Logo
image

‘টীম ইণ্ডিয়া’ত ৰিয়ান পৰাগ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ জুন : ৩ নিযুত ‘ৰেজিষ্টাৰ্ড’ ক্ৰিকেটাৰ থকা এখন বিশাল দেশত, য’ত ২০০০ৰো অধিক অধিক ‘ভেন্যু’ত বছৰত ৩লাখখন মেচ হয়– সেই ডেৰশ কোটি জনসংখ্যাৰ ভাৰতবৰ্ষত স্ব›Ÿৰ ক্ৰিকেট দলটোৰ নীলা জাৰ্ছি শৰীৰত পৰিধান কৰিবলৈ পোৱাটো কিমান দুৰ্লভ; সেয়া কেৱল  প্ৰতিদ্বন্দ্বিতাত দৌৰি থকা ক্ৰিকেটাৰজনেহে উপলব্ধি কৰিব পাৰে৷ আকৌ, অসমৰ দৰে এখন ৰাজ্যত, য’ত অগণন প্ৰতিভাধৰে ‘মেন ইন ব্লু’ত প্ৰৱেশ কৰিবৰ বাবে ৭৬ বছৰ ধৰি কেৱল ঘাম নিগৰাই বেট-বলেৰে সংগ্ৰাম কৰি আছে– সেই ৰাজ্যবাসীয়ে মৰ্মে মৰ্মে বুজে টীম ইণ্ডিয়াৰ ১৫ জনৰ মাজত প্ৰৱেশৰ সপোনটো কিমান বিশাল৷ সেই দীৰ্ঘায়িত সপোন আজি দিঠকত পৰিণত কৰি ৰিয়ান পৰাগে টীম ইণ্ডিয়াত প্ৰথমটো খোজ থ’লে৷ আক্ষৰিক অৰ্থতে ইতিহাস সৃষ্টি কৰিলে ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত অসম কি, উত্তৰ পূৰ্বৰ পৰাই প্ৰথমজন ক্ৰিকেটাৰ হিচাপে প্ৰৱেশ কৰি৷ ৰিয়ান পৰাগ আৰু অসমৰ অযুত ক্ৰিকেটপিপাসুৰ এই সপোনৰ দুৱাৰখন খোল খালে জিস্বাবৱেগামী ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে৷ অহা ৬জুলাইৰ পৰা দেশখনৰ ৰাজধানী হাৰাৰেত হ’বলগীয়া ৫খনীয়া টি-২০ দলৰ ১৫জনীয়া সদস্যৰ অন্যতম হিচাপে ৰিয়ানৰ নাম ঘোষণা কৰাৰ লগে লগে অসমবাসীৰো ক্ৰিকেটৰ অতদিনে অপূৰ্ণ হৈ থকা স্বপ্নটো পূৰণ হ’ল৷ 

চলিত টি-২০ বিশ্বকাপগামী টীম ইণ্ডিয়াৰ বিমানত উঠো নুঠেকৈ ৰিয়ান ৰৈ যোৱাত আশাহত হৈছিল ৰাজ্যবাসী৷ আশাহত হৈছিল স্বয়ং ৰিয়ান আৰু ক্ৰীড়াবিদৰ পৰিয়ালটোও৷ কিন্তু তেতিয়াও ৰিনি ৰিনি আশাৰ আলোক দেখুৱাই আছিল জিম্মাবৱেৰ এই সম্ভাৱ্য ছফৰে৷ অৱশেষত সেই ক্ষীণ আশাৰ আলোক আজি দীপ্তিমান হৈ জ্বলিল ৰিয়ানৰ টীম ইণ্ডিয়াত মগৰ্ব প্ৰৱেশেৰে৷ আশা এইবাবেই আছিল– সদস্যসপ্তাহ আইপিএলত এইবাৰ ৰিয়ানে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল৷ ১৬টা ইনিংছত ৰিয়ানৰ সংগ্ৰহ আছিল ৫৭৩ৰান৷ তেওঁৰ সন্মুখত আছিল মাথোঁ ভাৰতীয় ক্ৰিকেটৰ এতিয়াৰ অবিসম্বাদী সম্ৰাট বিৰাট কোহলি [৭৪১] আৰু ঋুতুৰাজ গাইকোৱাড় [৫৮৩]৷ সৰ্বোচ ৮৪ আৰু ৫২.০৯ গড়েৰে অৱিশ্বাস্য ১৩৫ ষ্টাইক ৰেট থকা ৰিয়ান পৰাগে যিকোনো দিনাই টীম ইণ্ডিয়াৰ নীলা জাৰ্ছি নিপিন্ধিব বুলি তেওঁৰ কঠোৰ সমালোচকেও বাজী ৰাখিব পৰা নাছিল৷ এই প্ৰদৰ্শনেৰেই ৰিয়ানৰ টীম ইণ্ডিয়াৰ প্ৰৱেশ আছিল কেৱল সময়ৰ অপেক্ষা৷ আজি সেই অপেক্ষাৰ অৱসান ঘটিল৷ ৰিয়ানৰ ক্ষেত্ৰত অপেক্ষা অন্তহীন নহ’ল, যিমান দিন অপেক্ষা কৰিবলগীয়া হৈছিল অসমবাসীয়ে৷ কিয়নো ১৯৪৮ চনত প্ৰতিষ্ঠা হোৱাৰ পৰা অসম ক্ৰিকেট সন্থায়ো যোৱা ৭৬বছৰ অপেক্ষাই কৰিছে– জাতীয় দলৰ এজন অসমীয়া ক্ৰিকেটাৰৰ বাবে৷

টীম ইণ্ডিয়াত প্ৰৱেশ কৰিব পৰাকৈ ৰিয়ান পৰাগৰ প্ৰতিভা আছিল, দক্ষতা আছিল৷ ৰিয়ান নিজৰ খেলত ফকাচডও আছিল, মেচ টেম্পেৰামেণ্টৰো অভাৱ নাছিল৷ সেই প্ৰতিভা আৰু দক্ষতাৰ প্ৰয়োগত বিগত সময়ত ৰিয়ানৰ সামান্য ত্ৰুটি আছিল আৰু এপ্লিকেচনৰ দুৰ্বলতাৰ বাবেই ৰিয়ানৰ অপেক্ষা সামান্য দীৰ্ঘায়িত হ’ল৷ অসমবাসীয়ে ধৈৰ্যৰে অপেক্ষা কৰিছিল আৰু ৰিয়ানেও কঠোৰ পৰিশ্ৰম এৰা নাছিল৷ আজি ইতিহাস ৰচি ৰিয়ানৰ টীম ইণ্ডিয়াত প্ৰৱেশ সেই ধৈৰ্য আৰু পৰিশ্ৰমৰে ফলশ্ৰুতি৷ এইটো ছিজনতে ৰিয়ানে টীম ইণ্ডিয়াত প্ৰৱেশ কৰিব পৰাকৈ আইপিএলৰ দুৰ্দান্ত প্ৰদৰ্শনৰ উপৰি ‘বেকআপো’ ৰাখি থৈছিল৷ সেয়া  আছিল ছৈয়দ মুস্তাক আহমেদ টি-২০ আৰু ঘৰুৱা ছিজনত৷ আইপিএলত বিস্ফোৰক মুৰ্তি ধৰাৰ পূৰ্বে ৰিয়ানে এইবাৰ মুস্তাক আহমেদ টি-২০ত ১৮২.৭৯ ষ্ট্ৰাইক ৰেটেৰে ৫১০ৰান সংগ্ৰহ কৰিছিল, য’ত সমাহাৰ ঘটিছিল জ্জটাকৈ অৰ্ধশতৰানৰ ইনিংছ৷ ২০২৩ৰ দেওধৰ ট্ৰফীত ৰিয়ান আছিল সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ৷ দেওধৰৰ মেন অৱ দ্য ছিৰিজ ৰিয়ানে ২০২৩ ৰ ৰঞ্জিত অনবদ্য প্ৰদৰ্শন আগবঢ়াইছিল৷ ছত্তীশগড়ৰ বিৰুদ্ধে ৫৬টা বলত চেঞ্চুৰী কৰি ৰঞ্জি ইতিহাসৰ দ্ৰুততম শতকৰ অভিলেখ কুক্ষিগত কৰিছিল ৰিয়ানে৷ এই ধাৰাবাহিক বিস্ফোৰণৰ পাছত টীম ইণ্ডিয়াত ৰিয়ানৰ প্ৰৱেশ অনিবাৰ্য হৈ পৰিছিল৷ সঁচা অৰ্থত অপ্ৰতিৰোধ্য প্ৰদৰ্শনেৰেই টীম ইণ্ডিয়াত অসম তথা উত্তৰ পূবৰ হৈ প্ৰথমটো সাৰ্থক পদস্পৰ্শ দিলে ৰিয়ান পৰাগে৷ 

আজি যেন শাপমুক্ত হ’ল অসমৰ ক্ৰিকেট৷ সেই অৱণী হাজৰিকাৰ পৰা আবু নেচিমলৈ– কিমান জনে কৰাঘাত কৰিছে টীম ইণ্ডিয়াৰ দুৱাৰত৷ কিন্তু বিগত ৭৬ বছৰে মুকলি হোৱা নাছিল সেই ৰুদ্ধদ্বাৰ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ’৬০১ দশকত টীম ইণ্ডিয়াত প্ৰৱেশোদ্যত অৱনী হাজৰিকা থমকি ৰৈছিল সামান্য শাৰীৰিক আঘাতৰ বাবে৷ তাৰ পাছত দুৰ্ধৰ্ষ বেটছমেন [এতিয়া বেটাৰ] মাধুৰ্যপ্ৰসাদ বৰুৱা, পেছ বলাৰ অনুপ ঘটক, অৱিশ্বাস্য প্ৰতিভাধৰ বেটছমেন ৰাজেশ বৰা, বলাৰ গৌতম দত্ত আৰু সৰ্বশেষত আবু নেচিমে সজোৰে আঘাত কৰিছিল টীম ইণ্ডিয়াৰ প্ৰৱেশদ্বাৰত৷ কিন্তু বিভিন্ন কাৰকত তেওঁলোকৰ প্ৰৱেশ সম্ভৱ হোৱা নাছিল আৰু ক্ৰমাৎ দীৰ্ঘায়িত হৈছিল অসমবাসীৰ প্ৰতীক্ষা৷ অৱশেষত ’২৪১ ২৪ জুনত সেই অধীৰ অপেক্ষাৰ অৱসান ঘটিল ৰিয়ান পৰাগ নামৰ ২২ বছৰীয়া এজন সুঠাম তৰুণৰ ৰূপত, যাৰ বেটিঙত জিলিকি থাকিব ৩ কোটি অসমবাসীৰ ক্ৰিকেট অতদিনৰ অপূৰ্ণ স্বপ্ন, পূৰ্ণৰূপত৷

চন্দ্ৰপৃষ্ঠত প্ৰথম মানৱৰূপে ভৰি থোৱা নীল আৰ্মষ্ট্ৰঙৰ কিম্বদন্তী হৈ পৰা বাক্যশাৰী সামান্য সলাই ক’ব পাৰি–ইট্‌ছ ৱান স্মল ষ্টেপ ফৰ মেন, বাট ৱান জায়েণ্ট লিপ ফৰ ‘আছাম’৷ সঁচাই, ৰিয়ানৰ খোজ অসমৰ বাবে বৃহৎ পদক্ষেপ৷