Logo
image

মাইক্ৰ’ছফ্‌টৰ অংশীদাৰে কিনিলে অসমৰ ধ্ৰুৱ বৰঠাকুৰৰ ষ্টাৰ্টআপ কোম্পানী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ জুন : বিশ্বৰ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত উজ্বলি উঠিছে এজন অসম সন্তান৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ শিৰোনাম দখল কৰিছে অসমীয়া ছফট্‌ৱেৰ অভিযন্তাজনে৷ অসমীয়া অভিযন্তাজনে প্ৰতিষ্ঠা কৰা এটা ষ্টাৰ্টআপ কোম্পানীক ১০৫ মিলিয়ন ডলাৰত ক্ৰয় কৰিছে মাইক্ৰ’ছফ্‌টৰ সহযোগী অ’পনে-এ আই [OpenAI] নামৰ কোম্পানীটোৱে৷ অসম সন্তান ধ্ৰুৱ বৰঠাকুৰৰ কৃত্ৰিম বুদ্ধিমত্তাৰ [আৰ্টিফিচিয়েল ইণ্টেলিজেন্স] ডাটা বিশ্লেষণাত্মকৰ কাম কৰা ‘ৰকছেট’ নামৰ ষ্টাৰ্টআপ কোম্পানীটোক দুদিন পূৰ্বে ভাৰতীয় মূল্যত ৯১০ কোটি টকাত তথ্য প্ৰযুক্তিৰ কোম্পানী অ’পেন এ আইয়ে ক্ৰয় কৰিছে৷ মাইক্ৰ’ছফ্‌টৰ সহযোগী ৮৬ বিলিয়ন ডলাৰ মূল্যৰ কোম্পানীটোৱে ১০৫ মিলিয়ন ডলাৰৰ বিনিময়ত ষ্টাৰ্টআপ কোম্পানী ‘ৰকছেট’ক ক্ৰয় কৰা খবৰে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ঐতিহাসিক বুজাবুজি হিচাপে বিবেচিত হৈছে৷ ১৯৮৭ চনত উচ্ছতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত  ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰা ধ্ৰুৱ বৰঠাকুৰে ২০১৬ চনত বন্ধু তথা এন আই টি তিৰুচিৰাপল্লীৰ প্ৰাক্তন ছাত্ৰ ভেংকট ভেংকটাৰমণৰ লগত সহ প্ৰতিষ্ঠাপক হিচাপে ‘ৰকছেট’ নামৰ ষ্টাৰ্টআপ কোম্পানীটো জন্ম দিছিল৷ মাত্ৰ দুজন অভিযন্তাই কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্লেষণৰ ওপৰত কাম আৰম্ভ কৰাৰ পাছত কোম্পানীটোৰ বৰ্তমান কৰ্মচাৰীৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি পালে৷ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত নতুন উদ্ধাৱনেৰে চমক সৃষ্টি কৰা ‘ৰকছেটে’ কম সময়ৰ ভিতৰতে বিশ্বৰ নামি-দামী ছফ্‌টৱেৰ কোম্পানীসমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ সেই চমকপদ সাফল্য তথা উদ্ধাৱনৰ বাবেই অলপতে মাইক্ৰ’ছফ্‌টৰ সহযোগী অ’পেন-এ আই নামৰ কোম্পানীটোৱে ১০৫ মিলিয়ন ডলাৰত ক্ৰয় কৰে ‘ৰকছেট’ক৷ কাইলৈ অৰ্থাৎ সোমবাৰে ‘ৰকছেট’ৰ ১০০ জনীয়া কৰ্মচাৰীৰ দলটোৱে আনুষ্ঠানিকভাৱে অ’পেন-এ আইত যোগদান কৰিব৷ এতিয়াৰে পৰা অ’পেন-এ আইৰ বহুল ব্যৱহূত ছফ্‌টৱেৰ ChatGPT-ৰ ব্যৱহাৰকাৰীসকলক কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এ আই সম্পৰ্কীয় বাস্তৱ তথ্য বিশ্লেষণাত্মক কাৰ্যত সহায় কৰিব ‘ৰকছেটে’৷ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ‘ৰকছেট’ৰ কি কাম হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ধ্ৰুৱ বৰঠাকুৰে কয়–‘ধৰক আপুনি এজন অসমৰ কৃষক৷ বৰ্তমানৰ তথ্য-প্ৰযুক্তিৰ যুগত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কৃষি বিষয়ত জ্ঞান ল’বলৈ আপুনি ChatGPTক সুধিব যে – এতিয়া কৃষি পথাৰত কি বীজ সিঁচিব লাগিব? আপুনি কেৱল আপোনাৰ স্থান উল্লেখ কৰিব লাগিব আৰু আমাৰ ছফ্‌টৱেৰে বতৰৰ পূৰ্বাভাসৰ পৰা আৰম্ভ কৰি মাটিৰ গুণাগুণ অৱস্থা তথা বীজৰ উপলব্ধ তাৰ  প্ৰতিটো সম্ভাব্য তথ্য সূক্ষ্ণভাৱে বিশ্লেষণ কৰি কেই ছেকেণ্ডমানৰ ভিতৰতে ইয়াৰ উচিত পৰামৰ্শ দিব৷ এক কথাত ভৱিষ্যতৰ প্ৰতিটো ক্ষেত্ৰতে ইয়াক ব্যৱহাৰৰ কথা কল্পনা কৰিব পাৰে৷ কৃত্ৰিম বুদ্ধিমত্তা হৈছে তথ্য প্ৰযুক্তিৰ এক বিঘ্নিত  প্ৰযুক্তি আৰু অনাগত দিনত  যন্ত্ৰই আমাৰ জীৱনৰ বহু স্বাভাৱিক দিশ নিজৰ দখললৈ লৈ যাব৷’ উল্লেখ্য, ৫৫ বছৰীয়া ধ্ৰুৱ বৰঠাকুৰ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন অধ্যাপক ড॰ অৰুণ বৰঠাকুৰ আৰু শিক্ষয়িত্ৰী মীনাক্ষী বৰঠাকুৰৰ পুত্ৰ৷ গুৱাহাটীৰ ডনবস্ক’ত স্কুলীয়া শিক্ষা আৰম্ভ কৰা ধ্ৰুৱ বৰঠাকুৰে কটন বিশ্ববিদ্যালয়ত উচ্ছতৰ মাধ্যমিক আৰু বিআই টিএছ পিলানীত কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল৷ নতুন দিল্লীত ডি ড’টত দুবছৰ কাম কৰি স্নাতকোত্তৰ শিক্ষাৰ বাবে আমেৰিকালৈ গুচি গৈছিল ধ্ৰুৱ বৰঠাকুৰে৷ অসমীয়া ছফ্‌টৱেৰ অভিযন্তাজনে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ৬৯টা অভিনৱ উদ্ধাৱনৰ বাবে পেটেণ্টে লাভ কৰিছে৷ তথ্য প্ৰযুক্তিৰ কেৰিয়াৰত তেওঁ ফেচবুকৰ RocksDB ডাটা ষ্টোৰত অভিযন্তা হিচাপে কাম কৰাৰ লগতে ছাৰ্চ ইঞ্জিন য়াহু, আই বি এম-ট্ৰেঞ্চাৰ লেবত [Andrew File System], ই-কমাৰ্চ ষ্টাৰ্টআপ Oreceipt.com আদি বিভিন্ন সংস্থাত কাম কৰিছিল৷ ফেচবুকৰ চাকৰি এৰি অভিযন্তা বন্ধু ভেংকট ভংকটৰমণৰ সৈতে মিলি প্ৰতিষ্ঠা কৰা ‘ৰকছেট’ৰ কাম হৈছে প্ৰকৃত সময়ৰ অনুসন্ধান আৰু ডাটা বিশ্লেষণ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ এপ্লিকেছনৰ বিজুতি ধৰা পেলোৱা৷ উল্লেখ্য, অসম সন্তান ধ্ৰুৱ বৰঠাকুৰে বৰ্তমান শিক্ষয়িত্ৰী পত্নী আৰু দুই কন্যাৰ সৈতে কেলিফৰ্ণিয়াত বসবাস কৰে৷