Logo
image

উখল-মাখল নীলাচলঃ কাইলৈৰ পৰা অম্বুবাচী মেলা, ভি আই পি, ভি ভি আই পিৰ বাবে নাথাকিব বিশেষ ব্যৱস্থা

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ২১ জুনঃ নীলাচল বুকুত এতিয়া মহা অম্বুবাচী মেলাক লৈ উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। প্ৰতি বছৰে শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী মেলা ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰি অহা হৈছে। এইবাৰো ধৰ্মীয় ৰীতি-নীতিৰে মহা অম্বুবাচী মেলা পালন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। এইবাৰ ২২ জুন অৰ্থাৎ শনিবাৰৰ পৰা কামাখ্যা মন্দিৰত আৰম্ভ হ’ব মহা অম্বুবাচী মেলা। অম্বুবাচীৰ তিনি দিন বন্ধ থাকিব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ'ব ২২ জুনৰ পুৱা  ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত। আনহাতে নিবৃত্তি হ’ব ২৬ জুনত। মন্দিৰৰ স্বচ্ছতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি এইবাৰো মন্দিৰৰ চৌহদৰ ভিতৰত খাদ্যসামগ্ৰী যোগান ধৰিবলৈ দিয়া নহ'ব। যাৱতীয় প্ৰস্তুতিৰ বিষয়ে প্ৰশাসনৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হোৱাৰ লগতে মন্দিৰ  পৰিচালনা কমিটিৰ সৈতে আলোচনাত মিলিত হৈছে। ভক্তৰ বাবে খোৱাপানী যোগান ধৰা, বিজুলীৰ সু-ব্যৱস্থা কৰা, ভক্তৰ স্বাস্থ্যৰ যতন লোৱা আদি দিশত এইবাৰ অধিক গুৰুত্ব দিয়া হ ব। এইবাৰ মূল প্ৰৱেশ দাৰৰ পৰা ৬০ শতাংশ ভক্ত নীলাচল বুকুলৈ উঠাৰ বিপৰীতে পাণ্ডু দিশৰ পৰা ৪০ শতাংশ ভক্ত নীলাচল বুকুলৈ উঠি মা কামাখ্যাৰ আশিস ল'ব পাৰিব।

বিশ্বৰ অন্যতম শক্তিপীঠ  হিচাপে পৰিচিত শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ত পাঁচ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ  হ'বলগীয়া অম্বুবাচী মেলাত এইবাৰো সন্ধিয়া আৰতি আৰু যাৱতীয় পূজা-অৰ্চনাৰ পাছত মন্দিৰৰ দুৱাৰ ২২ জুনৰ পৰা ভক্তৰ দৰ্শনৰ বাবে তিনিদিনৰ বাবে বন্ধ ৰখা হ'ব। ২৬ জুনৰ দিনা পুৱা নিবৃত্তিৰ পাছত কামাখ্যাৰ যাৱতীয় ৰীতি-নীতি অনুসৰি পূজাৰ পাছতহে মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে খোলা হ'ব। 



অম্বুবাচী মেলাৰ পূৰ্বে শুকুৰবাৰে পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত তেওঁ কয়, "পূৰ্বে অম্বুবাচী মেলালৈ যোৱা পথ এটাই আছিল, কিন্তু এইবাৰ দুটা পথ হ'ব। এইবাৰ পাণ্ডু ফালৰ পথটো ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। সেই পথটোত থাকিব মটৰ ফেৰীৰ সেৱা। বিশেষভাৱে সক্ষম লোকসকলৰ বাবেও থাকিব ব্যৱস্থা। এই পথটোৰে কামাখ্যা নতুন পথত ৯ বজালৈকে ভক্ত  আহিব পাৰিব। সন্ধিয়া ৮ বজাৰ পিছত কামাখ্যাৰ মূল পথ বন্ধ থাকিব৷ এইবাৰ কামাখ্যা নতুন অভাৰ ব্ৰীজত থ'ব লাগিব ভক্তৰ জোটা-চেণ্ডেল। তাৰ পৰা খালী ভৰিৰে ভক্তই কামাখ্যা মন্দিৰলৈ উঠি যাব লাগিব। গুৱহাটী পৌৰ নিগমে নিৰ্ধাৰণ কৰি দিয়া ঠাইতহে দোকান দিব পাৰিব অস্থায়ী ব্যৱসায়ীসকলে। এইবাৰ কোনো লোকৰ বাবে ভি আই পি, ভি ভি আই পিৰ ২৬-২৭ তাৰিখলৈ দৰ্শনৰ ব্যৱস্থা নাথাকিব। তেওঁলোকে সাধাৰণ ভক্তৰ দৰে মন্দিৰ দৰ্শন কৰিব লাগিব৷ বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰ প্ৰতি যাতে মাৰ দৰ্শন কৰাৰ কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে।"

তেওঁ আৰু কয়, "সাধাৰণ ভক্তৰ কামাখ্যা ষ্টেচন আৰু পাণ্ডু ঘাটত ভক্তৰ বাবে কেম্পৰ ব্যৱস্থা কৰা হৈছে। কামাখ্যা ষ্টেচনত ইতিধ্যে ৫-৬ হাজাৰ ভক্তৰ সমাগম হৈছে। পাণ্ডু ঘাটত ভক্তৰ শিবিৰত ১৫-২০ হাজাৰ ভক্ত ৰখাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো দেশ-বিদেশৰ পৰা ২০-২৫ লাখ ভক্তৰ সমাগম হয়। প্ৰতি বছৰে ভক্তৰ সংখ্যা বৃদ্ধি পাই আহিছে। এইবাৰ আমি ৫ কৌটি টকা বাজেট নিৰ্ধাৰণ কৰিছোঁ৷ অম্বুবাচী মেলাত সংশ্লিষ্ট অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে নিজৰ ইচ্ছা অনুসৰি যিকোনো স্থানত খাদ্য অথবা খোৱা পানী যোগান ধৰিব নোৱাৰিব। মন্দিৰলৈ সৰু এম্বুলেঞ্চ যোৱাৰ ব্যৱস্থা কৰাৰ লগতে পাণ্ডুৰ দিশৰ পৰা জিলা প্ৰশাসনৰ ১০ খন মটৰ ফেৰী ওপৰলৈ যাব। এইবেলি পাণ্ডু বন্দৰতে অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। পূর্বতে অম্বুবাচী মেলাৰ সময়ত য'তে-ত'তে ভক্তক খোৱাবস্তু বিলাই আহুকালৰ সৃষ্টি কৰাৰ লগতে লেতেৰা পৰিৱেশৰ সৃষ্টি কৰি অহাৰ পৰিপ্ৰেক্ষিতত এইবেলি পূৰ্বৰ দৰে অম্বুবাচী মেলাৰ সময়ত য'তে-ত'তে ভাণ্ডাৰাৰ ব্যৱস্থা নাথাকিব। প্রশাসনে বিনা অনুমতিত য'তে-ত'তে খোৱাবস্তু বিলাব নোৱাৰিব।"

অম্বুবাচী মেলাক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবাসীৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ পৰা শ্ৰীশ্ৰী মা কামাখ্যা দেৱীৰ শ্রীচৰণত পূজা-অর্চনা কৰাৰ বাবে ভক্ত-দর্শনার্থীৰ লগতে আন একাংশ গৱেষক পণ্ডিতে কামাখ্যা ধামলৈ ঢাপলি মেলাত ভক্ত-দর্শনার্থীৰে উদুলি-মুদুলি হৈ পৰে নীলাচল পাহাৰ। এইবেলিও ইয়াৰ ব্যতিক্রম নহ'ব বুলি মন্দিৰ কৰ্তিপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰত বিগত বৰ্ষত চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশৰ উপৰিও জাৰ্মানকে ধৰি ইউৰোপৰো কেইবাখনো দেশৰ পৰা আহিছে কিছু সংখ্যক বিদেশী ভক্ত। সেইদৰে কামাখ্যা দেৱালয়ৰ লগতে নীলাচল পাহাৰত অম্বুবাচী মহাযোগত বাহিৰৰ পৰা ভক্তৰ থকা-খোৱাৰ বাবে কোনোধৰণৰ শিবিৰ নাইবা খাদ্য যোগানৰ ব্যৱস্থা ৰখা হোৱা নাছিল। ভক্তক কেৱল পানী বা শীতল পানীয়হে যোগান ধৰা হ'ব। বিগত বৰ্ষত কেৱল দশনামি আখৰাত কিছু সংখ্যক সাধু-সন্যাসীক ৰখাৰ ব্যৱস্থা কৰা হৈছিল। মনকৰিবলগীয়া যে  প্ৰতিবছৰে বাহিৰৰ পৰা অহা ভক্তৰ একাংশই মন্দিৰ চৌহদত নানান বেশভূষা পৰিধান কৰি দেৱীক আৰাধনা কৰাৰ লগতে বিভিন্ন যোগ প্ৰদৰ্শন কৰি আন ভক্তক আকৰ্ষণ কৰি আহিছে। প্ৰতিবছৰে অম্বুবাচী মহাযোগ যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, মহানগৰ, আৰক্ষী কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে সহযোগিতা আগবঢ়ায়। এইবাৰো ভক্তৰ গতিবিধি  আৰু নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে অতিৰিক্ত চি চি টি ভি কেমেৰা স্থাপন কৰা হ'ব। শক্তিপীঠ কামাখ্যা ধামত এই সময়ত মন্দিৰৰ দেৱী কামাখ্যাই বাৰ্ষিক ঋতুচক্ৰৰ মাজেৰে পাৰ হৈ যায় বুলি বিশ্বাস কৰা হয় আৰু সেই অনুসৰিয়ে পূৰ্বৰ পৰম্পৰা অনুসৰিয়ে মা কামাখ্যাক হিন্দু ধৰ্মাৱলম্বীলোকসকলে শুদ্ধ মনে পূজা কৰি মাৰ আশিস বিচাৰি ভিৰ কৰে নীলাচলৰ বুকুত। নীলাচলে এতিয়া দেশ-বিদেশৰ ভক্তক আদৰি লবলৈ সাজু হৈছে। ন-কইনাৰ দৰে সজাই তোলা মা কামাখ্যা মন্দিৰত এতিয়া ভক্তি ৰসৰ নৈ বৈ পৰিবলৈ সাজু হৈছে।