Logo
image

উক্তি-বক্ৰোক্তি

সোণাক্ষীয়ে নিজৰ ধৰ্ম সলনি নকৰে৷ মোৰ ল’ৰা আৰু সোণাক্ষীৰ বিয়া ইছলাম ধৰ্মমতেও নহয়, হিন্দু ধৰ্ম অনুসৰিও নহয়৷ দুয়োৰে ‘চিভিল মেৰেজ’ হ’ব৷ বিভিন্নজনে উৰাবাতৰি প্ৰচাৰ কৰি আছে, সোণাক্ষী ইছলামলৈ ধৰ্মান্তৰিত হ’ব৷ কিন্তু সেয়া মিছা কথা৷ মোৰ মতে ভগৱান একেজনেই৷ আমি আল্লা বুলি কওঁ, হিন্দুৱে ভগৱান বুলি কয়৷ সেয়ে সকলোৱে পৰস্পৰৰ ধৰ্মক সন্মান কৰাটো বিচাৰো৷ 
– বলীউড অভিনেত্ৰী সোণাক্ষী সিনহাৰ ভাবী শহুৰ

পুৰণি ভোটাৰ তালিকাৰে হ’ব উপ-নিৰ্বাচন৷ এমাহ-দুমাহৰ ভিতৰত নিৰ্বাচন হোৱাৰ সম্ভাৱনা নাই৷ বানৰ পাছতহে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ নিৰ্বাচন নোহোৱালৈকে সমষ্টিত চকু ৰাখিব সাংসদসকলে৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এইবাৰ ক্ষমতালৈ আহিলে মই বিদেশী ছাত্ৰ-ছাত্ৰীক সহজে গ্ৰীণ কাৰ্ড পোৱাত সুবিধা কৰি দিম৷ তাৰ বাবে তেনে শিক্ষাৰ্থীয়ে আমেৰিকাত গ্ৰেজুৱেশ্বন কৰিব লাগিব৷ গ্ৰেজুৱেশ্বনৰ পাছত তেওঁলোকে আপোনা-আপুনি গ্ৰীণ কাৰ্ড লাভ কৰিব৷ 
–  প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

মোদী চৰকাৰে ‘নীট’ পৰীক্ষা নিখুঁতভাৱে অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে৷ কেলেংকাৰি হৈছে, বিসংগতি হৈছে৷ ‘নীট’ৰ দৰে এটা গুৰুত্বপূৰ্ণ পৰীক্ষা যদি কেন্দ্ৰীয় চৰকাৰে সফলভাৱে অনুষ্ঠিত কৰিব নোৱাৰে তেন্তে তেওঁলোকে কি পাৰিব? 
– আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য

সকলোৱে দাবী জনাই থাকিলেও আমি এইবাৰৰ ‘নীট’ পৰীক্ষা বাতিল নকৰো৷ কিয়নো প্ৰশ্নকাকত ফাদিল হৈছে যদিও সমগ্ৰ দেশত তেনে ঘটনা সংঘটিত হোৱা নাই৷ দেশৰ সামান্য কিছুমান ঠাইত তেনে ঘটনা ঘটিছে৷ সেয়ে সম্পূৰ্ণ পৰীক্ষা বাতিল কৰাৰ যুক্তি নাই৷ দোষী সকলোকে গ্ৰেপ্তাৰ কৰা হ’ব৷ দোষী ছাত্ৰ পৰীক্ষাৰ ফলাফলৰ পৰা বঞ্চিত হ’ব৷
–কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

সাম্প্ৰদায়িক শক্তি বুলি কেৱল বিজেপিৰ বিৰুদ্ধে লাগি থাকিলে নহ’ব৷ এ আই ইউ ডি এফকো নিঃশেষ কৰাৰ আৱশ্যৰ আছিল৷ বিজেপিৰ বাবে সেইটো দল এতিয়া অক্সিজেনৰ দৰে৷ এ আই ইউ ডি এফক নিঃশেষ কৰা হ’লে বিজেপিৰো প্ৰৱল ক্ষতি হ’লহেঁতেন৷ 
– প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা

দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশী মাৰলেনা আৰু আপৰ কিছুমানে জলসংকটৰ বাবে অনিৰ্দিষ্টকাললৈ অনশনত বহিছে৷ এয়া ৰাজনৈতিক প্ৰচাৰ লাভৰ বাহিৰে আন একো নহয়৷ প্ৰকৃত সমস্যা কি আৰু তাৰ সমাধানৰ পথ কি সেয়া তেওঁলোকেও ভালদৰে জানে৷ 
– দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনা

বিজেপিয়ে যিদৰে সংবিধান নামানে, সেইদৰে তেওঁলোকে পৰম্পৰাও উলংঘা কৰে৷ লোকসভাৰ প্ৰ’টেম অধ্যক্ষ নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকে পৰম্পৰা উলংঘা কৰিছে৷ ৮বাৰকৈ সাংসদ হোৱা জ্যেষ্ঠতম সদস্য কড়িকুনীল সুৰেশক বঞ্চিত কৰি বিজেপিয়ে ৭ বাৰৰ বিজেপি সাংসদ ভট্টুহৰি মেহতাবক প্ৰ’টেন অধ্যক্ষ নিৰ্বাচন কৰিছে৷ কড়িকুনীল সুৰেশ কংগ্ৰেছ সাংসদ হোৱাৰ বাবেই তেওঁক বঞ্চিত কৰিছে৷ 
–  কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ