Logo
image

কলেজক নামভৰ্তিৰ ধন নিয়মীয়াকৈ আদায় দিব চৰকাৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুন : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা আৰু বিত্ত বিভাগৰ উচ্ছ পদস্থ বিষয়াসকলক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্নাতক পাঠ্যক্ৰমত বিনামূলীয়া নামভৰ্তিৰ বাবে সামৰি লোৱা ধনৰাশি ১০ জুলাইৰ ভিতৰত ৰাজ্যৰ প্ৰাদেশিকৃত আৰু চৰকাৰী মহাবিদ্যালয়সমূহক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে৷ ইয়াৰ লগতে কমন ইউনিভাৰৰ্চিটীৰ এণ্ট্ৰেন্স টেষ্টৰ জৰিয়তে প্ৰজ্ঞান ভাৰতীয় আঁচনিৰ অধীনত  স্নাতক পাঠ্যক্ৰমৰ বিনামূলীয়া নামভৰ্তিৰ মাচুলো আগষ্টৰ ভিতৰত উচ্ছ শিক্ষা সঞ্চালকক মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ সোমবাৰে জনতা ভৱনত প্ৰজ্ঞান ভাৰতীৰ মাচুল ৰেহাই আৰু নামভৰ্তিৰ সন্দৰ্ভত বিত্ত আৰু উচ্ছ শিক্ষা বিভাগৰ বিষয়াসকলৰ লগত এক বৈঠকত বহিছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশনা জাৰি কৰে৷ উল্লেখ্য যে দুখীয়া আৰু আৰ্তজনৰ বাবে দেৱদূত সদৃশ প্ৰজ্ঞান ভাৰতী আঁচনিখনৰ ফলত এহাতে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক উপকৃত হ’লেও  ইয়াৰ পৰিণতিত গ্ৰামাঞ্চলৰ প্ৰায় ৩০০খন কলেজত কেনেধৰণৰ চৰম বিত্তীয় অচলাৱস্থাৰ সৃষ্টি হৈছে এই সন্দৰ্ভত সোমবাৰে ‘আমাৰ অসম’ত বিস্তৃতভাৱে প্ৰকাশ পাইছিল৷ পিতৃ-মাতৃৰ বছৰি উপাৰ্জন দুই লাখ টকাৰ তলৰ বুলি চক্ৰ বিষয়াৰ জৰিয়তে লাভ কৰা উপাৰ্জনৰ প্ৰমাণ পত্ৰ দেখুৱাই গ্ৰামাঞ্চলৰ ৮০-৯০ শতাংশ ছাত্ৰ-ছাত্ৰী স্থানীয় কলেজসমূহত বিনামূলীয়া নামভৰ্তিৰ সুযোগ লাভ কৰিছে৷ কিন্তু ৰাজ্য চৰকাৰে এই নামভৰ্তিৰ বিপৰীতে কলেজসমূহক দিবলগীয়া ধনৰাশি পিছৰ বছৰ মাৰ্চ মাহতহে মুকলি কৰি দিয়াত সংশি¡ষ্ট কলেজসমূহত চক-পেঞ্চিল তথা বিদ্যুতৰ বিল দিবলৈও পঁুজিৰ অভাৱ ঘটিছিল৷ অৱশেষত মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো আমাৰ অসমৰ জৰিয়তে দৃষ্টিগোচৰ হৈ তৎকালীনভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰে৷ ইয়াৰ ফলত ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰায় তিনি শতাধিক কলেজে সাময়িকভাৱে এক সমস্যাৰ পৰা মুক্তি পালে৷