Logo
image

টি-২০ বিশ্বকাপত আফগানিস্তানৰ চমক

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ যুটীয়া উদ্যাগত অনুষ্ঠিত এইবাৰৰ টুৱেণ্টী২০ বিশ্বকাপত যিকেইটা দলক খিতাপ জয়ৰ সম্ভাৱনা থকা বুলি বিবেচনা কৰা হৈছিল, সেই দলকেইটাৰ ভিতৰত অন্যতম আছিল ২০২২ চনৰ চেম্পিয়ন অষ্ট্ৰেলিয়া৷ কিন্তু দলটোৱে এইবাৰ ছেমিফাইনেলৰ পূৰ্বেই বিদায় ল’বলগীয়া হৈছে৷ দলটোৰ এই ব্যৰ্থতাৰ মূলতে হৈছে তুলনামূলকভাৱে দুৰ্বল বুলি বিবেচনা কৰা আফগানিস্তান৷ ছুপাৰ এইটৰ প্ৰতিদ্বন্দ্বিতাত আফগানিস্তানে অষ্ট্ৰেলিয়া আৰু বাংলাদেশক পৰাস্ত কৰাৰ পাছত অষ্ট্ৰেলিয়াৰ ছেমিফাইনেল খেলাৰ আশা নিৰ্বাপিত হয়৷ তাৰ বিপৰীতে প্ৰথমবাৰৰ বাবে টুৱেণ্টী২০ বিশ্বকাপৰ ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে আফগানিস্তানে৷ ছুপাৰ এইটত অষ্ট্ৰেলিয়া আৰু বাংলাদেশক পৰাস্ত কৰাৰ পূৰ্বে গ্ৰুপৰ খেলত আফগানিস্তানে আন এটা শক্তিশালী দল নিউজীলেণ্ডকো শোচনীয়ভাৱে পৰাস্ত কৰিছিল৷ ২০১০ চনত প্ৰথমবাৰৰ বাবে টুৱেণ্টী২০ বিশ্বকাপত খেলাৰ যোগ্যতা অৰ্জন কৰাৰ পাছত প্ৰতিবাৰেই টুৰ্নামেণ্টখনত খেলি আছে৷ ২০১৬ চনত দলটো ছুপাৰ টেন আৰু ২০২১, ২০২২ চনত ছুপাৰ টুৱেল্‌ভত উপনীত হৈছিল৷ ছেমিফাইনেলত আফগানিস্তানৰ প্ৰতিদ্বন্দ্বী হ’ব দক্ষিণ আফ্ৰিকা৷ দক্ষিণ আফ্ৰিকা এইবাৰৰ টুৰ্নামেণ্টত এতিয়ালৈকে অপৰাজিত আছে৷  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুয়োটা দলৰ প্ৰদৰ্শনৰ তুলনা কৰিলে দক্ষিণ  আফ্ৰিকাকে আগস্থানত ৰাখিব পাৰি যদিও এইবাৰৰ  বিশ্বকাপত আফগানিস্তানে যি প্ৰদৰ্শন দেখুৱাইছে, তালৈ চাই ক’ব পাৰি যে এই দলটোৰ যিকোনো দলকে পৰাস্ত কৰাৰ সামৰ্থ্য আছে৷ আফগানিস্তানৰ কেইবাজনো ক্ৰিকেটাৰে বিশ্বৰ বিভিন্ন স্থানৰ টুৱেণ্টী২০ লীগত নিয়মিত খেলি আছে৷ সেয়েহে ক্ৰিকেটৰ এই চমু সংস্কৰণটোত তেওঁলোক যথেষ্ট অভিজ্ঞ৷ এইবাৰৰ টুৱেণ্টী২০ বিশ্বকাপত আফগানিস্তান এতিয়ালৈকে কেৱল ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ হাততহে পৰাস্ত হৈছে৷ আফগানিস্তান ক্ৰিকেট দলৰ শেহতীয়া এই উত্থানত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ জোনাথন ট্ৰটৰ বিশেষ ভূমিকা আছে৷ ২০২২ চনৰ জুলাইত ট্ৰট আফগানিস্তানৰ মুখ্য প্ৰশিক্ষক নিযুক্ত হৈছিল৷ তেওঁৰ প্ৰশিক্ষণত তিনিওপ্ৰকাৰৰ ক্ৰিকেটত আফগানিস্তানৰ ক্ৰিকেটৰ মান যথেষ্ট উন্নত হৈছে৷ তেওঁৰ প্ৰশিক্ষণতে আফগানিস্তানে ভাৰতত অনুষ্ঠিত ২০২৩ চনৰ ৫০ অভাৰৰ বিশ্বকাপত ইংলেণ্ড, শ্ৰীলংকা আৰু পাকিস্তানৰ দৰে শক্তিশালী দলক পৰাস্ত কৰিছিল৷ দলটোৰ বৰ্তমানৰ বলিং প্ৰশিক্ষক হৈছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰ ডোৱাইন ব্ৰেভো৷ আফগানিস্তান ক্ৰিকেট দলটোক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ অজয় জাদেজাৰো বিশেষ ভূমিকা আছে৷ ২০২৩ চনৰ ৫০ অভাৰৰ বিশ্বকাপৰ পূৰ্বে জাদেজাক দলটোৰ মেণ্টৰ নিয়োগ কৰা হৈছিল৷ অজয় জাদেজাৰ পূৰ্বে ভাৰতৰে লালচান্দ ৰাজপুত আৰু মনোজ প্ৰভাকৰে আফগানিস্তান ক্ৰিকেট দলক প্ৰশিক্ষণ দিছিল৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আফগানিস্তানৰ এই উত্থানত ভাৰতৰ বিশেষ অৰিহণা আছে৷ দেশখনত ক্ৰিকেটৰ উপযুক্ত আন্তঃগাঁথনি নথকা বাবে ২০১৫ চনত আফগানিস্তানে অস্থায়ী হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিছিল গ্ৰেটাৰ নয়দাস্থিত শ্বহীদ বিজয় সিং পাঠিক স্প’ৰ্টছ কমপ্লেক্স৷ এয়া সম্ভৱ হৈছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সহযোগিতাৰ বাবে৷ ২০১৭ চনত এই স্থানত আফগানিস্তানে আয়াৰলেণ্ডৰ সৈতে দ্বিপাক্ষিক শৃংখলাও খেলিছিল৷ কেৱল গ্ৰেটাৰ নয়দাই নহয়, আফগানিস্তানে ডেৰাডুনতো বাংলাদেশৰ বিৰুদ্ধে টুৱেণ্টী২০ শৃংখলাৰ আয়োজন কৰিছিল৷ চলিত বৰ্ষৰ জুলাই-আগষ্টত আফগানিস্তান আৰু বাংলাদেশৰ মাজত গ্ৰেটাৰ নয়দাত সীমিত অভাৰৰ ক্ৰিকেট শৃংখলা এটা অনুষ্ঠিত হোৱাৰ কথা৷ উল্লেখ্য, তালিবানে আফগানিস্তানৰ শাসন নিজৰ দখললৈ অনাৰ পাছত দেশৰ ক্ৰিকেট প্ৰশাসনো নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল৷ তালিবানৰ শাসনত দেশখনত মহিলাৰ ক্ৰিকেট নিষিদ্ধ কৰা হৈছিল৷ এনে পৰিস্থিতিত তিনিবাৰলৈ অষ্টে˜লিয়াই আফগানিস্তানৰ সৈতে দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা বাতিল কৰিছিল৷ দেশখনত মহিলা ক্ৰিকেটৰওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা নহ’লে ইংলেণ্ডেও দেশখনৰ সৈতে দ্বিপাক্ষিক শৃংখলাত ভাগ নোলোৱাৰ ভাবুকি দিছে৷ তাৰ মাজতে আফগানিস্তানৰ ক্ৰিকেটাৰে বিদেশত ক্ৰিকেটৰ অনুশীলন চলোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় শৃংখলাতো ভাগ লৈছে৷ চলিত টুৱেণ্টী২০ শৃংখলাত দলটোৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পাছত দেশখনত ক্ৰিকেটৰ এক স্বাভাৱিক পৰিৱেশ সৃষ্টি হ’ব বুলি আশাবাদী আফগানিস্তান ক্ৰিকেট ব’ৰ্ড৷ 

টুৱেণ্টী২০ বিশ্বকাপৰ ছেমিফাইনেলত আফগানিস্তানে যদি দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি আন এটা অঘটন ঘটায়, তেন্তে ফাইনেলত দলটো আকৌ এবাৰ ভাৰতৰ সন্মুখীন হ’ব পাৰে৷ এই সন্দৰ্ভত দলটোৰ অধিনায়ক ৰছিদ খানৰ মন্তব্য হৈছে যে ফাইনেলত তেওঁলোকে ভাৰতৰ সন্মুখীন হোৱাটোকে কামনা কৰিছে আৰু সেই খেলখনত তেওঁলোক পৰাস্ত হ’লেও তাত আক্ষেপ কৰিবলগীয়া একো নাথাকিব৷ কিয়নো ভাৰতৰ পৰা তেওঁলোকৰ শিকিবলগীয়া বহুখিনি আছে৷