Logo
image

মুদ্ৰাস্ফীতি বাঢ়িছে দেশত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ জুনঃ নিৰ্বাচনৰ পাছতেই এতিয়া দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰৰ  তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে কাৰ্যতঃ মুদ্ৰাস্ফীতিৰ কৰাল গ্ৰাসত পৰিছে সমগ্ৰ দেশ৷ বিগত ১৪ মাহৰ ভিতৰত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বোচ্ছ স্তৰত উপনীত হৈছে৷ বিগত মে’ত পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতি ২.৬১ শতাংশ বৃদ্ধি পাইছে৷ অথচ বিগত এপ্ৰিলত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ আছিল ১.২৬ শতাংশ৷ সম্ভাব্য মুদ্ৰাস্ফীতি বৃদ্ধিৰ হাৰতকৈ দেশত অত্যাধিক হাৰত মুদ্ৰাস্ফীতি বৃদ্ধি পোৱাত জলা-কলা খাবলগীয়া হৈছে দেশৰ জনতাই৷ 


শুকুৰবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে ৰাজহুৱা কৰা প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ বিগত মে’ মাহত ইন্ধন, বিদ্যুৎ, কেঁচা সামগ্ৰী, পেকেজড খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেই পাইকাৰী মূল্য অভাৱনীয় হাৰত বৃদ্ধি পোৱা বুলি চৰ্চা চলিছে৷ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰণালয়ৰ প্ৰতিবেদন অনুসৰি এপ্ৰিল মাহত খাদ্য-সামগ্ৰীৰ মূল্য ৫.৫২ শতাংশৰ পৰা মে’ মাহত ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে৷ শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে উচ্ছ মুদ্ৰাস্ফীতিত বিশেষভাৱে অৰিহণা যোগাইছে৷ তথ্য অনুসৰি শাক-পাচলি মুদ্ৰাস্ফীতি বিগত এপ্ৰিল মাহত ২৩.৬ শতাংশৰ পৰা মে’ মাহত ৩২.৪২ শতাংশ বৃদ্ধি পাইছে৷ একেদৰে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ ভিতৰত মে’ মাহত পিয়াঁজৰ ৫৮.০৫ শতাংশ, আলুৰ ৬৪.০৫ শতাংশ আৰু দাইলৰ ২১.৯৫ শতাংশ পাইকাৰী মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে৷ 

অৱশ্যে গ্ৰাহক মূল্য সূচাংকৰ ভিত্তিত খুচুৰা মুদ্ৰাস্ফীতি এপ্ৰিল মাহত ৪.৮৩ শতাংশৰ পৰা মে’ মাহত ৩২.৪২ শতাংশলৈ হ্ৰাস পাইছে৷ ইয়াৰ বিপৰীতে খাদ্য-সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ এপ্ৰিল মাহত ৭.৭৪ শতাংশৰ পৰা মে’ মাহত ৯.৮২ শতাংশলৈ বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনখনত খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি, খাদ্য-সামগ্ৰী উৎপাদন, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবেই এই  মুদ্ৰাস্ফীতিত প্ৰভাৱ পৰিছে৷ স্বাভাৱিকতেই এতিয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনতে মূল্যবৃদ্ধি তথ্য মুদ্ৰাস্ফীতিৰ ভয়াৱহ ছবিখন উন্মোচন হোৱাৰ সৰ্বসাধাৰণ জনতাই মূল্যবৃদ্ধিৰ সৈতে কেনেদৰে সহাৱস্থান কৰিবলগীয়া হৈছে, সেয়া নক’লেও অনুমেয় হৈ পৰিছে৷ অৱশ্যে, বিৰোধীয়ে মুদ্ৰাস্ফীতিৰ বাবে বিজেপিকে জগৰীয়া কৰিছে৷ নিৰ্বাচনৰ পূৰ্বে ব্যৱসায়ীৰ পৰা ব্যাপক মাত্ৰাত চান্দা সংগ্ৰহ কৰাৰ বাবেই পাইকাৰী বজাৰত মুদ্ৰাস্ফীতি বৃদ্ধি পোৱা বুলি মোদী চৰকাৰক জবাবদিহি কৰিছে বিৰোধীয়ে৷