Logo
image

২৬ জুনত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন!

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন কৰাৰ পাছত সমাগত ২৪ জুনৰ পৰা অষ্টদশ লোকসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হ’ব৷  নৱ নিৰ্বাচিত সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভা নিৰ্বাচনৰ অধিৱেশনৰ দিন ঘোষণা কৰিছে৷ বুধবাৰে মন্ত্ৰী ৰিজিজুৱে টুইটযোগে প্ৰকাশ কৰা অনুসৰি অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন ২৪ জুনৰ পৰা ৩ জুলাইলৈ অনুষ্ঠিত হ’ব৷ এই অধিৱেশনতে নৱ নিৰ্বাচিত সাংসদসকলে শপত গ্ৰহণ কৰিব৷ অধিৱেশনত লোকসভাৰ অধ্যক্ষ নিৰ্বাচন হোৱাৰ লগতে ৰাষ্ট্ৰপতিয়ে ভাষণ প্ৰদান কৰিব৷ অধিৱেশনত ২৬ জুনত লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে৷ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰীজনে ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশনৰো দিন ঘোষণা কৰিছে৷ সেই অনুসৰি ২৭ জুনৰ পৰাা  ৩  জুলাইলৈ অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ অধিৱেশন৷ ২৭ জুনত ৰাজ্যসভা আৰু লোকসভাৰ যৌথসভাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ভাষণ প্ৰদান কৰিব৷ উভয় সদনতে ৰাষ্ট্ৰপতি ভাষণৰ ধন্যবাদসূচক বক্তব্য ৰাখিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ লক্ষণীয়ভাৱে লোকসভাৰ অধ্যক্ষৰ আসনত এনডিএৰ সহযোগী দল টিডিপিৰ নৱ নিৰ্বাচিত সাংসদ কে ৰামমোহন নাইডুক নিযুক্তি দিয়াৰ বাবে বিজেপিক হেঁচা প্ৰয়োগ কৰিছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰবাবু নাইডুৱে৷