Logo
image

বিনামূলীয়া নামভৰ্তিৰ নামত বিশেষ ছিণ্ডিকেট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুন : দুখীয়া আৰু আৰ্তজনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিখন এক আশা আৰু প্ৰেৰণাৰ উৎস হৈ পৰিছে৷ পূৰ্বতে ধনৰ অভাৱত আধাতে শিক্ষা এৰিবলগীয়া হোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে এতিয়া প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়ত বিনামূলীয়াকৈ উচ্ছশিক্ষা গ্ৰহণৰ সুযোগ পাইছে৷ কাজেই এই আঁচনিখনে চৰকাৰৰ দুখীয়া-দৰিদ্ৰৰ প্ৰতি থকা অনুকম্পা, সদিচ্চা তথা দায়ৱদ্ধতাক প্ৰতিফলিত কৰিছে৷ দেশৰ ভিতৰতে ব্যতিক্ৰমী এই আঁচনিখনে ৰাইজৰ পৰা ভূৰি ভূৰি প্ৰশংসা লাভ কৰিছে৷ কিন্তু ইয়াৰ পিছতো ৰাজ্যত বহুসংখ্যক ধনৱান আৰু সম্পদশালী লোকৰ সন্তানেও বক্ৰপথেৰে ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অধীনত কলেজত বিনামূলীয়া নামভৰ্তিৰ সুযোগ গ্ৰহণ কৰাৰ অভিযোগ উঠিছে৷ চৰকাৰী চাকৰিয়াল বা চৰকাৰক কৰ আদায় দিয়া সকলে সন্তানৰ নামভৰ্তিত জালিয়াতিৰ আশ্ৰয় ল’ব নোৱাৰে যদিও স্বচ্ছলভাৱে ব্যৱসায়, খেতিবাতি বা সৰু সুৰা ঠিকাঠুকুলি কৰি জীৱন নিৰ্বাহ কৰা একাংশ লোকে নিজৰ প্ৰকৃত উপাৰ্জন লুকুৱাই মহাবিদ্যালয়সমূহত সন্তানক বিনামূলীয়া নামভৰ্তিৰ সুবিধা কৰি দিছে৷ ভুৱাকৈ বছৰি দুই লাখৰ তলত তেওঁলোকৰ উপাৰ্জন বুলি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণ কৰিছে৷ এই ক্ষেত্ৰত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীও ভুৱা উপাৰ্জনৰ প্ৰমাণ-পত্ৰ উলিয়াই দিয়া চক্ৰৰ সৈতে জড়িত হৈ আছে৷ বিলাসী ৰিজ’ৰ্টত ৬ লাখ টকাৰ পাৰ্টী দিয়া লোকৰ সন্তানেও কলেজত বিনামূলীয়া নামভৰ্তি লোৱাৰ তথ্য আছে৷ এনেধৰণৰ অসংখ্য ঘটনা ঘটিছে বিগত সময়ছোৱাত৷ ফলত মাধমাৰ পৰিছে চৰকাৰী খণ্ডৰ কলেজবোৰৰ ওপৰত৷ বিশেষকৈ ত্ৰাহি মধুসূদন সুঁৱৰিছে গ্ৰামাঞ্চলৰ চৰকাৰী কলেজসমূহে৷ এজন লোকে নিজৰ আয় বছৰি দুই লাখ টকাতকৈ কম বুলি চক্ৰ বিষয়াৰ পৰা প্ৰমাণ-পত্ৰ আনি দিলেই কামটো শেষ হৈ যায় নেকি? কথাটো সঁচা নে মিছা সেই বিষয়ে চৰকাৰে তদন্ত কৰিব নালাগে নেকি? প্ৰকৃততে চৰকাৰী ব্যৱস্থাত থকা খুটি-নাটিৰ বাবেহে এনে অসম্ভৱ সম্ভৱ হৈছে৷ বিনামূলীয়া নামভৰ্তিৰ বাবে গ্ৰহণ কৰা উপাৰ্জনৰ প্ৰমাণ-পত্ৰৰ সঠিক পুনৰীক্ষণৰ ব্যৱস্থা নথকাৰ বাবেই এনে জালিয়াতি সম্ভৱ হৈছে৷ এই ক্ষেত্ৰত অৱশ্যে কলেজসমূহৰ কতৃৰ্পক্ষৰো হাত বন্ধা, কিয়নো চক্ৰ বিষয়াই দিয়া প্ৰমাণ-পত্ৰ কোনো কলেজৰ অধ্যক্ষই অমান্য কৰিবলৈ মৰসাহ কৰিব নোৱাৰে৷ ৰাজ্যৰ মহাবিদ্যালয় সমূহত বিশেষকৈ গ্ৰামাঞ্চলৰ মহাবিদ্যালয়সমূহত ৮০-৯০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি অৰ্থাৎ পৰিয়ালৰ বাৰ্ষিক আয় দুই লাখ টকাৰ তলত দেখুওৱাৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দৰিদ্ৰতা নিৰ্মূল আঁচনিৰ প্ৰতিও প্ৰশ্নবোধক চিহ্ন থিয় কৰাইছে৷ যদিহে ৰাজ্যত সঁচাকৈ ইমান মানুহ দুখীয়াই আছে, তেন্তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰতাৰ পৰা উন্নীত হোৱা বুলি সময়ে সময়ে দাবী কৰি প্ৰকাশ পৰিসংখ্যাবোৰৰ প্ৰতিও মানুহৰ মনত সন্দেহৰ সৃষ্টি হ’ব, ইতিমধ্যে হৈছেই৷ লক্ষণীয় যে ৰাজ্যৰ গ্ৰামাঞ্চলৰ কলেজ সমূহক ৰাজ্য চৰকাৰে বিনামূলীয়া নামভৰ্তিৰ ধন সময় মতে মুকলি কৰি নিদিয়াৰ ফলত চৰম বিত্তীয় দুৰ্দশাৰ সন্মুখীন হৈছে সংশ্লিষ্ট কলেজসমূহ৷ বহু কলেজত এতিয়া চক-পেঞ্চিল, বিদ্যুতৰ মাচুল দিবলৈও ধন নাই৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে যে ‘প্ৰজ্ঞান ভাৰতী’ৰ অধীনত কলেজত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াৰ আয়ৰ প্ৰমাণ-পত্ৰৰ পৰিৱৰ্তে ৰেচন কাৰ্ড কপি দিয়ো নামভৰ্তিৰ সুযোগ গ্ৰহণ কৰিব পাৰিব৷ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে যিসকলে আয়ৰ প্ৰমাণ-পত্ৰ দিব পৰা নাই, তেওঁলোকে ৰেচন কাৰ্ড দিয়ো বিনামূলীয়া নামভৰ্তিৰ সুযোগ ল’ব পাৰিব৷ ইয়াৰ ফলত আৰু এক বিশৃংখলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো বহু চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ আদিৰো আছে ৰেচন কাৰ্ড৷ নিশ্চয়কৈ এইসকলৰ বছৰেকীয়া উপাৰ্জন ২ লাখৰ অধিক৷