Logo
image

দৃষ্টিশক্তি ভালে ৰাখিবলৈ ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য খাওক

কামৰ হেঁচা বাঢ়িলে শৰীৰটোৰ লগতে চকুৰো ক্ষতি হ’বলৈ আৰম্ভ কৰে৷ বিশেষকৈ পঞ্চাশ বছৰ অতিক্ৰম কৰাৰ পাছত লাহে লাহে চকুৰ জ্যোতি কমিবলৈ আৰম্ভ কৰে৷ ক্ৰমাৎ দুৰ্বল হ’বলৈ ধৰে দৃষ্টিশক্তি৷ আজি কালি কাৰ্যালয়ত দিনৰ দিনটো কম্পিউটাৰ অথবা লেপটপৰ সন্মুখত কটাবলগীয়া হয়৷ ঘৰলৈ আহিও মোবাইল ফোন অথবা টিভিটোত ব্যস্ত হৈ থাকিবলগীয়া হয়৷ তদুপৰি কামৰ মাজে মাজে ছ’চিয়েল মিডিয়াত চকু ফুৰোৱা অভ্যাসটোতো আছেই৷ এনে অভ্যাসেও চকুহালক কষ্ট দিয়ে৷ অযত্ন আৰু অৱহেলাৰ বাবেও কম বয়সৰ পৰাই বহুতে চকুৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰে৷ বয়স বঢ়াৰ লগে লগে এই সমস্যা বেছি হয়৷ ফলত চশমাৰ ব্যৱহাৰ অবিহনে গত্যন্তৰ নাথাকে৷ পিছে চশমা ব্যৱহাৰ কৰিও বহুতে স্পষ্টভাৱে নেদেখে৷ বিশেষকৈ পঞ্চাশ বছৰ বয়স পাৰ হোৱাৰ পাছৰে পৰা এনে সমস্যা আৰম্ভ হয়৷ কিন্তু কিছুমান খাদ্য যদি নিয়ম অনুসৰি খাব পৰা যায় তেন্তে পঞ্চাশ বছৰৰ পাছতো দৃষ্টিশক্তি ভালে থাকে৷ উল্লেখ কৰা হ’ল তেনে কেইবিধমান খাদ্য–

- ওমেগা ফেটি এচিদ : চকু ভালে ৰাখিবলৈ ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য অতি কাৰ্যকৰী৷ বিভিন্ন সামুদ্ৰিক মাছৰ পৰা ওমেগা-৩ ফেটি এচিদ পোৱা যায়৷ ভাৰতত সহজতে পোৱা ওমেগা-৩ ফেটি এচিদযুক্ত সামুদ্ৰিক মাছসমূহ হৈছে ছাৰ্ডিন, ছেমন অথবা টুনা মাছ৷ এইবোৰ মাছৰ তেল চকুৰ বাবেও উপকাৰী৷

- গাজৰ : গাজৰ চকুৰ বাবে উপকাৰী৷ গাজৰত থকা বিটা কেৰ’টিন বা ভিটামিন এ চকুৰ উপকাৰ কৰে৷ নিয়মিত গাজৰ খালে চকুত সংক্ৰমণৰ আশংকা হ্ৰাস পায়৷ গাজৰত থকা ভিটামিন এ-ই চকুৰ মণি ভালে ৰখাত সহায় কৰে৷

- ভিটামিন ‘চি’ : চকুৰ যত্ন ল’বলৈ ভিটামিন-এৰ লগতে ভিটামিন ‘চি’ৰো প্ৰয়োজন৷ ভিটামিন চিৰ আটাইতকৈ উৎকৃষ্ট উৎস হৈছে নেমু৷ সেয়ে দৃষ্টিশক্তি অটুট ৰাখিবলৈ নিতৌ নেমু খাওক৷

- দুগ্ধজাত খাদ্য : গাখীৰৰ লগতে সকলোবোৰ দুগ্ধজাত খাদ্যই চকুৰ উপকাৰ কৰে৷ গাখীৰ বা দৈত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু জিংক থাকে৷ এই দুবিধ উপাদানে চকুৰ যতন লোৱাত সহায় কৰে৷ গাখীৰ খালে যিসকলৰ এলাৰ্জিৰ সমস্যাই দেখা দিয়ে তেওঁলোকে কাঠবাদামৰ পৰা পোৱা গাখীৰ খোৱা কৰিব পাৰে৷