Logo
image

১৪ মাহ উন্নয়ন ৭ মাহ ৰাজনীতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুন : লোকসভাৰ নিৰ্বাচনৰ পাছত এইবাৰ পঞ্চায়ত আৰু বিধানসভাৰ নিৰ্বাচনক লক্ষ্য কৰি লৈছে বিজেপি দল আৰু চৰকাৰে৷ লোকসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি দলে অসমত আশানুৰূপ ফলাফল লাভ নকৰিলেও বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে যেন কঁকালত টঙালি বান্ধিব বিচাৰিছে গেৰুৱা দলটোৱে৷ সেয়ে ২০২৫ চনৰ আগষ্ট মাহলৈ ৰাজ্যৰ উন্নয়নমূলক কামত সৰ্বাধিক গুৰুত্ব দিব বিচাৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ অৰ্থাৎ আগন্তুক ১৪ মাহ কেৱল মাত্ৰ ৰাজ্যৰ উন্নয়নমূলক কামত নিজকে আত্মনিয়োগ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে৷ ২০২৬ চনৰ ১০ মে’ৰ পূৰ্বে অসমত যিহেতু নতুন চৰকাৰ গঠন হ’ব লাগিব সেয়ে শেষৰ ৭ মাহ অৰ্থাৎ ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে ৰাজনীতি কৰিব মুখ্যমন্ত্ৰী শৰ্মাই৷ ২০২৬ চনৰ নিৰ্বাচনত পুনৰ দিছপুৰ দখলৰ যেন এয়া ৰণকৌশলহে৷ উল্লেখ্য, চলিত বৰ্ষৰ নৱেম্বৰ মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে৷ পঞ্চায়ত নিৰ্বাচনতো অগপ আৰু বিজেপি দলে একেলগে যুঁজত নমাৰ ৰূপৰেখা প্ৰস্তুত কৰিছে যদিও মিত্ৰদল অগপই দাবী কৰা ধৰণে আসন এৰি দিবলৈ সাজু নহয় বিগ ব্ৰাডাৰ বিজেপি৷ পঞ্চায়তৰ প্ৰায় ৪০ শতাংশ আসন বিচাৰিছে অগপই৷ কিন্তু ইমানসংখ্যক আসন অগপক এৰি দিবলৈ ইচ্ছুক নহয় বাজপেয়ী ভৱন৷ পঞ্চায়ত নিৰ্বাচনক বিজেপি দলে ছেমি ফাইনেল হিচাপে ধৰি বিধানসভাৰ নিৰ্বাচনলৈ বুলি আগবাঢ়িব বিচাৰিছে৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আগন্তুক ১৪ মাহ কেৱল উন্নয়নমূলক কামতে আত্মনিয়োগ কৰি ভোটাৰৰ মন জয় কৰাৰ ৰণকৌশল গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– ’২৪ৰ বছৰটো মোক ৰাইজৰ হৈ কাম কৰিব দিয়ক৷ কংগ্ৰেছ-এজিপি-বিজেপি এইবিলাক কৰি থাকিলে কাম কৰিব নোৱাৰিম৷ ২০২৬ চনৰ পাছত কোন মুখ্যমন্ত্ৰী হয় পাছৰ কথা৷ কিন্তু ২০২৬ৰ আগলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কিবা এটা পৰিৱৰ্তন কৰিবলৈ ভগৱানে মোক দায়িত্ব দিছে৷ গতিকে এইকেইদিন মোৰ দায়িত্ব হৈছে উন্নয়নমূলক কাম কৰা৷ ৰাজনীতি কৰি থাকিলে ভাল কাম কেতিয়া কৰিম? অন্ততঃ ২০২৫ চনৰ আগষ্ট মাহলৈ মই কাম কৰিম৷ ২০২৫ চনৰ আগষ্ট মাহৰ পাছতহে ৰাজনীতি কৰিম৷’ ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ২০২৬ৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ৰণকৌশল৷ আনহাতে, পঞ্চায়ত নিৰ্বাচনৰ পাছৰে পৰা সমষ্টি দখলৰ অভিযান আৰম্ভ কৰিব গেৰুৱা দলটোৱে৷ সমষ্টিয়ে সমষ্টিয়ে যাব বিজেপি দলৰ নেতা আৰু দলৰ বিধায়কসকল৷ শীঘ্ৰে চূড়ান্ত হ’ব ইয়াৰ ৰূপৰেখা৷