Logo
image

৯২% বাংলাদেশীৰ ভোট! মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ বিৰোধীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুন : বিজেপি চৰকাৰৰ ওচৰত সংখ্যালঘু লোকৰ মূল্য এটি পুঠি মাছতকৈও কম৷ তাৰ পাছতো অসমৰ সংখ্যালঘু সমাজে বিজেপিৰ পক্ষ ল’ব কিয়? এই প্ৰশ্ন ইউ ডি এফ বিধায়ক আমিনুল ইছলামৰ৷ সংখ্যালঘুৰ ৮ শতাংশ ভোটহে লাভ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ইউ ডি এফ বিধায়ক আমিনুল ইছলামে কয়–হাবিত থকা খাল-বিলত মাছ মৰা মানুহলৈ চলোৱা গুলীকেইটা বন্যহস্তী কৰিড’ৰত ডাঙৰ ডাঙৰ ৰিজ’ৰ্ট, হোটেল বনোৱা লোকক মাৰি দেখুওৱাৰ সাহস হ’বনে মুখ্যমন্ত্ৰীৰ? উল্লেখ্য, দিনদিয়েক পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল–বাংলাদেশী মূলৰ মুছলমান মানুহৰ এশজনৰ ভিতৰত  ৯২ জনেই কংগ্ৰেছক ভোট দিছে৷ সংখ্যালঘু লোকে কংগ্ৰেছক ভোটেৰে ওপচাই দিছে৷ বিধায়ক ইছলামে এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–এইবাৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ পৰিৱৰ্তন বিচাৰি মানুহে ভোট দিছে৷ মানুহে সঁচা অৰ্থত পৰিৱৰ্তন বিচাৰিছে৷ এইবোৰ বাংলাদেশীৰ ভোট নেকি? ইফালে, পেটৰ তাড়নাত মাছ মাৰিবলৈ যোৱা মাছমৰীয়াক গুলীয়াই হত্যা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–শুকুৰবাৰে নিশা নগাঁৱৰ লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াৰ সন্দেহত বনকৰ্মীয়ে গুলীচালনা কৰাত নিহত হৈছিল ধিং বড়ি চাপৰি গাঁৱৰ দুই ভাতৃ আব্দুল জলিল আৰু ছমিৰ উদ্দিন৷ অতি দুৰ্ভাগ্যজনক ভাৱে মাছমৰীয়া দুইজনক হত্যা কৰা হ’ল কিয়নো আব্দুল জলিল[৪৪] ছমিৰ উদ্দিন [৩৬] দুয়োজন ধিংবৰি চাপৰিৰ মমতাজ উদ্দিনৰ পুত্ৰ৷ নিশা প্ৰায় ২ বজাত গোৰাজান বনাঞ্চলৰ অন্তৰ্গত ৰৌমাৰী বিল[সুতিৰপাৰ]ৰ সমীপৰ মথাউৰিত হৰিশ নাথৰ নেতৃত্বত বন বিভাগৰ দল এটাই আন অভিযুক্ত ব্যক্তিৰ নিৰ্দেশত গুলীচালনা কৰি ইচ্ছাকৃতভাৱে দুয়োজন ব্যক্তিক হত্যা কৰিছিল৷ এ আই ইউ ডি এফৰ পোনপটীয়া প্ৰশ্ন– মনে মনে মাছ মাৰিবলৈ যোৱা দুই ভাই-ককাই অস্ত্ৰধাৰী আছিল নেকি? যদি বন আইন ভংগ কৰিছে তেন্তে কৰ্তব্যত নিয়োজিত বনকৰ্মীয়ে আটক কৰি আৰক্ষীক গতাব নোৱাৰিলেহেঁতেন নেকি দুয়োজনক? কোনো বন্দুক-বাৰুদ নোলোৱাকৈ যদি বনাঞ্চলত মাছ মাৰিবলৈ যায় তেন্তে বনকৰ্মীক পোনপটীয়াকৈ গুলিয়াই হত্যা কৰাৰ অধিকাৰ ভাৰতীয় আইনে দিছে নে বন বিভাগৰ আইনে দিছে? হয়তো, চোৰাংভাৱে বনাঞ্চলত মৎস চিকাৰ কৰাৰ অপৰাধত হয়তো প্ৰথমতে গ্ৰেপ্তাৰ কৰি কাৰাবাস বা জৰিমণা বিহিব পাৰে! কিন্তু প্ৰতিপক্ষই নুগুলিওৱাকৈ কিয় দুজনকৈ মাছমৰীয়াক কিয় গুলিয়াই হত্যা কৰা? একমাত্ৰ সংখ্যালঘু হোৱাৰ বাবেই এই চৰম শাস্তি নেকি? হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰে কিমান দিনলৈ মুছলমানৰ ওপৰত অমানৱীয় অত্যাচাৰ কৰিব? গঁড় হত্যাকাৰীক ধৰিব নোৱাৰা বনকৰ্মীয়ে মাছমৰীয়াৰক এনকাউণ্টাৰ কৰি বাহঃ বাহঃ লবলৈ লজ্জাবোধ কৰা নাই নে? খাবলৈ এসাজ মাছ মৰা সাধাৰণ মানুহক গুলিয়াই হত্যা কৰে এইখন ফেচিষ্ট চৰকাৰে৷ এটা পুঠি মাছতকৈ সংখ্যালঘু লোকৰ মূল্য কম! এইখন অসমত মানুহত কৈ মূল্য পুঠী মাছৰ বেছি৷  হাবিত থকা খাল-বিলত মাছ মৰা মানুহলৈ চলোৱা গুলীকেইটা ‘‘বন্যহস্তী কৰিডৰ’’ ত ডাঙৰ ডাঙৰ ৰিজৰ্ট, হোটেল বনোৱা মালিককেইটালৈও মাৰি দেখুৱাবৈ সত্য সাহস হ’ব নে? ৰাজ্যত এতিয়ালৈকে সংঘটিত হোৱা ১৭৯টা এনকাউণ্টাৰৰ ভিতৰত মাত্ৰ ২টা এনকাউণ্টাৰৰহে উচ্ছস্তৰীয় তদন্ত হৈছে৷ প্ৰথমটো এনকাউণ্টাৰ হৈছে নগাঁৱৰ কীৰ্তিকমল বৰাৰ যি এনকাউণ্টাৰ৷ নগাঁৱৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈ যেতিয়া জনমত সৃষ্টি হৈছিল, ৰাইজ সোচ্ছাৰ হৈছিল তেতিয়া অসম চৰকাৰে তেতিয়াৰ অসম চৰকাৰৰ মুখ্য সচিব আৰু এতিয়াৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত এখন এজনীয়া তদন্ত কমিটি গঠন কৰি দিছিল আৰু সেই তদন্ত সমিতিৰ প্ৰতিবেদনত অতি স্পষ্টকৈ কৈছিল যে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ এটা ভুৱা এনকাউণ্টাৰ৷ দ্বিতীয়তো এনকাউণ্টাৰক লৈ উচ্ছ পৰ্যায়ৰ তদন্ত হৈছিল অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এটা তদন্ত চলাইছিল দৰঙৰ ধূলাত যি এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল আৰু এই এনকাউণ্টাৰক লৈ অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে চলোৱা তদন্তত স্পষ্টভাৱে প্ৰমাণ হৈছে যে এই এনকাউণ্টাৰ আছিল ভুৱা এনকাউণ্টাৰ আৰু এই এনকাউণ্টাৰ আছিল পৰিকল্পিত এনকাউণ্টাৰ৷ গতিকে এই এনকাউণ্টাৰ ঘটনাটোৰ উচিত তদন্ত দাবী কৰি কয় যে চৰকাৰে অতি শীঘ্ৰে মাছমৰীয়াৰ পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ লগতে ক্ষতিপূৰণৰ ব্যৱস্থা কৰক৷ লগতে সাধাৰণ জনতাৰ ওপৰত নতুন নতুন আইন আনি হাৰাশাস্তি কৰি থকা চৰকাৰখনে নিজৰ মন্ত্ৰী বিধায়কৰ তথা পুজিঁপটিৰ সকলে সংৰক্ষিত বনাঞ্চল সমূহত ফাৰ্ম হাউচ, ৰিজ’ৰ্ট, হোটল খোলাৰ দৌৰাত্ম্য গতিবেগ নিয়ন্ত্ৰণ কৰক৷