Logo
image

ফ’ৰলেনৰ বাবে কাটিলে ৬,৮৫২জোপা পূৰঠ গছ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুনঃ ৰাজ্য চৰকাৰে গছপুলি ৰুই বিশ্ব অভিলেখ কৰাৰ বিপৰীতে ৰাজ্যখনত ব্যাপক হাৰত প্ৰকৃতিৰ ধবংস যজ্ঞ অব্যাহত আছে৷ চৰকাৰী উদ্যোগতে উন্নয়নৰ নামত যধে মধে গছ কাটি প্ৰকৃতি ধবংস কৰা হৈছে৷ একেখন চৰকাৰেই উন্নয়নৰ গয়না লৈ ৰাজ্যখনত শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপক হাৰত গছ কটাক উদগনি যোগাই আছে৷ কেৱল যোৰহাট জিলাতে চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ নামত চৰকাৰী উদ্যোগত ৬,৮৫২ জোপা পূৰঠ গছ কাটি পেলোৱা হয়৷ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই তথ্য পোহৰলৈ আহিছে৷ 

প্ৰাপ্ত তথ্য মতে, জিলাখনৰ কাকডোঙা দলঙৰ পৰা জাঁজী নৈৰ দলঙলৈকে যোৰহাট জিলা বন-সংমণ্ডলৰ অধীনত মূল্যৱান শাল, চেগুন, গমাৰীৰ দৰে মূল্যবান গছৰ লগতে আম, কঁঠাল, জামু, শিমলু, পমা, চটিয়না, নীম, মজ, বৰ, জৰী, কৃষ্ণচূড়া, কৰছ, কদম, আজাৰ, মদাৰ, ৰেইন টী, ইউক্লিপটাছ আদিকে ধৰি মুঠ ৬,৮৫২ জোপা গছ কটা হয়৷ এই গছসমূহ বন বিভাগৰ ডিপুত আবণ্টনৰ যোগেদি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল যদিও চৰকাৰী নীতি-নিয়ম অনুসৰি কিমান এই গছ বিক্ৰী কৰা হ’ল আৰু কিমান ৰাজহ সংগ্ৰহ কৰা হ’ল, সেইয়া অজ্ঞাত৷ অৱশ্যে কটা গছসমূহৰ চৰকাৰী মূল্য ২৪,৭৩,৩৯৬ টকা বুলি বিভাগীয়ভাৱে তথ্য প্ৰদান কৰা হৈছে৷ সমগ্ৰ ৰাজ্যখনতে এইদৰে ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ নামত নিৰ্বিবাদে সেউজীয়া গছ-গছনি ধ্বংস কৰি থকা হৈছে৷ পথ সম্প্ৰসাৰণৰ নামত ধ্বংস কৰা এই গছ-গছনিসমূহৰ বিপৰীতে গছপুলি ৰোপণৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই৷ চাৰিলেনযুক্ত পথৰ দুই-এঠাইতহে ডিভাইডাৰৰ মাজত দুই এটা গছপুলিৰ বাবে পথৰ দাঁতি সেউজীয়া কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই৷


যিসমূহ স্থানত চাৰি-পাঁচ বছৰৰপূৰ্বেই চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰা হ’ল উক্ত স্থানতো বাটৰুৱাই জিৰণি ল’বলৈ ক’তো এজোপা গছ নাই৷ কেৱল চাৰিলেনযুক্ত পথেই নহয়, যোৰহাট নগৰৰ বৰপাত্ৰ আলি, কে বি ৰ’ড আদি সম্প্ৰসাৰণৰ নামতো বহু সংখ্যক গছ কাটি পেলোৱা হ’ল৷ এনেদৰে যধে মধে গছ কটা বাবেই ৰাজ্যখনত বছৰি উষ্ণতা বৃদ্ধি পোৱা বুলি ৰাইজে অনুভৱ কৰিছে৷ এই বছৰ মে’-জুন মাহতে অসহনীয় উত্তাপত সৰ্বসাধাৰণ দগ্ধ হৈছে৷ উল্লেখ্য, কেইবছৰ মানৰ পূৰ্বে যোৰহাটক নীম নগৰী কৰাৰ আঁচনি লোৱা হৈছিল৷ এই আঁচনিৰ অধীনত পথসমূহৰ দুয়ো কাষে নীম পুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছিল৷ কিন্তু এইয়া  শ্ল’গান হৈয়েই থাকিল৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰীভাৱে বহু সংখ্যক গছপুলি ৰোপণ কৰা হয় যদিও ইয়াৰে অধিকাংশৰে প্ৰতিপালনৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়৷ সম্প্ৰতি জলবায়ু পৰিৱৰ্তন এক আন্তঃৰাষ্ট্ৰীয় উদ্বেগৰ বিষয় হৈ পৰিছে যদিও অসম চৰকাৰ এই ক্ষেত্ৰত নিৰুদ্বেগ হৈ আছে৷ উল্লেখ্য, ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ উদ্যোগত একেদিনাই এক কোটি গছপুলি ৰুই গীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰা হৈছিল৷ সেইদিনা যোৰহাট জিলাতে চাৰি লাখৰো অধিক গছপুলি ৰোপণ কৰা হৈছিল৷ কিন্তু ইয়াৰ সিংহ ভাগ গছপুলিৰে এতিয়া অস্তিত্ব নাই৷ ৰাজকোষৰ প্ৰায় ৪০০ কোটি টকা ব্যয় কৰি গছপুলি ৰোপণৰ অভিলেখ সৃষ্টি কৰা চৰকাৰে এই পুলিসমূহ প্ৰতিপালন আৰু ৰক্ষণাবেক্ষণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ ইয়াৰ পৰিৱৰ্তে চৰকাৰে সমগ্ৰ ৰাজ্যতে গছ নিধন কৰি আছে৷ চৰকাৰৰ এনে অবিবেচক কাণ্ডৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চৰকাৰে অবিবেচকভাৱে গছ কটাৰ পৰিৱৰ্তে প্ৰকৃতি সুৰক্ষা আৰু সেউজ সৌন্দৰ্য অক্ষুণ্ণ ৰখাৰ বাবে দাবী উত্থাপিত হৈছে৷ উন্নয়নৰ বাবে কটা প্ৰতিজোপা গছৰ বিপৰীতে চৰকাৰী আৰু বেচৰকাৰী সকলো পক্ষই অন্ততঃ দুটাকৈ গছপুলি ৰোপণ কৰি ইয়াৰ প্ৰতিপালনেৰে প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ পৰিচয় দিবলৈও প্ৰকৃতিপ্ৰেমীসকলে আহ৩ান জনাইছে৷