদৰ সমৰ্থন অপৰিহাৰ্য৷ উল্লেখ্য, কেৱল লোকসভাৰ অধ্যক্ষ পদ বিচাৰিয়েই ক্ষান্ত থকা নাই চন্দ্ৰবাবু নাইডু৷ তেওঁ এনডিএৰ আহ্বায়কৰ পদো বিচাৰিছে৷ চৰকাৰ ৰক্ষাৰ বাবে এতিয়া বল বিজেপিৰ কৰ্টত৷ কেনেকৈ তেওঁলোকে সেই বল খেলে তাৰ ওপৰতে নিৰ্ভৰ কৰিছে মোদীৰ মৰ্চা চৰকাৰৰ ভৱিষ্যৎ৷

 আনহাতে  অজিত পাৱাৰ আৰু একনাথ সিন্দে এতিয়াও অসন্তুষ্ট হৈয়েই আছে৷ নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ মন্ত্ৰিত্ব বিতৰণক লৈ অসন্তুষ্টি অব্যাহত আছে মহাৰাষ্ট্ৰত৷ খণ্ডিত শিৱসেনা আৰু বিভাজিত এনচিপিৰ সৈতে মিত্ৰতা আছিল বিজেপিৰ৷ প্ৰকৃততে বিজেপিৰ প্ৰৰোচনা আৰু সহায়তে একনাথ সিন্দেই থাকৰে পৰিয়ালৰ দল শিৱসেনা ভাঙিছিল আৰু বিজেপিৰ সমৰ্থনত মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিছিল৷ লোকসভা নিৰ্বাচনত এনডিএৰ অংশীদাৰ হিচাপে ভাল ফলাফল কৰিও মোদী মন্ত্ৰীসভাত সঠিক প্ৰতিনিধিত্বৰ পৰা বঞ্চিত হোৱা বুলি কৈছে শিৱসেনাৰ সিন্দে গোটে৷ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ১৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৭ খন আসনত বিজয়ী হৈছিল সিন্দে গোট৷ আনহাতে ২৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৯ খন আসনতে সন্তুষ্ট আছিল বিজেপি৷ তথাপি সিন্দে গোটৰ কোনো সাংসদকে কেবিনেট মন্ত্ৰীপদ দিয়া নহ’ল৷ দলৰ মুখ্য সচেতক শ্ৰীৰাং বাৰ্নেই দলৰ অসন্তুষ্টি প্ৰকাশ কৰি সোমবাৰে কৈছিল  –‘এনডিএৰ সহযোগী দলৰ ভিতৰত ভাল ফল দেখুৱাইও শিৱসেনাই কেবিনেট মন্ত্ৰিত্ব নাপালে৷ আমাক স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ এটা পদ দিছে৷ ছিৰাগ পাছোৱানৰ ৫ জন সাংসদ আছে, জিতনৰাম মাঝিৰ এজন আৰু এইছ ডি কুমাৰাস্বামীৰ দুজন৷ তথাপি তেওঁলোকে কেবিনেট দপ্তৰ পাইছে৷ আমাৰ ৭ খন আসন থাকিও পাইছো ৰাজ্যিক মন্ত্ৰীৰ পদ৷ আমি দৰদাম কৰা নাই৷ কিন্তু আমাৰ কেবিনেট দপ্তৰ প্ৰাপ্য আছিল৷ অথচ দিয়া নহ’ল৷ সেই লৈ অসন্তুষ্টি আছে৷’ আনহাতে অজিত পাৱাৰৰ এনচিপি গোটক এটা ৰাজ্যিক মন্ত্ৰীৰ পদ দিয়া হৈছিল যদিও দলটোৱে সেই পদ গ্ৰহণ নকৰিলে৷ দলৰ আগশাৰীৰ নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰফুল পেটেলে ৰাজ্যিক মন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ অমান্তি হয়৷ তেওঁ কয় যে, পূৰ্বে তেওঁ কেবিনেট মন্ত্ৰীৰ পদ চম্ভালিছিল, এতিয়া পদমৰ্যাদা হ্ৰাস কৰি ৰাজ্যিক মন্ত্ৰী নহয়৷ এনে পৰিস্থিতিত দলনেতা অজিত পাৱাৰে ধৈৰ্য ধৰি অপেক্ষা কৰিব বুলি মন্তব্য কৰিলেও মন্ত্ৰিত্বক লৈ এনডিএৰ সহযোগী দলৰ অসন্তুষ্টি আৰম্ভণিতে প্ৰকট হৈ পৰিছে৷ এই ক্ষেত্ৰত অজিত পাৱাৰ পুনৰ শাৰদ পাৱাৰৰ ওচৰলৈ উভতি যাব পাৰে বুলি প্ৰবল চৰ্চা হৈছে৷ অৱশ্যে শিৱসেনা ভাঙি ওলাই অহা একনাথ সিন্দেৰ ওচৰত তেনে বিকল্প নাই৷ সেয়া ভালদৰে জনা বিজেপিয়ে সেয়ে এটা ৰাজ্যিক মন্ত্ৰিত্ব দিয়েই সিন্দেগোটক আভূৱা ভাৰিছে৷ এনে পৰিস্থিতি সত্বেও এই দুই মিত্ৰদলৰ অসন্তুষ্টি শেষ হোৱা নাই৷ এনডিএৰ নেতৃস্থানীয় দল বিজেপিয়ে কেনেদৰে সিন্দে আৰু অজিত পাৱাৰক চম্ভালে সেয়া এই মুহূৰ্তত লক্ষ্যণীয় হৈ পৰিছে৷