Logo
image

কেইটামান সমীক্ষাৰ প্ৰয়োজন

এখন দেশৰ বা ৰাজ্যৰ শাসকীয় চৰকাৰৰ প্ৰতিটো সিদ্ধান্তৰ আঁৰত থাকে পৰিসংখ্যাৰ তথ্য৷ চৰকাৰৰ প্ৰতিখন আঁচনি ঘোষণাৰ পূৰ্বে মন্ত্ৰী বা বিষয়াৰ দ্বাৰা চলোৱা হয় পৰ্যালোচনা৷ তথ্য কিম্বা পৰিসংখ্যাৰ ভিত্তিত গ্ৰহণ কৰা আঁচনিৰ সুফল নিশ্চিতভাৱে লাভ কৰে সাধাৰণ নাগৰিকে৷ তথ্যৰ গণনা কৰা কামৰ বাবে প্ৰয়োজন হোৱা প্ৰচেষ্টা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সম্পাদন কৰে চৰকাৰে৷ ভাৰতত লোকপিয়লৰ কাম কৰিবলৈ আছে কেন্দ্ৰীয় লোকপিয়ল আয়োগ৷ ২০১১ চনত অন্তিমবাৰ ভাৰতৰ জনগণনা কৰা আয়োগৰ বাবে ২০২১ বৰ্ষত লোকপিয়ল কৰা সম্ভৱ নহ’ল ক’ভিডৰ কাৰণে৷ ক’ভিডৰ পাছত দেশৰ ভিতৰত কেইবাটাও নিৰ্বাচন অনুষ্ঠিত হ’ল যদিও আজিও নহ’ল লোকপিয়ল৷ কাৰ্যতঃ বৰ্তমান ভাৰতৰ জনসংখ্যা কিমান বুলিলে ২০১১ চনৰ সংখ্যাটোৱেই গ্ৰহণ কৰা হয়৷ অসমৰ ক্ষেত্ৰতো অনুৰূপ অৱস্থা, নাই জনসংখ্যাৰ সঠিক তথ্য৷

অসমৰ নিবনুৱা সমস্যাটো দিনক দিনে জটিল অৱস্থালৈ গতি কৰিছে৷ ৰাজ্য চৰকাৰৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰা নিবনুৱাৰ সংখ্যাটোকে আমি গ্ৰহণ কৰি কওঁ যে বৰ্তমান অসমত থকা নিবনুৱাৰ সংখ্যা ৩২ লাখ৷ প্ৰকৃততে নিয়োগ বিনিময় কেন্দ্ৰত সকলো নিবনুৱাই পঞ্জীয়ন কৰে জানো? ৰাজ্যত বহুতো শিক্ষিত নিবনুৱা আছে যিসকলে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন নকৰে নিজৰ নাম-ঠিকনা৷ চৰকাৰী চাকৰিৰ আশা নকৰি ঘৰতেই বহি থকা শিক্ষিত নিবনুৱাৰ প্ৰকৃত সংখ্যা কিমান বুলি নাথাকে একো উত্তৰ৷ সাম্প্ৰতিক সময়ত অসম চৰকাৰে ৰাজ্যৰ নিবনুৱাৰ প্ৰকৃত সংখ্যাৰ সন্ধান বিচাৰি এটা সমীক্ষা চলোৱা সমীচীন হ’ব বুলি ক’ব পাৰি৷ আশা কৰিব পাৰি যে নিবনুৱাৰ প্ৰকৃত তথ্যই ৰাজ্য চৰকাৰক সহায় কৰিব পাৰিব আঁচনিৰ পৰিকল্পনাত৷

ৰাজ্য চৰকাৰে সমাজৰ দৰিদ্ৰ নাগৰিকৰ কল্যাণৰ হেতু চলাই থকা অৰুণোদয় আঁচনি, খাদ্য সুৰক্ষা আঁচনিৰ হিতাধিকাৰীৰ আৰ্থিক স্থিতিৰ ওপৰত এক গণনা কৰা উচিত৷ প্ৰতিটো বৰ্ষতে হাজাৰ কোটি ৰাজকোষৰ ধন ব্যয় কৰি থকা উক্ত আঁচনিবোৰৰ হিতাধিকাৰীসকল প্ৰকৃততে চৰকাৰী ধন বা বিনামূলীয়া চাউল পোৱাৰ যোগ্যনে তাৰ এক সমীক্ষাৰ প্ৰয়োজন৷ দাৰিদ্ৰ্য সীমাৰেখাৰ তলত থকা বুলি দাবী কৰা বহু ব্যক্তি-পৰিয়ালৰ আছে আৰ্থিক সচ্চলতা৷ চৰকাৰী চাকৰি নকৰে অথচ ব্যৱসায় কৰে বা গোপনে টকা সুদত দি প্ৰতিমাহতে লাখৰ অধিক আয় কৰা ব্যক্তি-পৰিয়ালে অৰুণোদয় আঁচনিৰ ১,২৫০ টকাৰ সাহায্য পোৱাটো কিমান যুক্তিসংগত? প্ৰকৃততে অসমৰ নাগৰিকৰ আৰ্থিক স্থিতিৰ ওপৰত এটা গণনা দৰকাৰ৷ যিদৰে যোগ্য ব্যক্তি-পৰিয়ালে হিতাধিকাৰীৰ তালিকাত স্থান পোৱা উচিত, ঠিক সেইদৰে চক্ৰান্তৰে সুবিধা লোৱা ব্যক্তিৰ নাম কৰ্তন কৰাও দৰকাৰ৷

২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিমৰ্মে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ ঋণ ৰেহাই দিলে আত্মসহায়ক গোটৰ মহিলাক৷ ইতিমধ্যে ৰাজকোষৰ পৰা ঋণ ৰেহাইৰ নামত ওলাই যোৱা ২৫,০০০ কোটিৰ পুঁজি সোমালগৈ বিত্তীয় প্ৰতিষ্ঠানৰ ঘৰত৷ সত্যটো হৈছে, ঋণ ৰেহাইৰ সুবিধা পোৱা মহিলাসকলে ঋণৰ টকাৰ উচিত ব্যৱহাৰ কৰিছিল নে নাই তাৰ ওপৰত চলোৱা নহ’ল সমীক্ষা৷ বহুতো মহিলাই গোটৰ নামত লোৱা ঋণৰ টকাৰে পুত্ৰৰ বাবে এখন বাইক কিনা বা ম’বাইল ফোন কিনা কামত ব্যৱহাৰ কৰিছিল ঋণৰ টকা৷ বৰ্তমান চৰকাৰে ৰাজ্যৰ আত্মসহায়ক গোটসমূহৰ ওপৰত এটা সমীক্ষা চলোৱা সময়োপযোগী বুলি ক’ব পাৰি৷ কৰ্মস্পৃহা থকা মহিলাক অধিক ঋণৰ সুবিধা দিয়াটো চৰকাৰৰ দায়িত্ব৷

এখন চৰকাৰৰ স্থায়িত্ব হিতাধিকাৰীয়ে কেতিয়াও দিব নোৱাৰে৷ চৰকাৰৰ পৰা প্ৰতিটো মাহতে লাভ কৰা অৰুণোদয় আঁচনিৰ ধনে বা বিনামূলীয়া চাউলখিনিয়ে প্ৰকৃততে এক সাময়িক সকাহ দিয়ে নাগৰিকক৷ প্ৰাপ্তিৰ জখলাডালত বগাবলৈ সহায় কৰা চৰকাৰক স্থায়িত্বতাৰ সুযোগ দিয়ে নাগৰিকে৷ সেয়েহে আজি অসমত প্ৰয়োজন কেইটামান সমীক্ষাৰ৷