Logo
image

দৈনিক ৪০ লাখ লোকক ৭ লাখ লিটাৰ সুৰা পান কৰোৱাৰ চৰকাৰী ব্যৱস্থা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ জুনঃ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে চৰকাৰে প্ৰতিমাহেই লৈছে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ষ্টক নিলাম কৰি ঋণ লৈ এতিয়া দিছপুৰে ৰাজকোষ ‘শুৱনি’ কৰিবলগীয়া হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ঋণৰ পৰিমাণে ডেৰ লাখ কোটি টকাৰ অতিক্ৰম কৰিছে৷ কিন্তু এই ৰাজহ ঘাটি জোৰা মৰাৰ বাবে বিগত ৮ মাহত আবকাৰী বিভাগে দুবাৰকৈ বৃদ্ধি কৰিলে সুৰাৰ দাম৷ মদৰ দাম বৃদ্ধি কৰি বাৰ্ষিক ৫ হাজাৰ কোটি আবকাৰী ৰাজহ সংগ্ৰহৰ পৰিকল্পনা কৰিছিল যদিও সেই আশাত যেন চেঁচাপানী ঢালিছে সুৰাপায়ীয়ে৷ ফলত সুৰাৰ দাম বৃদ্ধিৰ পাছতো দিছপুৰে আশানুৰূপভাৱে আবকাৰী ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই৷ 

ইয়াৰ মূল কাৰণ হৈছে ৰাজ্যৰ সুৰাপায়ীয়ে এই মুহূৰ্তত নিয়মীয়া মদ্যপানৰ পৰিমাণ কমাই আনিছে৷ বিভিন্ন কাৰণত সুৰাপায়ীয়ে মদ্যপান হ্ৰাস কৰাত শংকিত হৈ পৰিছে আবকাৰী বিভাগৰ বৰমূৰীয়াৰ লগতে দিছপুৰো৷ সুৰাপান কমি গ’লে ৰাজহ হেৰুওৱাৰ ভয়ত এতিয়া ৰাজ্যৰ ৪০ লাখ লোকক নিয়মীয়া সুৰাপায়ী হিচাপে আসক্ত কৰি তোলাৰ পৰিকল্পনা কৰিছে চৰকাৰে৷ ৰাজকোষলৈ ৰাজহ অহাৰ পৰিকল্পনাৰে এই ৪০ লাখ লোকক দৈনিক ৭ লাখতকৈ অধিক সুৰা পান কৰোৱাৰ বাবে লক্ষ্য বান্ধি দিছে আবকাৰী বিভাগে৷ অৰ্থাৎ সুৰা ব্যৱসায়ীসকলক এতিয়া দৈনিক গড়ে ৭ লাখ লিটাৰকৈ সুৰা বিক্ৰীৰ নিৰ্দেশ দিছে৷ শুনিলে আচৰিত যেন লাগিলেও চৰকাৰৰ এই পৰিকল্পনা আবকাৰী আয়ুক্ত জিতু দলেৰ শেহতীয়া এটা নিৰ্দেশনাত প্ৰকাশ পাইছে৷ 


বিগত ২০২৩-২৪ বৰ্ষত সুৰা বিক্ৰী হ্ৰাস পোৱাত ৰাজহ সংগ্ৰহৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত নোহোৱাত চলিত বিত্তীয় বৰ্ষত আবকাৰী আয়ুক্ত জিতু দলে আৰু উপ-আয়ুক্ত প্ৰাঞ্জল বৰাৰ মন্ত্ৰণাত চৰকাৰে প্ৰতিখন সুৰা বিপণীক সুৰা বিক্ৰী বৃদ্ধিৰ টাৰ্গেট বান্ধি দিছে৷ আবকাৰী আয়ুক্তালয়ৰ এই নিৰ্দেশমতে জিলা আবকাৰী অধীক্ষকে প্ৰতিখন ৱাইন শ্বপ আৰু বাৰৰ মালিকক নিৰ্ধাৰিত সুৰা প্ৰতিষ্ঠানত মজুত ৰাখি বিক্ৰী বৃদ্ধিৰ জৰুৰী নিৰ্দেশ দিছে৷ আয়ুক্তালয়ৰ নিৰ্দেশ অনুসৰি বিগত বৰ্ষত ৰাজ্যত ১৩.২৪ কোটি লিটাৰ বিলাতী সুৰা বিক্ৰী হৈছিল যদিও এইবাৰ বিলাতী সুৰাৰ বিক্ৰী ১৬.১৮ কোটি লিটাৰলৈ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে৷ একেদৰে বিগত বৰ্ষত বিক্ৰী হোৱা ৮.২০ কোটি লিটাৰ বীয়েৰৰ বিপৰীতে এইবাৰ বীয়েৰৰ বিক্ৰী ৯.৪৭ কোটি লিটাৰলৈ বৃদ্ধি নিৰ্দেশ দিয়া হৈছে৷ বিলাতী সুৰা আৰু বীয়েৰৰ সমান্তৰালভাৱে গাঁৱে-ভূঞে দেশীয় সুৰাৰ বিক্ৰীৰ পৰিমাণো চলিত বিত্তীয় বৰ্ষত ২.৪২ কোটি লিটাৰলৈ বৃদ্ধিৰ নিৰ্দেশ দিছে৷ আবকাৰী বিভাগে বান্ধি দিয়া টাৰ্গেট অনুসৰি চলিত বৰ্ষত ৰাজ্যৰ ১,৬৮৪খন ৱাইন শ্বপ, ৮৯৬খন বাৰ আৰু ৪৮৬খন দেশীয় সুৰাৰ বিপণীয়ে বিক্ৰী কৰিব লাগিব সৰ্বমুঠ ২৬.৪৮ কোটি লিটাৰ মদ৷ অৰ্থাৎ সেই হিচাপে প্ৰতিদিনে অসমত গড়ে সুৰা বিক্ৰী কৰিব লাগিব ৭.২৫ লাখ লিটাৰকৈ৷ যদিহে এজন ব্যক্তি তথা সুৰাপায়ীয়ে দৈনিক এটা কোৱাটাৰ অৰ্থাৎ ১৮০ মিলিলিটাৰকৈ সুৰাপান কৰে বুলি ধৰা হয়, তেনেহ’লে দৈনিক ৭.২৫ লাখ লিটাৰ মদ্যপান কৰিবলৈ প্ৰায় ৪০.৩০ লাখ জন ব্যক্তি লাগিব৷ এক কথাত আবকাৰী বিভাগে সুৰা বিক্ৰীৰ বৃদ্ধি কৰিবলৈ টাৰ্গেট বান্ধি দিয়াৰ আঁৰত চৰকাৰে যে কৌশলপূৰ্ণভাৱে ৰাজ্যৰ ৪০ লাখ লোকক নিয়মীয়া সুৰাপায়ী ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে সেয়া স্পষ্ট হৈ পৰিছে৷ 

লক্ষণীয় বিষয়টো হৈছে আবকাৰী আয়ুক্তই বিগত ৪ মে’ত সুৰা বিক্ৰীৰ বৃদ্ধিৰ বাবে টাৰ্গেট বান্ধি দিয়াৰ সন্দৰ্ভত গ্ৰহণ কৰা সৰ্বনাশী সিদ্ধান্তৰ সন্দৰ্ভত ‘আমাৰ অসম’ কাকতত সবিস্তাৰে প্ৰকাশ পাইছিল৷ কিন্তু সেই সময়ত আবকাৰী আয়ুক্ত জিতু দলেয়ে সুৰা বিক্ৰী বৃদ্ধিৰ লক্ষ্য বান্ধি দিয়াৰ কথা সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত অস্বীকাৰ কৰিছিল৷ কিন্তু আবকাৰী আয়ুক্তৰ নিৰ্দেশমৰ্মে লোকসভা নিৰ্বাচনৰ ভোটগণনা সম্পূৰ্ণ নৌহওঁতেই বিগত ৪ জুনত জিলা আবকাৰী অধীক্ষকসকলে প্ৰতিখন ৱাইন শ্ব’প আৰু বাৰৰ মালিকক সুৰাৰ বিক্ৰী বৃদ্ধিৰ জৰুৰী নিৰ্দেশৰ পত্ৰই কাৰ্যতঃ আয়ুক্ত জিতু দলেৰ মিথ্যাচাৰ পোহৰলৈ আহিল৷