Logo
image

ইমাৰ্জেঞ্চীৰ ৫০ বছৰ হ’ল ৰাইজে আৰু নাটক নিবিচাৰে

নতুন দিল্লী, ২৫ জুন : কালিৰে পৰা আৰম্ভ হৈছে সংসদৰ অধিৱেশন৷ প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম অধিৱেশন এয়া৷ কিন্তু অধিৱেশনৰ পূৰ্বেই আজি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সাংসদসকলে সংসদ ভৱনৰ বাহিৰে-ভিতৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ‘জৰুৰী অৱস্থা’ৰ প্ৰসংগ উত্থাপন কৰি বিৰোধী শিবিৰ বিশেষকৈ কংগ্ৰেছ দলটোক আক্ৰমণ কৰাৰ লগতে সকলোৰে পৰা সহযোগিতা বিচাৰে৷ আজি অধিৱেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত মোদীয়ে কয়–‘গণতন্ত্ৰৰ বাবে আজিৰ দিনটো গৌৰৱৰ৷ এইবাৰ ৬৫ কোটিৰো অধিক নাগৰিকে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে৷ ধাৰাবাহিকভাৱে চৰকাৰখনক পুনৰ ক্ষমতালৈ ওভতাই আনিছে৷ স্বাধীনতাৰ পাছত দ্বিতীয়বাৰ এয়া সম্ভৱ হৈছে৷ ৬০ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি ঘটিল৷ এয়াই প্ৰমাণ কৰে যে, দেশৰ জনসাধাৰণে চৰকাৰৰ উদ্দেশ্যে নীতি আৰু সদিচ্ছাৰ প্ৰতি আস্থা ৰাখিছে৷’ ইপিনে নিজৰ বক্তব্যত মোদীয়ে পূৰ্বৰ ‘জৰুৰী অৱস্থা’ৰ প্ৰসংগ উত্থাপন কৰি কয়–‘কাইলৈ জৰুৰী অৱস্থাৰ ৫০ বছৰ পূৰ্তি দিৱস৷ জৰুৰী অৱস্থা ভাৰতৰ ইতিহাসৰ বাবে ক’লা অধ্যায় হৈ ৰ’ব৷ এনে পৰিস্থিতি যাতে ভাৰতত পুনৰ উভতি নাহে তাৰবাবে আমি সংসকল্প ল’ব লাগিব৷’

ইপিনে ‘জৰুৰী অৱস্থা’ৰ প্ৰসংগ উত্থাপনেৰে মোদীয়ে কংগ্ৰেছক আক্ৰমণ কৰাৰ লগতে আজি বিৰোধীৰ পৰা সহযোগিতাও বিচাৰে৷ তেওঁ কয়–‘তৃতীয়টো কাৰ্যকালত আমি পূৰ্বতকৈ ৩ গুণ বেছি পৰিশ্ৰম কৰিম৷ এইবাৰ বিকশিত ভাৰতৰ ২০৪৭ টা সপোন লৈ অধিৱেশন আৰম্ভ হৈছে৷ চৰকাৰে সুস্থ অধিৱেশন বিচাৰে৷ ভাৰতে বিচাৰিছে দায়িত্বশীল বিৰোধী৷ কাৰণ মানুহে কাম বিচাৰে, শ্ল’গান নহয়৷ সদনত বিতৰ্ক বিচাৰে, নাটক নহয়৷ আশা কৰো বিৰোধীয়ে জনসাধাৰণৰ আশা পূৰণ কৰিব৷’

উল্লেখ্য যে আজি অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিজেপি সাংসদ ভৰ্তুহৰি মেহতাবক লোকসভাৰ প্ৰটেম অধ্যক্ষৰূপে শপত বাক্য পাঠ কৰায়৷ ইয়াৰ পাছতে প্ৰটেম অধ্যক্ষই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ লোকসভাৰ সাংসদৰূপে শপত গ্ৰহণ কৰায়৷ পৰৱৰ্তী সময়ত মন্ত্ৰীসভাৰ অন্যান্য সদস্য তথা সাংসদ সকলেও শপত গ্ৰহণ কৰে৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সদনত প্ৰৱেশ কৰাৰ লগে লগে শাসকীয় পক্ষৰ সাংসদসকলে ‘জয় জগন্নাথ’ শ্ল’গান দিয়া আৰম্ভ কৰে৷ আনহাতে বিৰোধী সকলে মোদীক সংবিধান দেখুৱাই শ্লোগান দিয়া আৰম্ভ কৰে৷ ইপিনে, অহা কাইলৈ অৰ্থাৎ ২৬ জুনত লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে৷ অৱশ্যে উপাধক্ষ্যৰ নিৰ্বাচন কেতিয়া হ’ব সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই৷ উল্লেখ্য যে সংবিধানৰ ৯৩ অনুচ্ছেদ অনুসৰি সৰ্ব সন্মতি ক্ৰমে লোকসভাৰ অধ্যক্ষ নিৰ্বাচন কৰা হয়৷ এইবাৰৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী কোন হ’ব সেয়া কাইলৈহে এন ডি এৰ তৰফৰ পৰা ঘোষণা কৰা হ’ব যদিও এইক্ষেত্ৰত আজি প্ৰথম দিনৰ অধিৱেশনত অধ্যক্ষতা কৰা ভৰ্তুহৰি মেহতাব, ৰাধামোহন সিং আৰু ডি পুৰনডেশ্বৰীৰ নাম উচ্ছাৰিত হৈছে৷