Logo
image

পকা আম ফ্ৰীজত ৰখাটো উচিতনে?

গ্ৰীষ্মকালীন সুস্বাদু ফল আম৷ আমক ফলৰ ৰজা বুলি কোৱা হয়৷ ভাৰতবৰ্ষত প্ৰায় এহাজাৰ প্ৰজাতিৰ আম পোৱা যায়৷ সম্প্ৰতি পকা আমে বজাৰ দখল কৰা দেখা গৈছে৷ পকা আম শৰীৰৰ বাবে বৰ উপকাৰী৷ পকা আম বীৰ্যবৰ্ধক, বলকাৰক, পুষ্টিকাৰক আৰু তৃপ্তিদায়ক৷ বহুমূত্ৰ, যক্ষ্মা, কেচুমূৰীয়া, বায়ুৰোগ, কৃমিনাশ, উচ্ছ ৰক্তচাপ আদি ৰোগৰ ক্ষেত্ৰত পকা আমে বেছ উপকাৰ সাধে৷পকা আমত কাৰ্বহাইড্ৰেট, কেৰটিন, আহজাতীয় পদাৰ্থ, খাদ্যপ্ৰাণ গ আদি উপাদান পোৱা যায়৷ পকা আম ফ্ৰীজত ৰাখি ঠাণ্ডা কৰি খাবলৈ ভাল লাগে৷ কিন্তু পুষ্টিবিদসকলৰ মতে পকা আম বেছিদিন ফ্ৰীজত নৰখাই ভাল৷ ফ্ৰীজত ৰাখিলে দুদিনতে ই নৰম হৈ যায়৷ ফলত আমৰ পুষ্টিগুণ কমি যায়৷ লগে লগে আমৰ সোৱাদো কমি যায়৷ ফ্ৰীজত পকা আম ৰাখিলে যদি দুদিনতে নৰম হৈ যায় বা পুষ্টিগুণ তথা সোৱাদ কমি যায় তেন্তে পকা আম কেনেকৈ সুৰক্ষিত কৰি ৰাখিব৷ 

* পকা আম ফ্ৰীজত ৰাখি ঠাণ্ডা কৰি খাবলৈ ভাল লাগে৷ এইক্ষেত্ৰত খোৱাৰ আধা বা এঘণ্টা আগেহে আম ফ্ৰীজত ৰাখি খাওক৷

* যদি আমটো সম্পূৰ্ণ নপকে তেতিয়াহ’লে ফ্ৰীজত ৰাখিব নালাগে৷ আধা পকা অৱস্থাত ফ্ৰীজত আম ৰাখিলে ভালদৰে নপকে৷ তাৰ সোৱাদো কমি যায়৷

* ঘৰৰ ভিতৰৰ এটা কোণত বা বিছনাৰ তলত আম ৰাখিব পাৰে৷ আধা পকা আম বস্তাৰ ভিতৰত ভৰাই ৰাখক৷ এনেদৰে ৰাখিলে আম ভালে থাকে আৰু স্বাভাৱিকভাৱে ই পকি যায়৷

* খিয়াল ৰাখিব লাগে আমৰ ওপৰত যেন ৰ’দ নপৰে৷ তেতিয়াহ’লে কিন্তু পকা আম বেছিদিন ভালে নাথাকে৷ বৰঞ্চপুৰণা বাতৰিকাকতেৰে মেৰিয়াই ৰাখিব লাগে৷ ফলত আমৰ স্বাদ-গোন্ধ অটুট থাকে৷