Logo
image

পুখুৰী খান্দি বান নিয়ন্ত্ৰণ!কেলেংকাৰিৰ আশংকা গৌৰৱ গগৈৰ

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২৬ জুন : বান নিয়ন্ত্ৰণৰ নামত পুখুৰী খান্দি ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিয়াৰ পৰিকল্পনা দৰাচলতে বিজেপিয়ে কৰিববিচৰা এক বৃহৎ কেলেংকাৰিৰ ব্লু-প্ৰিণ্ট৷ অসমৰ বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰা পৰামৰ্শকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ গৌৰৱ গগৈয়ে আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে৷ বিষয়োটাকলৈ গৃহমন্ত্ৰীক উভতি ধৰি গগৈৰ প্ৰশ্ন— অসমৰ বান সমস্যা সমাধানৰ বাবে যোৱা দহ বছৰত কেন্দ্ৰৰ বিজেপি চৰকাৰখন কি কৰিলে? এতিয়া পুখুৰী খান্দি ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিয়াৰ কথা কৈছে অমিত শ্বাহে৷ পিছে এয়া বিজেপি চৰকাৰখনৰ পিছদুৱাৰেদি আন এখন কেলেংকাৰিৰ দুৱাৰ মুকলি কৰাৰ পৰিকল্পনা অবিহনে একো হ’ব নোৱাৰে বুলি কংগ্ৰেছ সাংসদজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ পূৰ্বেতও পুখুৰী খন্দাৰ নামত বিজেপি চৰকাৰে কেলেংকাৰি কৰা বুলি গগৈয়ে সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য, এ আই চি চিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোকলৈও সৰৱ হোৱা পৰিলক্ষিত হয়৷ তেওঁ কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ মোৰ পিতৃৰ আধৰুৱা সপোন আছিল৷ এতিয়া এই সপোন আমি সাকাৰ কৰিব বিচাৰোঁ৷ এইবাৰ সংসদত কংগ্ৰেছ তথা বিৰোধীৰ সংখ্যা বেছি আছে৷ সেয়েহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিৰোধীয়ে সন্মিলিতভাৱে চৰকাৰক হেঁচা দিব পাৰিব৷ এইক্ষেত্ৰত অসমৰ বিজেপি সাংসদসকলেও যাতে সংসদৰ মজিয়াত মাত মাতে তাৰ বাবে গগৈয়ে আজি আহ৩ান জনায়৷ তেওঁ কয় যে ৰাইজে বহু আশা কৰি তেওঁলোকৰ সমস্যা সমাধানৰ বাবে সাংসদসকলক দিল্লীলৈ পঠিয়াইছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিজেপি সাংসদসকলেও চৰকাৰৰ ওচৰত হেঁচা প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ৷ উল্লেখ্য, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত চৰকাৰক হেঁচা প্ৰদান কৰা হ’ব বুলি সাংসদ ৰকিবুল হুছেইনেও কালি শপতগ্ৰহণৰ পাছত সাংবাদিকৰ আগত ব্যক্ত কৰিছিল৷