Logo
image

সাৱধানঃ আগন্তুক চাৰিদিনলৈ ৰাজ্যত অপৰিৱৰ্তিত হৈ থাকিব বতৰ!

'আমাৰ অসম'ৰ  মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৯ জুনঃ ৰিমাল নামৰ বিধ্বংসী সামুদ্ৰিক ধুমুহাৰ ফলত স্বাভাৱিক সময়তকৈ প্ৰায় এক সপ্তাহ পূৰ্বে  দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত ৩০ মে'ত  প্ৰৱেশ কৰিছিল। তাৰ পাছৰে পৰা বিগত প্ৰায় ১৯ দিন ধৰি উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো মাজে সময়ে বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু ঠাইবিশেষে মজলীয়াৰ পৰা গাজনি, ঢেৰেকনিৰ সৈতে ধাৰাসাৰ পৰিমাণৰ বৰষুণ হৈ আছে। 

ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি বংগোপ সাগৰত শেহতীয়াভাৱে সৃষ্টি হোৱা বতৰৰ কেতবোৰ পৰিঘটনাৰ বাবে পুনৰ আগন্তুক চাৰিদিনলৈ উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমৰ আকাশ বেছিভাগ ঠাইতে মেঘাছন্ন হৈ থকাৰ লগতে কম-বেছি পৰিমাণে বৰষুণ হৈ থাকিব৷ কেন্দ্ৰৰ তথ্য অনুসৰি বুধবাৰ সন্ধিয়া পৰ্যন্ত অসমৰ ভিতৰত নলবাৰী জিলাৰ টিহুত অভিলেখ পৰিমাণৰ ১৮০ মিলিমিটাৰ বা ১৮ ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। ইফালে ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত বিগত ২৪ ঘণ্টাত ধাৰাসাৰ পৰিমাণৰ বৰষুণ হৈ থকাত ভূটানৰ পৰা বৈ অহা মানাহ, বেকী, পাগলাদিয়া নৈৰ জলস্তৰ বৃদ্ধি পাইছে। আনকি বিগত কেইদিনত মেঘালয়ৰ জয়ন্তীয়া পাহাৰ জিলা আৰু ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণ হৈ থকা বাবে জয়ন্তীয়া পাহাৰ জিলাৰ পৰা ডিমা হাছাও জিলাৰ মাজেৰে বৈ অহা কপিলী নৈৰ পানী ফেনে ফেটেকাৰে ওফেন্দি  উঠিছে৷



ইতিমধ্যে কপিলী নৈৰ পানী নগাঁও জিলাৰ কামপুৰত বিপদ সীমা অতিক্ৰম কৰিছে। বুধবাৰে সন্ধিয়া কামপুৰত কপিলী নৈৰ জলস্তৰৰ পৰিমাণ আছিল ৬১.৬৫ মিটাৰ (বিপদসীমা ৬০.৫০ মিটাৰ)। তেনেদৰে  নলবাৰী জিলাকে ধৰি নামনি অসম, পশ্চিম অসম আৰু ভূটান পাহাৰৰ পাদদেশৰ বিটিএডিৰ সকলো জিলাতে ১০ৰ পৰা ১৭ ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ ছেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাসাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয়।

আনহাতে মৌচুমী বায়ুৰ প্ৰভাৱত  ৰাজ্যৰ সকলো ঠাইতে বিগত প্ৰায় ১৯ দিন ধৰি মাজে সময়ে বৰষুণ হৈ তাপমাত্ৰা স্বাভাৱিকতকৈ কিছু কমি গৈছে। ফলত ৰাইজে গৰমৰ পৰা বহুখিনি সকাহ লাভ কৰিছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে সদৰি কৰা অনুসৰি অহা বুধবাৰ পৰ্যন্ত মেঘালয়, অৰুণাচল প্ৰদেশ, ভূটানৰ সীমান্তৱৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত গাজনি, ঢেৰেকনি, ব্ৰজপাতৰ সৈতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে বুধবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বোচ্চ তাপমাত্রা আছিল এনে ধৰণৰ -  গুৱাহাটীত ২৫.৮ডিগ্ৰী চেলচিয়াছ, ডিব্ৰুগড়ত ২৬.৮  ডিগ্ৰী চেলচিয়াছ , তেজপুৰত ২৬.৭ ডিগ্ৰী চেলছিয়াছ , শিলচৰত ২৫.৪ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ২৫.৬ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ২৮.০ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ২৬.০ ডিগ্রী চেলছিয়াছ। উল্লেখ্য যে নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ বাবে অসমৰ বেছিভাগ ঠাইতে তাপমাত্ৰা স্বাভাৱিকতকৈ ৭ ডিগ্ৰী  চেলছিয়াছ পৰ্যন্ত কম হৈ আছে বিগত প্ৰায়  এটা সপ্তাহ ধৰি।  

আনহাতে  উত্তৰ- পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ১৯.২ ডিগ্রী চেলছিয়াছ। ইফালে মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মেঘালযত ধাৰাসাৰ বৰষুণ হৈ থকাত ৰাজ্যৰ এক বিস্তীৰ্ণ অঞ্চল দ্বিতীয়টো বানপানীৰ কৱলত পৰা পৰিলক্ষিত হৈছে। আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো কিছুদিন পূৰ্বে  জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰযোগে হোৱা এটা অনুষ্ঠানত সকলোকে সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ থকাৰ নিৰ্দেশ দিছে ।