Logo
image

মোদী-মেল’নিৰ ‘মেল’ডী’ সৰ্বত্ৰ ভাইৰেল

নতুন দিল্লী, ১৬ জুনঃ ইটালীত অনুষ্ঠিত ৫০ সংখ্যক জি শীৰ্ষ সন্মিলনত ভাগ লৈ দেশলৈ উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ উল্লেখ্য যে মোদীয়ে প্ৰযুক্তি সন্দৰ্ভত ভাৰতৰ ভৱিষ্যৎ পৰিকল্পনা কি সেয়া সন্মিলনক অৱগত কৰে৷ তদুপৰি সামাজিক বিভেদ ৰোধৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা কি হ’ব পাৰে, সেই বিষয়েও প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰে৷ সেইদৰে চাইবাৰ নিৰাপত্তা আজিৰ দিনত যে প্ৰতিখন দেশৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে সেয়াও তেওঁ নিজৰ ভাষণত দাঙি ধৰে৷ সন্মিলনৰ ‘আউটৰিছ ছেশ্বন’ত ভাষণ দি মোদীয়ে কয় যে সৃষ্টিৰ বাবেহে প্ৰযুক্তিৰ ব্যৱহাৰ হোৱা উচিত, ধবংসৰ বাবে নহয়৷ 

তদুপৰি তেওঁ কয় যে যি সমূহ দেশে ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ক লৈ নিজাববীয়া নীতি তৈয়াৰ কৰিছে তাৰ ভিতৰত ভাৰত অন্যতম৷ ভাৰতে এই ক্ষেত্ৰত আনকি চলিত বছৰৰ পৰা ‘এ আই ফ’ৰ অল’ নামেৰে এটা নিজাববীয়া মিছন আৰম্ভ কৰা বুলিও জনায়৷ তদুপৰি তেওঁ ‘এ আই’ অৰ্থাৎ ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ যাতে স্বচ্ছ আৰু নিৰাপদ হয়, তাৰ বাবে সকলো দেশক একতাৰে কাম কৰিবলৈ আহ৩ান জনায়৷ নিজৰ ভাষণ প্ৰসংগত মোদীয়ে ভাৰতৰ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে কেনেদৰে ভাৰতে দেশৰ বৃহৎ নিৰ্বাচনটোৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হ’ল সেই বিষয়েও বিশ্বৰ আগত দাঙি ধৰে৷ নিজ দলৰ বিজয়ক তেওঁ ঐতিহ্যাসিক বুলি উল্লেখ কৰি তৃতীয়বাৰৰ বাবে দেশসেৱা কৰিবলৈ সুযোগ দিয়াৰ বাবে ভাৰতবাসীক ধন্যবাদ জনায়৷


ইপিনে জি-৭ শীৰ্ষ সন্মিলনৰ পৰা প্ৰধানমন্ত্ৰী মোদী ভাৰতলৈ উভতি অহাৰ পাছতে বিশ্বজুৰি ভাইৰেল হৈ পৰিছে মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিৰ এখন বিশেষ ছেলফি৷ যিখন ছেলফিক নাম দিয়া হৈছে ‘মেল’ডী’ বুলি৷ পিছে কিয় ছেলফিখনৰ নাম কিয় মেল’ডী বুলি? একাংশই ইয়াৰ বাখ্যা আগবঢ়াইছে এইদৰে–‘সুৰৰ আক্ষৰিক ইংৰাজী শব্দ হৈছে ‘মেল’ডী’৷ পিছে এই বিশেষ ছেলফিখনত মোদী আৰু মেল’নিক লৈ মেল’ডীৰ সৃষ্টি হোৱা বুলি কোৱা হৈছে৷ আনহাতে মেল’নিয়ে মোদী আৰু তেওঁৰ যুগলবন্দী ছবিখন প’ষ্ট কৰোতেওঁ মেল’ডী বুলি ‘হেছটেগ’ত নিজেই উল্লেখ কৰিছে৷

উল্লেখ্য যে জি-৭ সন্মিলনৰ শেষত মোদী আৰু জৰ্জিয়া মেল’নিয়ে ‘ছেলফী’ লোৱাৰ লগতে ভিডিঅ’ ৰেকৰ্ডিং কৰে৷ ছেলফিখনত হাঁহিমুখে নিচেই কাষৰ পৰা দেখা গৈছে মোদী আৰু মেল’নিক৷ আনহাতে ভাইৰেল হোৱা ভিডিঅ’টোত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক ‘হেল্ল’ ফ্ৰম দ্য মেলোডি টীম’ বুলি কোৱা শুনা যায়৷ প্ৰধান মোদীয়েও জৰ্জিয়া মেল’নিৰ পোষ্টটোৰ উত্তৰ লিখে ‘লং লিভ্‌ ইণ্ডিয়া-ইটালী ফ্ৰেণ্ডশ্বিপ’৷ স্মৰ্তব্য যে ইয়াৰ পূৰ্বে যোৱা বছৰ প্ৰধানমন্ত্ৰী মোদী আৰু জৰ্জিয়া মেল’নিয়ে আন এক দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল৷ সেই সময়তো তেওঁলোক দুয়োই এখন ছেলফী পোষ্ট কৰিছিল৷ সেইবাৰ মেল’নিয়ে ছেলফীখনৰ কেপছনত ‘COP ২৮ দুই ভাল বন্ধু’ # মেল’ডী’ বুলি উল্লেখ কৰিছিল৷ ইয়াৰ পাছত এইবাৰ পুনৰ ভাইৰেল হ’ল মোদী-মেল’নিৰ নতুন ছেলফী৷