Logo
image

আকৌ আহিব বৰষুণঃ আগন্তুক ৫দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ!

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৬ জুনঃ বিগত কেইদিনমানৰ পৰা উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু ঠাইবিশেষে গাজনি, ঢেৰেকনিৰ সৈতে ধাৰাসাৰ পৰিমাণৰ বৰষুণ হৈ আছে৷ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি হৈছে৷ ৰাজ্যত বৰ্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰত আগন্তুক ৫ দিনলৈ ৰাজ্যত বৰষুণৰ আগজাননী দিছে৷



বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা শনিবাৰ বা তাৰ পৰৱৰ্তী সময়ত উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমৰ কেতবোৰ ঠাইত গাজনি-ঢেৰেকনিৰ সৈতে প্ৰৱল বৃষ্টিপাত হ'ব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে। বুধবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি সম্প্ৰতি মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হৈ আছে। সেই মৌচুমী বায়ু অহা তিনি-চাৰিদিনৰ ভিতৰত মধ্য প্ৰদেশৰ দক্ষিণ-পশ্চিম দিশেৰে উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আদি ৰাজ্যৰ ওপৰেৰে উত্তৰ পূবৰ ৰাজ্যলৈ সাগৰ পৃষ্ঠৰ পৰা মাত্ৰ ০.৯ মিটাৰ তথা ৯০০ মিটাৰ ওপৰেৰে গতি কৰিব। সমান্তৰালভাৱে বংগোপ সাগৰৰ পৰাও নিম্নচাপৰ বাবে সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰ ওপৰেৰে উত্তৰ পূবৰ ৰাজ্যলৈ বতাহ বলিব৷ অহা শনিবাৰ পৰ্যন্ত আগন্তুক তিনিটা দিনত ৰাজ্যৰ কিছু কিছু অঞ্চলত পাতলীয়া আৰু শনিবাৰৰ পাছত পৰৱৰ্তী তিনি বা চাৰিদিন ধৰি ৰাজ্যৰ কেতবোৰ ঠাইত গাজনি-ঢেৰেকনি, ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাত হ'ব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে। 

আনকি দুই এঠাইত বজ্ৰপাতৰ সতৰ্কতাও জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেন্দ্ৰৰ তথ্য অনুসৰি বুধবাৰে সন্ধিয়া ভূটান আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হৈছে। অসমৰ ভিতৰত শোণিতপুৰ জিলাৰ অৰুণাচল সীমান্তৰ ভালুকপুঙত সৰ্বাধিক ৬০ মিলিমিটাৰ বা ৬ ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ ছেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাসাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয়। অৱশ্যে বতৰ ফৰকাল হোৱাত আৰু দিনৰ ভাগত আকাশত সূৰ্য দেৱতাই ভালকৈ ভুমুকি মৰাত ৰাজ্যত তাপমাত্ৰা পুনৰ বৃদ্ধি পাইছে। ফলত দিনৰ ভাগত ৰাইজে পুনৰ গৰমৰ সৈতে সহাবস্থান কৰিব লগা হৈছে। 

আনহাতে বুধবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বোচ্চ তাপমাত্রা আছিল এনেধৰণৰ-  গুৱাহাটীত ৩৪.৮ ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড়ত ৩১.৮ ডিগ্ৰী চেলছিয়াছ, তেজপুৰত ৩৩.৪ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ৩৪.৪ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩১.৪ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩৩.৪ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩০.০ ডিগ্রী চেলছিয়াছ। উল্লেখ্য যে এটা সপ্তাহ আগলৈকে নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ বাবে অসমৰ বেছিভাগ ঠাইতে তাপমাত্ৰা স্বাভাৱিকতকৈ ৭ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত কম হৈছিল৷ ফলত ৰাইজে গেলা গৰমৰ প্ৰকোপৰ পৰা কিছু সকাহ পাইছিল। আনহাতে  উত্তৰ-পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰত বুধবাৰে সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৪.৪ ডিগ্রী চেলছিয়াছ।