Logo
image

আপৰ অভিযোগঃ বিজেপিৰ ষড়যন্ত্ৰৰ বলি হৈছে অৰবিন্দ কেজৰিৱাল

ডিজিটেল সংবাদ, গুৱাহাটী, ২১ জুনঃ "দিল্লীৰ ৰাউছ এভিনিউ আদালতে বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰে। নিম্ন আদালতৰ নিৰ্দেশৰ কপি আদালতৰ ৱেবছাইটত আপলোড কৰাৰ পূৰ্বেই ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ জামিনৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে। বিজেপিৰ নিৰ্দেশত কাম কৰা ইডিৰ এই কাণ্ডই বিজেপি আৰু ইডিৰ যুগলবন্দী প্ৰমাণ কৰিছে।" শুকুৰবাৰে গুৱাহাটীত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ইডিৰ ভূমিকাৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই।



তেওঁ কয়, "দিল্লীৰ আবকাৰী নীতি সম্পৰ্কীয় এটা ভুৱা গোচৰত কোনো তথ্য প্ৰমাণ অবিহনে মুখ্যমন্ত্ৰী কেজৰিৱালক ইডিয়ে গ্ৰপ্তাৰ কৰিছিল। লোকসভা নিৰ্বাচনৰ সময়ত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰি কৈছিল যে কেজৰিৱালৰ বিৰুদ্ধে কোনো অপৰাধৰ পূৰ্ব কাহিনী নাই। আনহাতে, এই একে গোচৰত একে ধৰণেই তথ্য প্ৰমাণ নোহোৱাকৈ আপৰ মন্ত্ৰী, সাংসদ তথা জ্যেষ্ঠ নেতা ক্ৰমে মনীষ ছিছোদিয়া, সঞ্জয় সিং আৰু সত্যেন্দ্ৰ জৈনকো তদন্তকাৰী সংস্থা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। বৃহস্পতিবাৰে নিম্ন আদালতৰ জামিনৰ নিৰ্দেশতো কোৱা হৈছে যে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কোনো অপৰাধৰ প্ৰমাণ নাই। এই ৰায়ে প্ৰমাণ কৰিছে যে বিজেপিয়ে দেশত একনায়কত্ববাদী শাসন চলাব বিচাৰিছে। ইডি, চিবিআইৰ জৰিয়তে বিৰোধী দল সমূহক নিঃশেষ কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী কেজৰিৱালক দুৰ্নীতিৰ অপবাদ দিয়া আৰু আম আদমী পাৰ্টীক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।" 

সংবাদমেলত উপস্থিত থকা আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়, "এটা ভুৱা গোচৰত ইডিয়ে আপৰ মুৰব্বী কেজৰিৱালৰ উপৰিও অইন কেইবাজনো নেতাক কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে। নিম্ন আদালতৰ জামিনৰ কপী ৱেবছাইটত আপলোড কৰাৰ পূৰ্বেই ইডিয়ে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপি দেশৰ ১৪০ কোটি মানুহক আচৰিত কৰিছে। দেশৰ ন্যায়পালিকাৰ ইতিহাসত ই এক নাভুত নাশ্ৰুত ঘটনা।" সংবাদমেলত আপ অসমৰ আইন কোষৰ নেতা আলাউদ্দিন আহমেদে ইডিক কটু সমালোচনা কৰে। তেওঁ বিজেপি চৰকাৰে কৰা ষড়যন্ত্ৰ সন্দৰ্ভত কয় যে যদি জামিন লাভৰ জৰিয়তে কেজৰিৱাল কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই আহে, তেন্তে সমাগত দিল্লী বিধানসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব। সেইবাবেই আপৰ মুৰব্বী কেজৰিৱালে যাতে জামিন লাভ কৰিব নোৱাৰে তাৰ বাবে চেষ্টা কৰিছে বিজেপিয়ে। তেওঁ কয়, "উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে জামিন আবেদন গৃহীত কৰাৰ ক্ষেত্ৰত দেশৰ নিম্ন আদালতসমূহক কৰ্তৃত্ব প্ৰদান কৰিছে। সেয়েহে কেজৰিৱালৰ জামিন সন্দৰ্ভত নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ কোনো যুক্তি নাই। আমি আশা কৰোঁ শীঘ্ৰেই অৰবিন্দ কেজৰিৱালে কাৰাগাৰৰ পৰা ওলাই আহিব।"