Logo
image

অসমৰ ৯২ শতাংশ বাংলাদেশী মুছলমানে কংগ্ৰেছক ভোট দিলে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুন : এশটা বাংলাদেশী মূলৰ মুছলমানৰ ভোট ৯২টা কংগ্ৰেছৰ পক্ষত পৰিছে৷ বিজেপিৰ কোনো সাংসদে ১০-১২ লাখ ভোটত জয়ী হোৱা নাই৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ তেওঁ আৰু কয়– মই গৌৰৱেৰে কওঁ যে অসমৰ হিন্দু সমাজে তুষ্টিকৰণৰ ৰাজনীতিত লিপ্ত হোৱা নাছিল৷ কোনোবাই যদি সাম্প্ৰদায়িকতাবাদ কৰে এটা বিশেষ ধৰ্মৰ মানুহে কৰে সাম্প্ৰদায়িকতাবাদ৷ হিন্দুসকলে যোগ্যতাৰ ওপৰত ভোট দিছে৷ কিন্তু এটা বিশেষ সম্প্ৰদায়ে এনে কৌশলী ভোটদান কৰিছে যে তেওঁলোকৰ অঞ্চলত যিমানেই উন্নয়ন নহওক কিয় সমগ্ৰ সম্প্ৰদায়টোৰ ৯২ শতাংশই কংগ্ৰেছক ভোট দিছে৷ সংখ্যালঘু ৰাইজে পূৰ্বেও কংগ্ৰেছক ভোটেৰে ওপচাই দিছিল এইবাৰ নিৰ্বাচনতো কংগ্ৰেছক ভোটেৰে ওপচাই দিছে৷ বাংলাদেশী মূলৰ ঠিকা আগতে বদৰুদ্দিন আজমলৰ লগত আছিল৷ এইবাৰ ঠিকাটো ৰকিবুল হুছেইনলৈ হস্তান্তৰ কৰিছে৷ মাত্ৰ ঠিকাৰ পৰিৱৰ্তন হ’ল৷ কিন্তু দলৰ পৰিৱৰ্তন নহ’ল৷ সাম্প্ৰদায়িতাবাদী চিন্তাৰ পৰিৱৰ্তন নহ’ল৷ ধুবুৰীত আমি হাৰিছোঁ, নগাঁৱত আমি হাৰিছোঁ৷ যোৰহাটত হাৰিছোঁ৷ এনে পৰাজয়ে বিজেপিক বিজয়ৰ সংকল্প ল’বলৈ শিকায়৷ যোৰহাট, নগাঁও, ধুবুৰীৰ লোকৰ সেৱাত আমি ব্ৰতী হৈ থাকিম৷ পুনৰ লোকসভা নিৰ্বাচনত এই তিনিওখন আসনত আমি জয়লাভ কৰিবলৈ প্ৰচেষ্টা চলাম৷ অসমৰ জনতাই বিজেপি মিত্ৰজোঁটৰ ১১জন সাংসদক বিজয়ৰ তিলক পিন্ধাইছে৷ এই সকলক নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবলৈ নহয়, মণিপুৰৰ কথা ক’বলৈ নহয়৷ মণিপুৰৰ কথা মণিপুৰৰ সাংসদে কওক৷ আমাৰ আশীৰ্বাদ থাকিব৷ এঘাৰজন সাংসদে অসমৰ কথা কওক৷ মুখ্যমন্ত্ৰী শৰ্মাৰ এনে বক্তব্যই তোলপাৰ লগাইছে ৰাজ্যত৷ পূৰ্বে ‘মিঞা’ৰ ভোট নালাগে বুলি কৈও লোকসভা নিৰ্বাচনত ‘মিঞা’ৰ ভোট বিচাৰি চলাথ কৰা মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ এনেদৰে সাম্প্ৰদায়িক মন্তব্য কৰি ৰাজ্যৰ বাহিৰলৈ যাত্ৰা কৰিছে৷