Logo
image

জামু খোৱাৰ পাছত ভুলতো এইবিলাক নাখাব

গ্ৰীষ্মকালীন এবিধ পুষ্টিকৰ ফল হ’ল জামু৷ থলুৱাভাৱে উৎপাদিত এইবিধ ফল আন ফলৰ তুলনাত স্থায়িত্ব কম৷ ক’লা জামু কেলছিয়াম, ছডিয়াম, পটাছিয়াম আদি উপাদানৰ লগতে পুষ্টিকৰ গুণেৰে ভৰপুৰ৷ জামু খালে  ডায়েবেটিছ নিয়ন্ত্ৰণ হয় বুলি ইতিমধ্যে বিশেষ:সকলে প্ৰমাণ কৰিছে৷ জামুৰ দৰেই ইয়াৰ গুটিও ডায়েবেটিছ ৰোগীৰ বাবে অত্যন্ত উপকাৰী৷ গৰমৰ দিনকেইটাত ডায়েবেটিছত আক্ৰান্ত লোকে জামুৰ ওপৰত নিৰ্ভৰশীল হ’ব পাৰে৷ আয়ুৰ্বেদ শাস্ত্ৰমতে জামুৰ গুটি গুড়ি কৰি খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকে৷

* পুষ্টিগুণেৰে ভৰপুৰ এইবিধ ফলত পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, ছডিয়াম, ফচফৰাছ ইত্যাদি উপাদান পোৱা যায়৷ তেজ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত জামুৱে বিশেষভাৱে কাম কৰে৷ ই তেজত থকা দূষিত পদাৰ্থ শোষণ কৰি তেজ পৰিষ্কাৰ কৰে৷ তেজৰ প্ৰয়োজনীয় উপাদান হিমগ্ল’বিন আৰু আইৰণৰ মাত্ৰা বৃদ্ধি কৰাত জামুৱে বিশেষ কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ 

* জামুৰ গুটিত জাম্বুলিন নামৰ এবিধ যৌগ থাকে৷ এই যৌগবিধে  তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ আনহাতে জামুৰ গুটিত প্ৰোফাইলেকটিক নামৰ এটা উপাদান থাকে যি হাইপাৰগ্লাইছেমিয়া প্ৰতিৰোধত সহায় কৰে৷ 

* তদুপৰি জামুত থাকে এণ্টি অক্সিডেণ্ট৷ যিটো ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী৷ জামুৱে শৰীৰৰ ছাল সুস্থ কৰি ৰাখে৷ চকুৰ স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰতো জামুৰ ভূমিকা গুৰুত্বপূৰ্ণ৷

* উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ, হৃদৰোগৰ আশংকা কমোৱা, হাৰ্ট এটেক বা মানসিক চাপৰ আশংকা হ্ৰাস কৰাৰ ক্ষেত্ৰত  জামুৱে বিশেষভাৱে সহায় কৰে৷ এইবিধ ফলে কোষ্ঠ-কাঠিন্যৰ সমস্যাও দূৰ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷

* কিন্তু জামু খোৱাৰ ক্ষেত্ৰত এক সাৱধানতা গ্ৰহণ কৰা উচিত৷ নহ’লে শাৰীৰিক নানান সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ বিশেষকৈ খালী পেটত জামু খাব নালাগে৷ খালী পেটত জামু খালে গেষ্টিক, বদহজম হোৱাৰ আশংকা থাকে৷ চিকিৎসকে সতৰ্ক কৰি দিছে যে জামু খোৱাৰ পাছত গাখীৰ, পনীৰ, দৈকে ধৰি দুগ্ধজাত সামগ্ৰী খোৱাটো শৰীৰৰ কাৰণে বিপজ্জনক৷ জামু খোৱাৰ পাছত কেতিয়াও দুগ্ধজাত সামগ্ৰী খোৱাৰ পৰা বিৰত থকা ভাল৷