Logo
image

বিনামূলীয়া নামভৰ্তিৰ জোৱাৰত পিষ্ট শ শ কলেজৰ তহবিল শূন্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুন : ৰাজ্য চৰকাৰে ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অধীনত বছৰি দুই লাখ টকাৰ তলৰ উপাৰ্জনৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰী তথা প্ৰাদেশিকৃত মহাবিদ্যালয় সমূহত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ লগতে বুক গ্ৰাণ্ট, হোষ্টেলৰ খৰচ, কলেজলৈ অহা যোৱাৰ খৰচ, মেধাবী ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান, নিযুত মইনা আদি আঁচনি গ্ৰহণ কৰিছে৷ স্বাভাৱিকতে দুখীয়া আৰু আৰ্তজনাৰ প্ৰতি চৰকাৰৰ সদিচ্ছা, অনুকম্পা তথা দায়ৱদ্ধতাক সকলোৱে প্ৰশংসা কৰিছে, সাধুবাদ দিছে৷ পূৰ্বতে ধনৰ অভাৱতে আধাতে কলেজ এৰিবলগীয়া বহু ছাত্ৰ-ছাত্ৰীৰ বাবে বৰ্তমানৰ চৰকাৰখনৰ সহায়ৰ হাতখনে যেন বহুজনক মূৰ তুলি আকাশ চাবলৈ প্ৰেৰণা দিছে৷ চৰকাৰৰ মাচুল ৰেহাই আঁচনিখনে বিশেষভাৱে ৰাজ্যৰ গ্ৰামাঞ্চলৰ লাখ লাখ দুখীয়া আৰু নিঃকিন পৰিয়ালৰ পিতৃ-মাতৃ, অভিভাৱক তথা সন্তানৰ মুখত হাঁহি বিৰিঙাইছে৷ কিন্তু এই আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত কেতবোৰ আসোঁৱাহৰ বাবে ৰাজ্যৰ ৩০০ খনৰো অধিক গ্ৰামাঞ্চলৰ কলেজত সমান্তৰালভাৱে লালবাটি জ্বলাৰ উপক্ৰম হৈছে৷ বিনামূলীয়া নামভৰ্তিৰ জোৱাৰত পিষ্ট শ শ গ্ৰামাঞ্চলৰ কলেজত এতিয়া চক পেঞ্চিল তথা লাইটৰ বিল দিবলৈও পইচা নোহোৱা হৈছে৷ গ্ৰামাঞ্চলৰ প্ৰায় ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই দৰিদ্ৰ সীমাৰেখাৰ তলৰ বা পিতৃ-মাতৃৰ বছৰেকীয়া উপাৰ্জন দুই লাখৰ অধিক নহয়৷ গ্ৰামাঞ্চল বা মফচলীয়া অঞ্চল সমূহত স্থানীয় মহাবিদ্যালয়ত নামভৰ্তি কৰা ৮০-৯০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই চৰকাৰী বিনামূলীয়া নামভৰ্তিৰ সুযোগ লাভ কৰিছে৷ উচ্চতৰ মাধ্যমিক আৰু স্নাতক স্তৰত গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীয়েই চৰকাৰী আঁচনিৰ সুযোগ লাভ কৰিছে৷ চক্ৰ বিষয়াৰ পৰা লাভ কৰা পিতৃ-মাতৃৰ উপাৰ্জনৰ ভিত্তিত কলেজত এই বিনামূলীয়া নামভৰ্তিৰ সুযোগ লাভ কৰিছে৷ গ্ৰামাঞ্চলৰ কলেজ বিলাকৰ অত্যন্ত কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়েহে চৰকাৰে নিৰ্ধাৰণ কৰা মাচুল দি নামভৰ্তি কৰে৷ এতিয়া ৰাজ্যৰ গ্ৰামাঞ্চলৰ কলেজসমূহত এই দুটাই ছবি এফালে গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি আনফালে এমুঠিমান ছাত্ৰ-ছাত্ৰীৰ পেইড নামভৰ্তি৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে কলেজ সমূহক ছাত্ৰ একতা সভাৰ মাচুল, মেগাজিনৰ খৰচ আদিও বিনামূলীয়া নামভৰ্তিৰ ছাত্ৰ-ছাত্ৰীৰ পৰা নল’বলৈ নিৰ্দেশ দিছে৷ সেইখিনিলৈকে ঠিকেই আছিল, সমস্যাটো আৰম্ভ হৈছে বিনামূলীয়া নামভৰ্তিৰ বাবে উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহক সময় মতে মাচুল আদায়ৰ ধন মুকলি কৰি নিদিয়াৰ পৰা, ৰাজ্য চৰকাৰে মহাবিদ্যালয় সমূহক পিছৰ বছৰ মাৰ্চ মাহতহে ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ধন আদায় দিয়ে৷ ফলস্বৰূপে আগষ্টৰ পৰা ডিচেম্বৰ মাহলৈকে শিক্ষা বৰ্ষৰ পূৰ্ণকালীৰ সময়ছোৱাত মহাবিদ্যালয়সমূহে শূন্য তহবিলত চলিব লগা হয়৷ মাথোন ১০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পুঁজিৰ পৰাই এশ শতাংশ কলেজৰ খৰচৰ কাম-কাজ চম্ভালিবলগীয়া হয়৷ যদিহে ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ সময়তে বুক গ্ৰাণ্ট বা হোষ্টেলৰ হাত খৰচৰ দৰে ধনৰাশি নিজ নিজ একাউণ্টত জুলাই-আগষ্টৰ নামভৰ্তিৰ সময়তে মুকলি কৰি দিলেহেঁতেন বা আগষ্ট-ডিচেম্বৰৰ মাজ ভাগত এটা কিস্তি মুকলি কৰি দিলেহেঁতেন তেন্তে বৰ্তমানৰ দৰে ৰাজ্যৰ গ্ৰামাঞ্চলৰ কলেজ সমূহত চৰম বিত্তীয় নাটনি নহ’লহেঁতেন৷ অথবা ৰাজ্য চৰকাৰে কলেজ সমূহৰ পৰিচালনাৰ বাবে এটা নিৰ্দিষ্ট পুঁজিৰো পোনপটীয়াকৈ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন৷ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে মহাবিদ্যালয় দিয়া হিচাপৰ পৰিমাণতকৈ উচ্ছ শিক্ষা বিভাগে পিছৰ বছৰ মাৰ্চ মাহত মুকলি কৰি দিয়া ধনৰ পৰিমাণ সদায় কমকৈ দিয়াৰ ফলতো কলেজসমূহত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে৷ কোনো কলেজে ১৪ লাখ টকাৰ মাচুল ৰেহাইৰ ধনৰ প্ৰস্তাব দিলে উচ্ছ শিক্ষা বিভাগে এমট্ৰনৰ দ্বাৰা পৰিচালিত পৰ্টেলত ৫-৬ লাখ টকা কমকৈ দিয়াৰো অভিযোগ উঠিছে৷ ফলস্বৰূপে আন এক অনাহত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লক্ষণীয় যে ৰাজ্যৰ গ্ৰামাঞ্চলৰ কলেজসমূহৰ সমস্যাৰ সৈতে গুৱাহাটী মহানগৰী বা আন চহৰ কলেজসমূহৰ পৰিস্থিতি একে নহয়৷ শিক্ষা বিভাগৰ বৰমূৰীয়াসকলে চহৰৰ কলেজৰ সৈতে তুলনা কৰি আঁচনি প্ৰস্তুত কৰাৰ ফলতে গ্ৰামাঞ্চলৰ কলেজসমূহত সমস্যা আৰু বৃদ্ধি পাইছে৷ সাধাৰণতে গুৱাহাটীৰ কেতবোৰ নামজ্বলা কলেজ আৰু আন চহৰৰ কলেজত গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মাচুল আদায় দি নামভৰ্তি কৰে৷ এনে কলেজসমূহত সিংহভাগৰ পেইড নামভৰ্তি হয় আৰু কম সংখ্যকৰহে মাচুল ৰেহাই হয়৷ তদুুপৰি বিভিন্ন ছেলফ ফাইনেন্স পাঠ্যক্ৰমতো বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি নামভৰ্তি কৰে৷ ফলত চহৰীয়া কলেজসমূহত মাচুল ৰেহাইৰ বিশেষ বিত্তীয় প্ৰভাৱ নপৰে কলেজসমূহৰ ওপৰত৷ সেয়েহে চহৰ আৰু গ্ৰামাঞ্চলৰ কলেজৰ ক্ষেত্ৰত চৰকাৰৰ নীতি সুকীয়া হ’ব লাগে বুলিও দাবী উঠিছে৷ গ্ৰামাঞ্চলৰ কম জনসংখ্যাৰ স্থানসমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাটো স্বাভাৱিক৷ নতুন শিক্ষা নীতি অনুসৰি সকলো কলেজতে নূন্যতম তিনি হাজাৰ ছাত্ৰ-ছাত্ৰী থাকিব লাগিব বুলি বান্ধি দিয়া চৰ্ত ৰাজ্যৰ গ্ৰামাঞ্চলত ছাত্ৰ, অভিভাৱক তথা শিক্ষককূলৰ মাজত অহেতুক ছাপৰ সৃষ্টি কৰিছে৷ ইয়াৰ মাজতে বিশ্ববিদ্যালয় অনুদান আয়োগে শেহতীয়াকৈ এক কলেজ, বিশ্ববিদ্যালয়সমূহক এক নিৰ্দেশনা দিছে৷ সেই অনুসৰি এতিয়াৰে পৰা কলেজ, বিশ্ববিদ্যালয়কে ধৰি উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠান সমূহে নিজৰ আয় ব্যয়ৰ হিচাপ ৱেবছাইটত ৰাজহুৱা কৰিব লাগিব৷ কলেজ এখনৰ একাউণ্ট, বেলেঞ্চ শ্বীট, উপাৰ্জন, ব্যয়, প্ৰাপ্তি আৰু খৰচৰ লগতে সম্পূৰ্ণ অডিট ৰিপৰ্ট ৰাইজে চাব পৰাকৈ প্ৰতি বছৰে ৰাজহুৱা কৰিব লাগিব কলেজসমূহৰ অধ্যক্ষসকলে৷