Logo
image

ইউৰিক এচিড বাঢ়িলে এইবোৰ পাচলি নাখাব

ইউৰিক এচিড এবিধ গুৰুতৰ অসুখ৷ এই ৰোগত আক্ৰান্ত হ’লে শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে৷ এনে এবিধ গুৰুতৰ সমস্যা  হৈছে গাউট [Gout)৷ সেয়ে ইউৰিক এচিডৰ সমস্যাই দেখা দিলে চিকিৎকসকলে খাদ্যৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ পৰামৰ্শ আগবঢ়ায়৷ আনকি কিছুমান খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিবলৈও কয় চিকিৎসকে৷ কলকাতাৰ এগৰাকী খাদ্য বিশেষজ্ঞ ঈশানী গংগোপধ্যায়ৰ মতে এবাৰ ইউৰিক  এচিডৰ সমস্যা হ’লে তাৰ পৰা সহজে পৰিত্ৰাণ পোৱাটো কঠিন৷ কিন্তু কিছুমান খাদ্য এৰাই চলিলে এই সমস্যাক নিয়ন্ত্ৰণত ৰাখিব পৰা যায়৷ গংগোপধ্যায়ে উল্লেখ কৰা মতে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পালে গাউট নামৰ এবিধ ৰোগ হয়৷ এই ৰোগত আক্ৰান্ত হ’লে ভৰি বিষায়৷ কেতিয়াবা এনে বিষ অসহ্যকৰ হৈ পৰে৷ সেয়ে গংগোপধ্যায়ে এনে কিছুমান খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে যিবোৰ খাদ্যত পিউৰিন নামৰ উপাদান থাকে৷ প্ৰাণীজ প্ৰ’টিনত সাধাৰণতে পিউৰিনৰ মাত্ৰা অধিক থাকে৷ সেয়ে এনে খাদ্যৰ পৰা আঁতৰি থকাটোৱেই শ্ৰেয় বুলি তেওঁ জনায়৷ তদুপৰি কিছুমান পাচলিয়েও ইউৰিক এচিড বৃদ্ধি কৰে৷ উল্লেখ কৰা হ’ল  এনে কেইবিধমান পাচলি–

[১] পালেং শাক : পালেং শাকত ভিটামিন ও থাকে৷ তদুপৰি এইবিধ পাচলিত থাকে প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট৷ কিন্তু বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পৰা দেখা গৈছে যে পালেং শাকে ইউৰিক এচিডৰ মাত্ৰা বঢ়ায়৷ সেয়ে যিসকলৰ ইউৰিক এচিডৰ সমস্যা আছে তেওঁলোকে পালেং শাক নোখোৱাটোৱেই উচিত৷ 

[২] বিলাহী : বিলাহীত ডায়েটৰি ফাইবাৰ থাকে৷ ডায়েটৰী ফাইবাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী৷ কিন্তু এইবিধ উপাদানৰ উপৰিও বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন ও আৰু খনিজ পদাৰ্থ থাকে৷ একেদৰে অক্সালেট নামৰ এবিধ উপাদানো প্ৰচুৰ পৰিমাণে থাকে বিলাহীত৷ অক্সালেটে ইউৰিক এচিডৰ মাত্ৰা বঢ়ায়৷ 

[৩] ভেণ্ডি : ভেণ্ডি প্ৰায়ভাগ লোকৰে প্ৰিয় পাচলি৷ কিন্তু যিসকলৰ ইউৰিক এচিডৰ সমস্যা আছে তেওঁলোকে ভেণ্ডি নোখোৱাটোৱেই উত্তম৷ কিয়নো ভেণ্ডিত থকা এণ্টি অক্সিডেণ্টেও ইউৰিক এটিডৰ মাত্ৰা বঢ়ায়৷

[৪] বিট : বিটত ভিটামিন ও আৰু খনিজ উপাদান থাকে৷ বহুতে ছালাড হিচাপে বিট খাই ভাল পায়৷ কিন্তু বিটত থকা বিটাকেৰ’টিন নামৰ উপাদানবিধে গাউট ৰোগীসকলৰ সমস্যা বঢ়ায়৷ সেয়ে যিসকলৰ ইউৰিক এচিডৰ সমস্যা আছে তেওঁলোকে বিট খোৱাৰ পৰা বিৰত থাকক৷