Logo
image

নীট-নেটক লৈ তোলপাৰ দেশ:‘নেট’ বাতিল কৰি ‘নীট’ কেলেংকাৰি লুকুৱাব খুজিছে মোদী চৰকাৰে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ জুনঃ ৭ বছৰত ৭০ টা পৰীক্ষাৰ ‘পেপাৰ লিক’৷ ভুক্তভোগী ২ কোটি পৰীক্ষাৰ্থী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ফোনত ইউক্ৰেইন যুদ্ধ বন্ধ কৰি দিব পাৰে, কিন্তু দেশৰ উজ্জ্বল ভৱিষ্যৎ, ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই ‘লিক’ বা উন্মোচিত হোৱাটো বন্ধ কৰিব নোৱাৰে৷ মেডিকেলৰ প্ৰৱেশ পৰীক্ষা নীটৰ দুৰ্নীতি আৰু চৰকাৰে দুৰ্নীতি হোৱা বুলি স্বীকাৰ কৰি লৈ পৰীক্ষাৰ পিছদিনাই বাতিল কৰা ইউজিচি-নেট পৰীক্ষাৰ দুৰ্নীতিক লৈ এই শাণিত বাক্য প্ৰয়োগ কৰি মোদী চৰকাৰৰ বিৰুদ্ধে যুদ্ধত নামিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ বৃহস্পতিবাৰে দিল্লীত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যকালয়ত এখন সংবাদমেলত মোদী চৰকাৰক পৰীক্ষা কেলেংকাৰিৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰি ৰাহুল গান্ধীয়ে কৰা আক্ৰমণৰ লগে লগে নীট-নেটক লৈ তোলপাৰ হৈ পৰিল দেশৰ ৰাজনীতি৷ অৱশ্যে তাৰো পূৰ্বে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয়কুমাৰ সিনহাই নীটৰ প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই বাহিৰ হোৱাত ৰাজ্যৰ পূৰ্বৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সহকাৰী জড়িত থকাৰ অভিযোগ উত্থাপন কৰোতেই নীটৰ দুৰ্নীতিৰ ক্ষেত্ৰত ৰাজনীতি আৰম্ভ হৈছিল৷ কিন্তু ৰাহুল গান্ধীয়ে নীট আৰু নেট পৰীক্ষাৰ দুৰ্নীতিত পোনপটীয়াকৈ মোদী চৰকাৰক জড়িত কৰাত দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিল৷ 

ৰাহুল গান্ধীৰ দাবী–‘মধ্য প্ৰদেশত ব্যাপমত যি দুৰ্নীতি হৈছিল, গুজৰাট, উত্তৰ প্ৰদেশত যিদৰে বিগত কেইবছৰত পৰীক্ষাত দুৰ্নীতি হৈ আছে, সেই দুৰ্নীতি মোদী চৰকাৰে দেশজুৰি আৰম্ভ কৰিবলৈ বিচাৰিছে৷’ ৰাহুলে পুনৰ কয়–‘এই চৰকাৰে লাহে লাহে দেশৰ শিক্ষা ব্যৱস্থা ধবংস কৰি গৈছে৷ শিক্ষা ব্যৱস্থাত দখলদাৰী চলাইছে৷ শিক্ষা প্ৰতিষ্ঠানসমূহ নিজৰ কব্জালৈ নিছে৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসমূহৰ তালিকা চাওক৷ বিজেপি আৰু তেওঁলোকৰ পৰিয়ালৰ মূল সংগঠনৰ সদস্যৰে ভৰা৷ পৰীক্ষা পদ্ধতিত দলীয় অনুপ্ৰৱেশৰ বাবেই প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই প্ৰকাশৰ ঘটনা ঘটিছে৷ যেতিয়ালৈকে নিৰপেক্ষ, সৎ লোকক দায়িত্ব দিয়া নহয়, তেতিয়ালৈকে এই দুৰ্নীতি চলি থাকিব৷ এই চৰকাৰে বিচাৰ ব্যৱস্থা, আমোলাতন্ত্ৰ, চোৰাংচোৱা বাহিনী, সেনা বাহিনীৰ উপৰি শিক্ষা ব্যৱস্থাকো গ্ৰাস কৰিছে৷’ ৰাহুল গান্ধীৰ মতে এয়াই দেশত বহু চৰ্চিত ‘গুজৰাট মডেল’৷ তেওঁ কয় যে মোদী বৰ্তমান লোকসভা অধ্যক্ষৰ পদ দলত থকা-নথকাৰ চিন্তাত ব্যস্ত, সেয়ে নীট-নেটৰ দৰে ‘লঘূ’ কথাত মন্তব্য কৰা নাই৷ ৰাহুলে কয়–‘মোদী চলে মাৰ্কেটিং আৰু ভীতি প্ৰদৰ্শনৰ যুগলবন্ধীৰ ওপৰত নিৰ্ভৰ কৰি৷ পূৰ্বে অটলজী আৰু মনমোহন সিঙে মানুহৰ কথা শুনিছিল৷ মানুহক সন্মান কৰিছিল৷ এওঁ (মোদীয়ে) ভয় দেখুৱাই মুখ বন্ধ কৰি ৰাখিব খোজে৷’ তেওঁ পুনৰ কয়– ‘লোকসভাৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত এতিয়া অৱশ্যে তেওঁৰ প্ৰতি মানুহৰ ভীতি হ্ৰাস পাইছে৷ সেইদিনা বাৰাণসীত তেওঁৰ গাড়ীলৈ কোনোবাই চেণ্ডেল দলিয়াইছিল৷ নিৰ্বাচনৰ পূৰ্বে এনে সাহস কোনোবাই কৰিব পাৰিলেহেঁতেননে? তেওঁৰ বুকুৰ জোখ এসময়ত ৫৬ ইঞ্চি আছিল৷ এতিয়া সেয়া চাপ খাই ৩০-৩২ ইঞ্চি হৈছে৷’ 



ৰাহুল গান্ধীৰ এই সংবাদমেলৰ পাছত জাঙুৰ খাই উঠিছে বিজেপি৷ মোদীক ৰাহুলে কৰা আক্ৰমণক লৈ ৰাহুলৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিছে গেৰুৱা দলটো৷ দলটোৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কয় যে, ৰাহুল গান্ধীয়ে গুজৰাট আৰু মধ্যপ্ৰদেশৰ যুৱ সম্প্ৰদায়ক নিৰুৎসাহ কৰিছে৷ যদিহে তেওঁৰ পৰীক্ষাৰ ব্যৱস্থাক লৈ অসন্তুষ্টি আছে, তেন্তে তেওঁ মোদীক কিয় আক্ৰমণ কৰিছে? নিৰ্বাচনত একেৰাহে তিনিবাৰ ‘ফেইল’ কৰি নিৰাশাত ভুগি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক বাৰম্বাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ 

ইপিনে ইউজিচি-নেট পৰীক্ষা এদিনৰ পাছতে বাতিল কৰি মোদী চৰকাৰে নীট কেলেংকাৰি লুকুৱাবলৈ বিচৰা বুলি অভিযোগ উঠিছে৷ উল্লেখ্য যোৱা মঙলবাৰে হোৱা নেট পৰীক্ষাত নিশ্চিত দুৰ্নীতি হোৱা বুলি স্বীকাৰ কৰি মোদী চৰকাৰে বুধবাৰে নিশা সমগ্ৰ পৰীক্ষাটোকে বাতিল ঘোষণা কৰি চিবিআইৰ হাতত তদন্তৰ ভাৰ তুলি দিছিল৷ বিৰোধী দলৰ মতে নীটৰ দুৰ্নীতি মোদী চৰকাৰে স্বীকাৰ কৰা নাই নিজৰ দুৰ্বলতা ওলাই পৰাৰ ভয়ত৷ তদুপৰি নীটৰ দুৰ্নীতিৰ পৰা সকলোৰে দৃষ্টি আঁতৰাবলৈ নেট পৰীক্ষা বাতিল কৰিছে, যাতে দেশৰ জনতাই মোদী চৰকাৰক নিকা বুলি ভাবে৷ 

ইপিনে কেন্দ্ৰীয় চৰকাৰে নীটৰ দুৰ্নীতিক বিশেষ গুৰত্ব প্ৰদান কৰা নাই৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ মতে, নীটৰ প্ৰশ্ন পৰীক্ষাৰ পূৰ্বেই প্ৰকাশ হোৱাৰ কোনো প্ৰমাণ ওলোৱা নাই৷ তেওঁ কয়– ‘নীট বাতিলৰ প্ৰয়োজনীয়তা কি? ইয়াৰ নেপথ্যত বিৰোধীৰ স্বাৰ্থ আছে৷ আচল অভিযোগ কি সেয়াই আমাৰ বোধগম্য হোৱা নাই৷ বিভিন্ন অভিযোগ উঠিছে৷ কিন্তু কোনোটোৱেই নিৰ্দিষ্ট আৰু প্ৰমাণসাপেক্ষ নহয়৷ উচ্ছতম ন্যায়ালয়ৰ জ্জ্ব জুলাইৰ ৰায়দানলৈ আমি অপেক্ষা কৰিম৷ পৰীক্ষা বাতিলৰ প্ৰশ্নই নুঠে৷’