Logo
image

চৰকাৰী বিদ্যালয়ত পঢোঁতালৈ মেডিকেলত ৫৮খন আসন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ জুন : এইবাৰ অসমৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নাথাকিব পাৰে প্ৰৱাসী ভাৰতীয়ৰ সংৰক্ষণ আসন অৰ্থাৎ এনআৰআইকোটা৷ ধনৰ বিনিময়ত অসম চৰকাৰে মেডিকেল পাঠ্যক্ৰমৰ আসন বিক্ৰী কৰা বিষয়টোক লৈ বিতৰ্কৰ লগতে উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু হোৱাত চলিত শিক্ষাবৰ্ষত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত  নেতৃত্বাধীন এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদন অগ্ৰাহ্য কৰি পুনৰ তদন্তৰ নিৰ্দেশ দিছে বিশেষ ন্যায়াধীশৰ আদালতে৷ উল্লেখ্য, উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ তদন্তৰ বাবে গঠিত প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ২০১৩ আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাত বক্ৰ পথেৰে বাছনি লাভ কৰা প্ৰায় ৫০ জন ভুৱা বিষয়াক অভিযুক্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল৷ এই প্ৰতিবেদনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দীৰ্ঘদিনে দিছপুৰত পেলাই ৰাখিছিল যদিও অৱশেষত ন্যায়ালয়ৰ ৰোষত পৰাৰ ভয়ত তদন্তৰ বাবে এছ আই টি গঠন কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু দুই আইপিএছ বিষয়াই নেতৃত্ব দিয়া এছ আই টিয়ে এৰা-ধৰাৰ মাজেৰে তদন্ত কৰি নিয়মমাফিকভাৱে বি কে শৰ্মাৰ আয়োগে অভিযুক্ত কৰা আটাইকেইজন বিষয়াকে জেৰা কৰে যদিও ইয়াৰে মাত্ৰ ৫ জন অভিযুক্তকহে গ্ৰেপ্তাৰ কৰে৷ ধৃত অভিযুক্ত ৫ জনকে ধৰি সৰ্বমুঠ ২১ জন অভিযুক্ত বিষয়াক ইতিমধ্যে সংশ্লিষ্ট বিভাগে নিলম্বন কৰাৰ বিপৰীতে এপিএছ নৱনীতা শৰ্মাকে ধৰি বাকীসকল অভিযুক্তক আজিও চাকৰি কৰিবলৈ সুযোগ প্ৰদান কৰি আহিছে দিছপুৰে৷ আশ্চৰ্যজনকভাৱে এছ আই টিয়ে প্ৰথমে ধৃত এপিএছ বিষয়া শ্বাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা আৰু নিয়োগ বিষয়া ৰাকেশ দাসৰ লগতে শেহতীয়াকৈ এপিএছ সুকন্যা দাস, কৰ অধীক্ষক ৱাহিদা বেগম আৰু তদানীন্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰণক নন্দবাবু সিনহাৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছিল৷ ২০ জুনত দাখিল কৰা এই অভিযোগনামাৰ লগতে এছ আই টিয়ে পূৰ্বে প্ৰাক্তন ন্যায়াধীশ বি কে শৰ্মা আয়োগে দোষী সাব্যস্ত কৰা তথা সংশ্লিষ্ট বিভাগে নিলম্বন কৰা আন ১৮ জন বিষয়াৰ বিৰুদ্ধে এপিএছচি পৰীক্ষাৰ সমষ্ট উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীট তন্নতন্নকৈ নিৰীক্ষণ কৰাৰ পাছতো তদন্তত বক্ৰ-পথেৰে বাছনি লাভ কৰাৰ কোনো তথ্য প্ৰমাণ লাভ নকৰিলে বুলিও প্ৰতিবেদন দাখিল কৰিছিল৷ আশ্বৰ্যজনকভাৱে এছ আই টিয়ে নিয়মমাফিক জেৰা কৰি ৰেহাই দিয়া এপিএছ নৱনীতা শৰ্মাকে ধৰি বাকী নিলম্বন নোহোৱা তথা ন্যায়িক আয়োগে অভিযুক্ত কৰাৰ পাছতো বৰ্তমানেও চাকৰি কৰি থকা বিষয়াকেইজনৰ সন্দৰ্ভত অভিযোগনামাত কোনো শব্দই উল্লেখ নকৰিলে৷ স্বাভাৱিকতেই এছ আই টিৰ এই প্ৰতিবেদনত ক্ষুব্ধ হৈ পৰিছে বিশেষ ন্যায়াধীশৰ আদালত৷ গৃহ বিভাগে যে আদালতকো বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি এপিএছচি কেলেংকাৰিৰে জড়িত একাংশক ৰেহাই দিব বিচাৰিছে সেয়া স্পষ্ট হৈ পৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিততেই সোমবাৰে বিশেষ ন্যায়াধীশৰ আদালতে এছ আই টিৰ প্ৰতিবেদন অগ্ৰাহ্য কৰি পূৰ্বে ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে পুনৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি তদন্তকাৰী আৰক্ষীৰ এটা সূত্ৰই জানিবলৈ দিছে৷ তদুপৰি আদালতে এচ আই টিৰ অভিযোগনামাত সকলো অভিযুক্তৰ বিৰুদ্ধে তদন্তৰ সম্পূৰ্ণ খতিয়ান কিয় নাই বুলিও প্ৰশ্ন কৰে তদন্তকাৰী বিষয়াক৷ আদালতে ন্যায়িক আয়োগে অভিযুক্ত কৰা ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে পুনৰ অধিক তদন্তৰ নিৰ্দেশ দিয়াতেই ক্ষান্ত নাথাকি তদন্তকাৰী বিষয়া প্ৰতীক ভি থুকেক তীব্ৰ ককৰ্থনা কৰা বুলিও জানিব পৰা গৈছে৷ অৱশ্যে এপিএছচি কেলেংকাৰিত জড়িত অভিযুক্তক ৰহস্যজনক কাৰণত মুখ্যমন্ত্ৰী অধীনস্থ গৃহ বিভাগে ৰক্ষণাবেক্ষণৰ চেষ্টা চলাই আদালতত মুখ থেকেচা খোৱাৰ পাছত এছ আই টিয়ে এতিয়া এইসকল অভিযুক্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়৷