Logo
image

প্ৰশ্নকাকত ফাদিল কৰিলেই ১০ বছৰ জে’ল, কোটি টকা জৰিমনা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ জুনঃ নেচনেল টেষ্টিং এজেঞ্চিয়ে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় চিকিৎসা শিক্ষাৰ প্ৰৱেশ পৰীক্ষা ‘নীট’ আৰু উচ্ছ শিক্ষাৰ তথা অধ্যাপনাৰ যোগ্যতানিৰ্ণয়কাৰী পৰীক্ষা ইজিচিৰ ‘নেট’ৰ প্ৰশ্নকাকত ফাদিল হোৱাক কেন্দ্ৰ কৰি দেশজুৰি এতিয়া প্ৰতিবাদ অব্যাহত আছে৷ সৰ্বভাৰতীয় দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ লগতে বিৰোধীয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছে৷ নীট (ইউ জি) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত বিজেপি নেতাৰ নাম সাঙুৰ খাই পৰাত চৰম অস্বস্তিত পৰিবলগীয়া হৈছে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও৷ যাৰ বাবে প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ লক্ষ্যৰে শুকুৰবাৰে মাজনিশা কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বলৱৎ কৰিলে এখন নতুন আইন৷ 



শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ে ৰাজপত্ৰিত জাননীৰ জৰিয়তে ‘ৰাজহুৱা পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) আইন, ২০২৪’ক বলৱৎ কৰে৷ এই আইন কাৰ্যকৰী হোৱাৰ লগে লগে এতিয়াৰে পৰা কোনো ব্যক্তিকে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল অৰ্থাৎ সময়ৰ পূৰ্বে পৰীক্ষা সম্পৰ্কীয় গোপনীয় তথ্য প্ৰকাশ কৰা আৰু বেমেজালি সৃষ্টিৰ লক্ষ্যৰে অনুমোদন নোহোৱা  লোকে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাটো নিষিদ্ধ কৰিছে৷ অন্যাথা এই আইনৰ আধাৰত উক্ত অপৰাধৰ বাবে ৩-৫ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ লাখ টকালৈকে জৰিমনা বিহা হ’ব৷ এই নতুন আইনত লগতে এনে অপৰাধৰ অভিযুক্তৰ বিৰুদ্ধে জামিনবিহীন ধাৰা আৰোপ কৰা হ’ব৷ অৰ্থাৎ ৱাৰেণ্ট অবিহনে গ্ৰেপ্তাৰ কৰিব পাৰিব৷ তদুপৰি পৰীক্ষা পৰিচালনা কৰা সংস্থা বা কতৃৰ্পক্ষই প্ৰশ্নকাকত ফাদিল বা অনিয়মৰ বিষয়ে জ্ঞাত হৈয়ো মৌন হৈ থাকিলে, তেওঁলোককো নতুন আইন অনুসৰি ৰ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব৷ একেদৰে উক্ত দুৰ্নীতিৰ সৈতে চৰকাৰী বিষয়া জড়িত হ’লে তেনে বিষয়াক ৩-১০ বছৰ পৰ্যন্ত কাৰাবাস আৰু ১ কোটি টকা পৰ্যন্ত জৰিমনাৰ বিধান আছে৷ 

উল্লেখ্য, মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশনত বিগত ১০ ফেব্ৰুৱাৰীত সংসদৰ দুয়োখন সদনতে পৰীক্ষা সম্পৰ্কীয় নতুন বিধেয়কখন গৃহীত কৰিছিল৷ প্ৰতিযোগিতামূলক তথা প্ৰৱেশ পৰীক্ষাত অসৎ উপায় প্ৰতিৰোধ আৰু পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা অনাৰ লক্ষ্যৰে গৃহীত কৰা বিধেয়কখনক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বিগত ১৩ ফেব্ৰুৱাৰীত স্বাক্ষৰ কৰি আইনত পৰিণত কৰিছিল৷ অৱশ্যে এই নতুন আইনখনে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ নিৰ্দিষ্ট কতৃৰ্পক্ষই পৰিচালনা কৰা পৰীক্ষাসমূহকে সামৰি ল’ব৷ অৰ্থাৎ নতুন আইনৰ অধীনত পৰিব–ইউ পি এছ চি, এছ এছ চি, ৰে’লৱে নিযুক্তি ব’ৰ্ড, ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা, বেংকিং কৰ্মচাৰী নিযুক্তি প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষাসমূহ৷ অৱশ্যে নীট আৰু ইউ জি চি নেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতেই নতুন আইনখনৰ বিধি প্ৰস্তুত কৰি কাৰ্যকৰী নকৰাক লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিভিন্ন পক্ষৰ সমালোচনাৰো সন্মুখীন হৈছিল৷ কিন্তু এই বিতৰ্কৰ পাছতেই অৱশেষত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে আইনখনৰ বিধি প্ৰস্তুত কৰি বলৱৎ কৰে৷ চৰকাৰৰ পৰা জাৰি কৰা বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ভাৰতীয় ন্যায় সংহিতাত এই আইনখনৰ সন্দৰ্ভত উল্লেখ আছে যদিও ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী নোহোৱা পৰ্যন্ত ভাৰতীয় দণ্ডবিধিৰ ধাৰাসমূহেই এই আইনত কাৰ্যকৰী কৰা হ’ব৷ উল্লেখ্য অহা ১ জুলাইৰ পৰা ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰা হ’ব৷