Logo
image

বিশ্বৰ প্ৰথম ‘মিছ এ আই’ সুন্দৰী প্ৰতিযোগিতা

বিশ্বৰ প্ৰথম কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন (এ আই) সুন্দৰী প্ৰতিযোগিতা আয়োজন কৰিছে সামাজিক যোগাযোগ মাধ্যম ‘ফেনভু’-এ৷ এই প্ৰতিযোগিতাত অংশ লওঁতে বিভিন্ন প্ৰযুক্তি প্ৰতিষ্ঠানত তৈয়াৰী আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সুন্দৰীসকলৰ নাম বাছনি কৰা হৈছে৷ এই প্ৰতিযোগিতাত অংশ লোৱা শ্ৰেষ্ঠ সুন্দৰী বাছনি কৰাৰ কাৰণে এ আইৰ চেহেৰা, আচৰণ, অনলাইন উপস্থিতি, ইমেজ আদি বিষয়বোৰ প্ৰাধান্য দিয়া হ’ব৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ এ আই সুন্দৰীক ২০ হাজাৰ মাৰ্কিন ডলাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব৷


ইতিমধ্যে ১৫০০ প্ৰতিযোগীয়ে আবেদন কৰিছে৷ ইয়াৰ মাজৰ পৰা ১০ গৰাকী এ আই সুন্দৰীক লৈ এখন সংক্ষিপ্ত তালিকা প্ৰস্তুত কৰা হৈছে৷ এই তালিকাৰ পৰা শীৰ্ষ তিনিগৰাকী এ আই সুন্দৰী নিৰ্বাচন কৰা হ’ব৷ এই তালিকাত আছে– কেনজা নাইলি, আলিয়া লু, অলিভিয়া চি, এন কাৰভি, জাৰা শতাভাৰী, আয়ানা ৰেইনবো, লালিনা, ছেৰেনা আই, আছেনা ইলিক আৰু এলিজা খানৰ নাম৷ তালিকাত বাংলাদেশৰ এ আই সুন্দৰী এলিজা খানো অন্তৰ্ভুক্ত হৈছে৷ মৰক্কোৰ কেনজা লাইনিৰ ছ’চিয়েল মিডিয়াত ১ লাখ ৯০ হাজাৰ অনুৰাগী আছে৷ জাৰা শতাভাৰী ভাৰতীয় এ আই সুন্দৰী৷