Logo
image

বজালীত উন্নয়নৰ গংগা বৈছেঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদক, ২৪ জুনঃ বজালী বিধানসভা সমষ্টিত সোমবাৰে ৭ টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে বৰ্তমানৰ বজালী সমষ্টি তথা পূৰ্বৰ পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত বজালী শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ ক্ৰমে সৰলপাৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, মুগুৰীয়া আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আৰু ৭০ নং ভালুকী অংগনবাড়ী কেন্দ্ৰৰ উদ্বোধন কৰা হয়। এই আটাইকেইটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।


তেওঁ কেন্দ্ৰকেইটা উদ্বোধন কৰি কয় যে সমগ্ৰ ৰাজ্যতেই চৰকাৰে এনেধৰণৰ কাম আৰম্ভ কৰিছে। পূৰ্বতে দেখিবলৈ পোৱা সেই জৰাজীৰ্ণ অংগনবাড়ী কেন্দ্ৰৰ পৰিবৰ্তে এতিয়া ন-ৰূপত এই কেন্দ্ৰসমূহ আটক ধুনীয়া কৰি ২৫ লাখ টকা ব্যয় সাপেক্ষে এই কেন্দ্ৰসমূহ নিৰ্মাণ কৰি থকা হৈছে। বজালী সমষ্টিতো এনেকুৱা ধৰণে কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ কাম আৰম্ভ হৈছে। কণ কণ শিশুসকলে যাতে জীৱনৰ আৰম্ভণি সময়ছোৱাত এটা ভাল তথা উপযুক্ত পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি এই কেন্দ্ৰসমূহ নিৰ্মাণ কৰা হৈছে।



উল্লেখ্য যে এই অংগনবাড়ী কেন্দ্ৰসমূহত কণ কণ শিশুসকলৰ বাবে সুন্দৰ পৰিৱেশত অধ্যয়নৰ উপৰিও আছে খেল-ধেমালিৰ বাবে উপযুক্ত ঠাই। শিশুৰ বৌদ্ধিক তথা মানসিক বিকাশ আৰু প্ৰাথমিক শিক্ষাৰ বাবেও কেন্দ্ৰৰ বেৰসমূহতো অংকন কৰা হৈছে ভিন্ন ধৰণৰ ছবি। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, বজালী জিলা পৰিকল্পনা ও উন্নয়ন আয়ুক্ত চহিদুল আলম, সহকাৰী জিলা আয়ুক্ত পিংকী দেৱ নাথ, বজালী জিলা সমাজ কল্যাণ বিষয়া জ্যোতি কুমাৰ দাস, বজালী জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰঞ্জিত শালৈ, বজালী উন্নয়ন খণ্ডৰ বিষয়া চন্দন বেজবৰুৱা,কণিষ্ঠ অভিযন্তা কমলেশ্বৰ কলিতা আৰু বিক্ৰমজিৎ দেৱ আৰু আদৰ্শ অংগনবাদী কেন্দ্ৰৰ কৰ্মী-সহায়িকাকে ধৰি স্থানীয় ৰাইজ।

ইয়াৰ লগতে আজিৰ দিনটোতে বিধানসভা সমষ্টিটোৰ অন্তৰ্গত বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভালুকী গাওঁ পঞ্চায়তৰ কাৰ্যালয় ,পাটাছাৰকুছি গাওঁ পঞ্চায়তৰ কাৰ্যালয় আৰু নিত্যানন্দ গাওঁ পঞ্চায়তৰ কাৰ্যালয় উদ্বোধন কৰে বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। গাঁও পঞ্চায়ত কাৰ্যালয় কেইটাৰ শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন এখন সভাও অনুষ্ঠিত হয়। সভাত ভাষণ প্ৰদান কৰে বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উক্ত উদ্বোধনী অনুষ্ঠানতো উপস্থিত থাকে বিধায়ক তথা মন্ত্ৰীগৰাকীৰ লগতে বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, বজালী উন্নয়ন খণ্ডৰ বিষয়া চন্দন বেজবৰুৱাৰ লগতে পঞ্চায়ত কেইখনৰ সভাপতি-সম্পাদক আৰু পঞ্চায়তৰ ৱাৰ্ড সদস্য-সদস্যাসকল আৰু পঞ্চায়তটোৰ ৰাইজ। তদুপৰি এই শুভ উদ্বোধনী অনুষ্ঠান কেইটাৰ পিছতে বজালীৰ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়তো এটা নৱনিৰ্মিত ভৱন উদ্বোধন কৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে৷