Logo
image

'নীট' কেলেংকাৰিঃ চিবিআইৰ তদন্তৰ দাবী আছুৰ, অসমৰ শিক্ষামন্ত্ৰীকো ক্ষুৰধাৰ সমালোচনা

'আমাৰ অসম'ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি, ২০ জুনঃ দেশজুৰি বিতৰ্কৰ সৃষ্টি হোৱা 'নীট'ৰ কেলেংকাৰি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "নীট'ৰ সময়ত লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হ'ল। কোটি কোটি টকাৰ কেলেংকাৰি হ'ল। শেহতীয়াভাৱে নেট বাতিল কৰিলে। এনে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ গোপনীয়তা ৰক্ষা কৰাত এচাম অপদাৰ্থ বিষয়াৰ বাবে গোটেই শিক্ষা বিভাগটো ব্যৰ্থ হোৱা বাবে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হয়। পৰীক্ষা পৰিচালনা কৰাত চৰকাৰ ব্যৰ্থ হৈছে। পৰীক্ষাৰ নামত কেলেংকাৰি হৈছে। এইটো চূড়ান্ত লজ্জাজনক কথা। দেশৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান চূড়ান্তভাৱে ব্যৰ্থ হৈছে। ৰৌ-বৰালি বাদ দি পুঠি-খলিহনা ধৰি লাভ নাই। এনে ঘটনাত যিসকল জড়িত আছে, তেওঁলোকৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে ভৱিষ্যতে শিক্ষাৰ নামত বেপাৰ কৰিবলৈ কোনেও সুযোগ নাপায়। শিক্ষাৰ নামত কেলেংকাৰি কৰিবলৈ সুযোগ নাপায়। এই সমগ্ৰ ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি অনতিপলমে শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগে। এজন ব্যৰ্থ শিক্ষা মন্ত্ৰী। তেওঁ পৰীক্ষাই ভালদৰে পাতিব নোৱাৰে।" লগতে তেওঁ অসমৰ শিক্ষামন্ত্ৰীকো ক্ষুৰধাৰ সমালোচনা কৰে৷



নেট পৰীক্ষাৰ বিসংগতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সমগ্ৰ বিষয়টোৰ চিবিআইৰ তদন্তৰ দাবী জনায়। ছাত্ৰ নেতাজনে কয়, ''গুৰুত্বপূৰ্ণ নেট পৰীক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ নিৰূপণ কৰা হয়। এই পৰীক্ষা অনুষ্ঠিত কৰা এজেন্সিটোৱে পৰীক্ষাৰ বিসংগতিৰ বাবে পৰীক্ষা বাতিল কৰিব লগা হৈছে। ইয়াতকৈ লজ্জাজনক কথা একোৱেই হ'ব নোৱাৰে। ৰাজনৈতিক হস্তক্ষেপৰ বাবে এনেদৰে বেমেজালিৰ সৃষ্টি হৈছে নেকি? গতিকে সমগ্ৰ ঘটনাৰ উচিত তদন্ত হ'ব কলাগে। উচ্চতম ন্যায়ালয়ে প্ৰত্যক্ষভাৱে এইক্ষেত্ৰত হস্তক্ষেপ কৰিব লাগে। এনটিএৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে ব্যৱস্থা গ্ৰহণ কৰক। চিবিআইৰ তদন্ত কৰক।"

নিশাটোৰ ভিতৰতে সমৰ্থ এপৰ জৰিয়তে নামভৰ্তি কৰিবলৈ দিয়া নিৰ্দেশ সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদকজনে কয় যে যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে শদিয়া বা ধুবুৰীৰ পৰা গুৱাহাটীৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লগা হয় নিশাটোৰ ভিতৰতে আহি নামভৰ্তি কৰাটো সম্ভৱ নহয়। শিক্ষা বিভাগৰ দায়িত্বত থকা অসমৰ্থ শিক্ষা মন্ত্ৰীজনে যেতিয়া সমৰ্থ এপৰ জৰিয়তে কাম-কাজ কৰিব বিচাৰিব, তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে জীয়াতু ভুগিব লাগিব। ইফালে, এক আছুতীয়া সাক্ষাৎকাৰত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই কয়, "এটা সময়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক চৰকাৰে কঁকালত শিকলি বান্ধি গ্ৰেপ্তাৰ কৰি নিছিল। সেই চৰকাৰে এতিয়া কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস পাতে। বিষ্ণু প্ৰসাদ ৰাভাই অসমীয়া মানুহৰ ভাষা-সংস্কৃতি অসমৰ মানুহৰ প্ৰভুত্ব, খিলঞ্জীয়াৰ ভৱিষ্যতৰ চিন্তাৰ প্ৰকাশ কৰি থৈ গৈছে। আজিও চৰকাৰে ৰাভা দিৱস পাতিছে। সঁচাকৈয়ে যদি কলাগুৰুৰ প্ৰতি সন্মান আছে তেন্তে অসম চুক্তিৰ ৬ নং দফা অনুসৰি বিপ্লৱ শৰ্মাৰ কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ ৰক্ষা কৱচ সম্পৰ্কত যিটো পৰামৰ্শ দিছে তাক কাৰ্যকৰী কৰি দেখুওৱাক। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই কৰি অহা চিন্তা চৰ্চা আজি প্ৰাসংগিক। খিলঞ্জীয়া মানুহৰ নিজৰ ৰাজ্যখনত প্ৰভুত্ব থাকিব লাগে। ভাষা-সংস্কৃতি সুৰক্ষিত হ'ব লাগে। এই কামবোৰ কৰিলেহে চৰকাৰে প্ৰকৃতাৰ্থত বিষ্ণু প্ৰসাদ ৰাভাক সন্মান জনোৱা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠানত উদ্বোধনী গীতটো অসমীয়া, কাৰ্বি, ৰাভা আৰু বড়ো ভাষাৰ সংমিশ্ৰণত পৰিৱেশন কৰা হৈছে। সেইবাবে নলবাৰীবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ বিশ্ববিদ্যালয়সমূহত বিষ্ণু প্ৰসাদ ৰাভাৰ নামত আসন সংৰক্ষণ কৰিব লাগে। যাতে বিষ্ণু প্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিৰ পৰিকল্পিত গৱেষণা হয়। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সমাধিস্থল সৰ্বাংগসুন্দৰ ভাৱে নিৰ্মাণ কৰিব লাগে। পাঠ্যক্ৰমত বিষ্ণু প্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক ব্যাপকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এটা সাংস্কৃতিক গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে। অসম চৰকাৰে ঠায়ে ঠায়ে বিষ্ণু প্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকাৰ নামত সকলো সা-সুবিধা থকা একো-একোটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগে।"