Logo
image

নাম-ব্ৰহ্মাস্ত্ৰ! অৰুণাচলৰ ‘প্ৰত্যুত্তৰ’ তিব্বত সীমান্তত দিলে ভাৰতে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ জুন: এইবাৰ শেনৰ এজাত৷ শত্ৰুভাৱাপন্ন প্ৰতিবেশী ৰাষ্ট্ৰৰ প্ৰতি আগ্ৰাসী পদক্ষেপেৰে বৈদেশিক পৰিক্ৰমা আৰম্ভ কৰিছে মোদী ৩.০ চৰকাৰে৷ নিৰ্বাচনৰ আগে-পিছে এইবাৰ বিজেপিয়ে পাকিস্তানৰ প্ৰতি কোনো শত্ৰুতা প্ৰদৰ্শন নকৰিলে আৰু সি বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন নকৰাৰ অন্যতম কাৰক হৈ পৰা বুলি চিহ্নিত কৰিছে ৰাজনৈতিক বিশ্লেষকে৷ আনহাতে চীনৰ যিকোনো আগ্ৰাসনৰ ক্ষেত্ৰত ভাৰত সদায়েই নীৰৱ৷ মাথোঁ একোটা নিয়মিত বিবৃতিৰে আনুষ্ঠানিক বিৰোধিতা কৰিয়েই ক্ষান্ত থাকে বিজেপি নেতৃত্বাধীন মোদী চৰকাৰ৷ পিছে এইবাৰ চীনৰ বিৰুদ্ধে আৰম্ভণিতে আগ্ৰাসী ৰূপ প্ৰদৰ্শন কৰিছে মোদী চৰকাৰে৷ দেওবাৰে শপতগ্ৰহণ কৰি সোমবাৰে দপ্তৰ বিতৰণ কৰা মোদী চৰকাৰে চীনৰ বিৰুদ্ধে চৰকাৰৰ প্ৰথম দিনটোতে ‘নামৰ ব্ৰহ্মাস্ত্ৰ’ এৰিছে৷ চীনে পূৰ্বে একাধিকবাৰ কৰাৰ দৰে ভাৰতে এইবাৰ অৰুণাচল প্ৰদেশৰ সীমাত থকা, চীনে বলপূৰ্বক দখল কৰি লোৱা তিব্বতৰ ৩০ খন স্থানৰ নাম নতুনকৈ প্ৰদান কৰিছে৷ প্ৰসংগতঃ, চীনে অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থান, পৰ্বত শৃংগ, নদীৰ নাম কমেও চাৰিবাৰ নিজৰ মতে নামকৰণ কৰিছিল৷ তাৰে উচিত ‘জৱাব’ দি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমান্তৰালকৈ অৰুণাচল সীমান্তত থকা তিব্বতৰ ৩০টা স্থানৰ নাম নতুন দিল্লীয়ে নিজৰ মতে নামকৰণ কৰিছে৷ এতিয়াৰ পৰা এল অ’ চি আৰু সংলগ্ন অঞ্চলৰ মানচিত্ৰত সেই নাম ব্যৱহাৰ কৰিব ভাৰতে৷ নতুন নাম ব্যৱহাৰ কৰিব ভাৰতীয় সেনায়ো৷

যোৱা এপ্ৰিলত চীনে অৰুণাচল প্ৰদেশৰ ৩০ টা স্থানৰ নতুন নামকৰণ কৰিছিল৷ অৰুণাচল প্ৰদেশৰ নাম দিছিল জাংমান৷ পূৰ্বে অৰুণাচল প্ৰদেশক চীনে দক্ষিণ তিব্বত বুলি উল্লেখ কৰিছিল৷ শেহতীয়া নামকৰণত চীনে যোৱা এপ্ৰিলত অৰুণাচল প্ৰদেশৰ ১১টা আবাসিক অঞ্চল, ১২টা পাহাৰ, ৪ খন নদী, এটা হ্ৰদ, এটা গিৰিপথ আৰু এটা উপত্যকাৰ নাম সলনি কৰিছিল৷ ভাৰতে তেতিয়া মৃদু আপত্তি কৰি ক্ষান্ত আছিল৷ ইয়াৰ পূৰ্বে ২০২৩ চনত ১১ খন, ২০২১ চন আৰু ২০১৭ চনত চীনে অৰুণাচল প্ৰদেশৰ একাধিক স্থানৰ নাম সলাইছিল৷ এইবাৰ ভাৰতে তিব্বতৰ নাম সলোৱাৰ পদক্ষেপক সেয়ে উচিত প্ৰত্যুত্তৰ বুলি চৰ্চা হৈছে৷ এয়া ভাৰতে চীনলৈ নিক্ষেপ কৰা ‘নাম ব্ৰহ্মাস্ত্ৰ’ বুলি সৰৱ চৰ্চা হৈছে৷