Logo
image

চাঞ্চল্যকৰ ঘটনাঃ যাত্ৰীক প্ৰহাৰ কৰি ধন লুট ৰেপিড' চালকৰ, সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি সাৰাং বৰুৱাক

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক, ২০ জুনঃ ভাড়াক কেন্দ্ৰ কৰি ৰেপিড' চালকে যাত্ৰীক লোৰ ৰডেৰে প্ৰহাৰ কৰি ধন লুট কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ দিছপুৰ থানাৰ অন্তৰ্গত কাহিলীপাৰাৰ পাৱাৰ ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। বুধবাৰে নিশা ১১:৩০ বজাত সংঘটিত হয় এই ঘটনা। 



আৰক্ষীৰ সূত্ৰই জনোৱা মতে, কাহিলীপাৰাৰ পাৱাৰ ষ্টেচনৰ সমীপৰ বাসিন্দা সাৰাং বৰুৱাই বুধবাৰে নিশা ১১ বজাত মহানগৰীৰ ছাত্ৰীবাৰীত এ এছ ০১-আৰ চি-২৮২২ নম্বৰ ৰেপিড' মটৰ চাইকেলখন অনলাইনত কাহিলীপাৰালৈকে ১৫৪ টকাত বুক কৰি গন্তব্য স্থানলৈ ৰাওনা হয়। কাহিলীপাৰাত উপস্থিত হৈ যাত্ৰী সাৰাং বৰুৱাই ৫০০ টকাৰ নোট এখন ৰেপিড' চালক বচিৰ আহমেদক আদায় দিয়ে। ৰেপিড' চালক বচিৰ আহমেদে খুচুৰা নথকা বুলি কৈ যাত্ৰী সাৰাং বৰুৱাৰ লগত বাক-বিতণ্ডাত লিপ্ত হয়। এটা সময়ত ৰেপিড' চালক বচিৰ আহমেদে মটৰ চাইকেলৰ পৰা লোৰ ৰড এডালেৰে যাত্ৰী সাৰাং বৰুৱাক উপৰ্জুপৰি প্ৰহাৰ কৰে৷ যাত্ৰী সাৰাং বৰুৱা গুৰুতৰভাৱে আহত কৰি ৫০০ টকা লুট কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৰেপিড' চালকজনে। 

পিছত স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰি স্থানীয় হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰায়। ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকজনে দিছপুৰ থানাত এজাহাৰ  দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।