Logo
image

১৫ লাখ ভক্তৰে উখল-মাখল নীলাচলঃ দেশ-বিদেশৰ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে শক্তিপীঠ

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৪ জুনঃ আহাৰ মাহত কামাখ্যাৰ পৰম্পৰা অনুসৰি দেৱী ঋতুমতী হোৱাৰ দিনাৰে পৰা কামাখ্যা দেৱালয়ত আৰম্ভ হোৱা অম্বুবাচী মেলাৰ সোমবাৰে তৃতীয় দিনা ভক্তৰ ভিৰৰে মুখৰিত হৈ পৰে নীলাচল পাহাৰ। আনকি দেওবাৰে নিশা ৯ বজাত কামাখ্যা মন্দিৰ সংযোগী পাণ্ডু পথ আৰু নিশা ৮ বজাত নামনি কামাখ্যা সংযোগী পথ বন্ধ কৰি দিয়াৰ পূৰ্বে কেইবা লাখ ভক্তই ভিৰ কৰে শক্তিপীঠ চৌহদত। 

দেশ-বিদেশৰ অগণন ভক্তৰ সমাৱেশৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় কামাখ্যা ধামত৷ আধ্যাত্মিক পৰিৱেশৰে মুখৰিত হৈ পৰে নীলাচল পাহাৰ। লোকবিশ্বাস অনুসৰি শক্তিপীঠত অম্বুবাচীৰ প্ৰবৃত্তিৰ পাছত আৰম্ভ হোৱা অম্বুবাচী মেলাৰ সময়ত নাৰীশক্তিৰ প্ৰতীকস্বৰূপ দেৱী-কামাখ্যাৰ আশীৰ্বাদ বিচাৰি লাখ লাখ ভক্তৰ সমাগম হয় নীলাচল পাহাৰত। ইফালে কামাখ্যা দেৱালয় পৰিচালনাৰ দায়িত্বত থকা কামাখ্যা বৰদেউৰী সমাজৰ বৰদলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই সোমবাৰে নিশা জনিবলৈ দিয়া মতে অম্বুবাচী মেলাৰ তৃতী়য় দিনটোত কমেও ১৫ লাখ ভক্তৰ সমাগম হৈছে। মঙলবাৰে মেলাৰ শেষৰ দিনটোত আৰু অধিক ভক্তৰ সমাগম হোৱাৰ আশা কৰা হৈছে। ভক্তৰ সমাগম নিয়ন্ত্ৰণ কৰাৰ বাবে ভাৰত স্কাউট এণ্ড গাইডৰ ৩০০ জন স্বেচ্ছাসেৱকে  আৰু দেৱালয়ৰ নিজা ১২০ জন সুৰক্ষা কৰ্মীয়ে দিনে নিশাই সেৱা আগবঢ়াই আছে। 



ইফালে প্ৰথমবাৰৰ বাবে তলৰ পৰা সকলো ভক্তকে খালী ভৰিৰে খোজ কাঢ়ি যোৱাটো বাধ্যতামূলক কৰাত ভক্তসকল দিনৰ ভাগত গৰমৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। আনহাতে অম্বুবাচী মেলাৰ নামত যান-জঁট নিয়ন্ত্ৰণৰ বাবে দীনেশ গোস্বামী পথৰ মালিগাঁওৰ পৰা কামাখ্যাগেট সংযোগী প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ নীলাচল উৰণীয়া সেঁতুখনৰ তলেৰে যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে যদিও সোমবাৰ মাজনিশা পৰ্যন্ত বিগত দুটা দিনৰ দৰে উৰণীয়া সেঁতুৰ ওপৰত সন্ধিয়াৰ পাছত প্রচণ্ড যান-জটৰ সৃষ্টি হৈছে। ইফালে এই পথটোৰ দুয়োকাষে দুপৰীয়াৰ পৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠন তথা ব্যক্তি বিশেষে গাড়ীৰে ভক্তক বিভিন্ন খাদ্য সামগ্রী তথা পানীৰ বটল আদি পথৰ কাষতে বিতৰণ কৰি আহিছে। তেনেদৰে প্রচণ্ড গৰমৰ বাবে বহু লোক মন্দিৰ চৌহদত অসুস্থ হৈ পৰা পৰিলক্ষিত হৈছে বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে নীলাচলৰ নামনিতে ভক্তসকলে জোতা-চেণ্ডেল এৰিবলগীয়া হোৱাত বয়োজ্যেষ্ঠ বহু লোকে নামনিৰ পৰা মূল মন্দিৰলৈ খালী ভৰিৰে খোজ কাঢ়ি অহা-যোৱা কৰাত বহু ভক্ত অসুস্থ হৈ পৰা বুলিও জানিব পৰা গৈছে। একাংশ ভক্তই অভিযোগ কৰা অনুসৰি মন্দিৰ সংযোগী প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা ভক্তসকলক খোজ কাঢ়ি যাবলৈ বাধ্য কৰোৱাৰ বাবে তেওঁলোক স্বাভাৱিকতে অসুবিধা ভোগ কৰিব লগা হৈছে। আনকি মন্দিৰৰ পৰা উভতি অহাৰ পাছত তলত এৰি যোৱা হাজাৰ হাজাৰ জোতা-চেণ্ডেলৰ মাজত নিজৰযোৰ বিচাৰি নাপাই বহু ভক্তই বিফল মনেৰে উভতি যাবলগীয়া হৈছে। 

আনহাতে কামাখ্যা বৰদেউৰী সমাজে কিছুমান ৱেবচাইট আৰু এপত মা কামাখ্যা দেৱালয়ৰ নামত অনলাইন পূজা অৰ্চনা আগবঢ়োৱাৰ বাবে ধন বিচৰা আদি কাৰ্যৰ পৰা ভক্তসকলক বিৰত থাকিবলৈ আহ্বান জনাইছে। এনেধৰণৰ কাৰ্যৰ লগত কামাখ্যা দেৱালয়ৰ কোনো লোক জড়িত নহয় বা মা কামাখ্যাৰ নামত এনে ধৰণৰ কোনো কাৰ্য আজিলৈকে প্ৰচলন হোৱা নাই বুলিও স্পষ্ট কৰি দিছে দলৈ সমাজে।