Logo
image

এইবোৰ খাদ্যই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে

আজিকালি বহুতকে প্ৰায়েই ডায়েবেটিছত ভোগা বুলি শুনিবলৈ পোৱা যায়৷ ডায়েবেটিছত আক্ৰান্ত হ’লে দেহত কলেষ্টেৰ’ল, উচ্ছ ৰক্তচাপৰ লগতে বিভিন্ন সমস্যাই দেখা দিয়ে৷ বিশেষকৈ ডায়েবেটিছত ভোগা লোকৰ উচ্ছ ৰক্তচাপৰ সমস্যা হোৱাৰ আশংকা বাঢ়ে৷ তেজত  ইনছুলিনৰ মাত্ৰা কমিলেই এনে সমস্যা হয়৷ সেয়ে  ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাটো অত্যন্ত জৰুৰী৷ তেজত শৰ্কৰাৰ মাত্ৰা কমোৱাৰ বাবে  চিকিৎসকৰ পৰামৰ্শ লোৱাৰ লগতে কেতবোৰ খাদ্য গ্ৰহণ কৰিও  ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যৰে  ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি–

- কলঃ আয়াৰলেণ্ডৰ ডাবলিন বিশ্ববিদ্যালয়ৰ এক গৱেষণামতে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণৰ বাবে কল খুবেই কাৰ্যকৰী৷  ডায়েবেটিছত ভোগা বহুতেই কল খোৱাৰ পৰা এৰাই চলে৷ কিন্তু গৱেষকৰ মতে কল খালে ডায়েবেটিছ ৰোগীৰ কোনো ক্ষতি নহয়৷



- বাদামঃ প্ৰ’টিন, ভিটামিন, খনিজ উপাদান সমৃদ্ধ বাদামে  ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাৰ লগতে কলেষ্টেৰ’ল আৰু প্ৰদাহজনিত সমস্যাৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷ তেজত ইনচুলিনৰ মাত্ৰা  বঢ়োৱাৰ বাবেও বাদাম খাব পাৰে৷

- তিতা কেৰালাঃ তিতা কেৰালাক ডায়েবেটিছৰ মহৌষধ বুলি কোৱা হয়৷ সেয়ে হয়তো চিকিৎসকেও ডায়েবেটিছ ৰোগীক দৈনিক তিতা কেৰালা খোৱাৰ পৰামৰ্শ আগবঢ়ায়৷ তিতা কেৰেলাই তেজত শৰ্কৰাৰ মাত্ৰা কমায়৷

- মেথিগুটিঃ পুৱাই উঠি মেথি তিয়াই ৰখা এগিলাচ পানী খাব পাৰিলে ডায়েবেটিছ ৰোগীয়ে উপকাৰ পায়৷ মেথিৰ সৈতে হালধি গুড়ি আৰু আমলখিৰ গুড়ি মিহলাই পানীত তিয়াই ৰাখিলে আৰু বেছি উপকাৰ পোৱা যায়৷