Logo
image

হিম’গ্ল’বিনৰ মাত্ৰা কমিলে এইবোৰ খাদ্য খাব পাৰে

ৰক্তহীনতাৰ সমস্যা বহুতৰে আছে৷ দেহত পৰ্যাপ্ত তেজৰ অভাৱ ঘটিলে শাৰীৰিক দুৰ্বলতা, ক্লান্তি ভাৱ আৰু শ্বাস কষ্টৰ দৰে উপসৰ্গই দেখা দিয়ে৷ বিশেষকৈ দেহত লোহিত ৰক্তকণিকাৰ মাত্ৰা যদি স্বাভাৱিকৰ তুলনাত কমি আহে, তেতিয়া হিম’গ্ল’বিনৰ ঘনত্ব কমিবলৈ ধৰে৷ ফলত তেজত অক্সিজেনৰ সৰবৰাহ হ্ৰাস পায়৷ পুৰুষৰ তুলনাত নাৰীৰ মাজত এই সমস্যা বেছি দেখা যায়৷ এনে ক্ষেত্ৰত নাৰীয়ে আইৰণসমৃদ্ধ খাদ্য খোৱাটো অতি জৰুৰী৷ তদুপৰি হিম’গ্ল’বিনৰ মাত্ৰা বৃদ্ধিত সহায় কৰা আন কেতবোৰ খাদ্য হৈছে–
(১) ভিটামিন চি সমৃদ্ধ খাদ্য যেনে নেমু, অমিতা, ষ্ট্ৰবেৰী, আঙুৰ আদি৷



(২) উৰহীৰ বীজ, বাদাম, কল আদি ভিটামিন বি-কমপ্লেক্স সমৃদ্ধ খাদ্য খালেও তেজত হিম’গ্ল’বিনৰ মাত্ৰা বাঢ়ে৷
(৩) আইৰণ, ফলিক এচিড আৰু ফাইবাৰ সমৃদ্ধ বীতৰ ৰসেও হিম’গ্ল’বিনৰ মাত্ৰা বঢ়ায়৷
(৪) কেলছিয়াম, আইৰণ আৰু শৰ্কৰাসমৃদ্ধ ডালিমেও তেজত হিম’গ্ল’বিনৰ মাত্ৰা বৃদ্ধি কৰে৷