Logo
image

অমৃত প্ৰীতম, দেৱজিত চাংমাইৰ পাছত অস্কাৰ কমিটীত ৰীমা দাস

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুন : অমৃত প্ৰীতম, দেৱজিৎ চাংমাইৰ পাছত অস্কাৰৰ ছবি নিৰ্বাচন সমিতিৰ সদস্যৰূপে স্থান লাভ কৰিছে ছবি নিৰ্মাতা ৰীমা দাসে৷ অস্কাৰৰ ভাৰতীয় সমিতিৰ সদস্যৰূপে মনোনীত হৈছে পৰিচালক ৰীমা দাস৷ অস্কাৰলৈ ছবি বাছনিৰ বাবে গঠন কৰা ভাৰতীয় সমিতিখনত সদস্যৰূপে ৰীমা দাসৰ উপৰি আছে প্ৰসিদ্ধ অভিনেত্ৰী শ্বাৱানা আজমী আৰু পৰিচালক এছ এছ ৰাজামৌলি৷ অসমৰ কাৰণে এয়া নিঃসন্দেহে অতি আশাব্যঞ্জক খবৰ৷ উল্লেখ্য, ভিলেজ ৰকষ্টাৰ্ছৰ জৰিয়তে ৰীমা দাস হৈ পৰিছিল প্ৰতিজন অসমীয়াৰ গৌৰৱৰ নাম, স্বাভিমানৰ নাম৷ অস্কাৰৰ বাবে বিদেশী চিনেমা শাখাত ৰীমা দাস নিৰ্মিত ভিলেজ ৰকষ্টাৰ্ছৰ প্ৰৱেশে অসমীয়া ছবিজগতক দিয়ে অনন্য মাত্ৰা৷ ভিলেজ ৰকষ্টাৰ্ছৰ পাছত বুলবুল কেন চিং, তৰাজ হাজবেণ্ড..৷ একাডেমী অৱ মোচন পিক্সাৰ আৰ্টছ এণ্ড চায়েন্সত যোগদানৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ৰীমা দাসে৷ ২৫ জুনত একাডেমীয়ে ঘোষণা কৰিছিল যে বিশ্বৰ ৪৮৭গৰাকী শিল্পী আৰু সদস্যক আমন্ত্ৰণ জনোৱাৰ কথা৷ ১৯৭৭ চনত ছয়গাঁৱত জন্মগ্ৰহণ কৰা ৰীমা দাসে টৰেণ্ট’ ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেচাদৰ, বাৰ্লিন ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলৰ জুৰীৰ সদস্যৰূপে দায়িত্ব পালন কৰিছে৷ ৰীমা দাসৰ এই সন্মানপ্ৰাপ্তিৰ পূৰ্বে অসম সন্তান অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইক অস্কাৰৰ ভাৰতীয় ছবি নিৰ্বাচন সমিতিৰ সদস্যৰূপে আমন্ত্ৰণ জনোৱা হৈছিল৷ অমৃত প্ৰীতমক ২০১৭ চনত আৰু দেৱজিৎ চাংমাইক ২০১৮ চনত আমন্ত্ৰণ জনোৱা হৈছিল৷ অস্কাৰৰ ছবি নিৰ্বাচন সমিতিৰ সদস্যৰূপে স্থান লাভ কৰি ৰীমা দাসে কয়– ভিলেজ ৰকষ্টাৰ্ছৰ পৰা প্ৰতিটো সময়তে বেলেগ বেলেগ ধৰণৰ অনুভৱ হৈ আহিছে৷ অস্কাৰৰ এই সময় মোৰ বাবে খুব সোনকালে আহিছে৷ সেই সময়খিনিত সদায় বেলেগ বেলেগ অভিজ্ঞতা হৈ আছিল, শিকি আছিলোঁ৷ সপোনৰ দৰে লাগিছে সকলোখিনি৷ এয়া মোৰ কাৰণে বহু ডাঙৰ সন্মান৷ ইয়াৰ জৰিয়তে অস্কাৰৰ সৈতে জড়িত বিশিষ্ট আৰু প্ৰসিদ্ধ মানুহৰ সৈতে চিনাকী হোৱাৰ সুযোগ পাম৷ বহু কথা জানিবলৈ সুযোগ পাম৷