Logo
image

লোকপিয়ল কেতিয়া!

নিৰ্ধাৰিত বছৰ আছিল ২০২১; ব্ৰিটিছৰ দিনৰ পৰাই প্ৰতিদহ বছৰৰ মূৰে মূৰে হৈ অহা লোকপিয়ল এইবাৰ সময়মতে হৈ নুঠিল৷ প্ৰথমতে ১৮৭২ চনত আৰু দ্বিতীয়বাৰ ১৮৮১ চনৰ পাছত নিয়ম অনুসৰি প্ৰতিটো দশকৰ প্ৰথম বৰ্ষতেই লোকপিয়ল হৈ যায়৷ ১৯৪১ চনত বিশ্বযুদ্ধ, ১৯৬১ চনত চীনা যুদ্ধ আৰু ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ লোকপিয়ল কিছু পৰিমাণে বিঘ্নিত হৈছিল যদিও প্ৰক্ৰিয়া সুকলমে সমাপ্ত হৈছিল আৰু তথ্যবোৰ প্ৰকাশিত হৈছিল৷ এইবাৰো সময়মতেই লোক গণনা আৰম্ভ হোৱাৰ কথা আছিল৷ ১৯৪৮ চনৰ লোকপিয়ল আইন অনুসৰিয়েই কেন্দ্ৰীয় চৰকাৰে ৮,৭৫৪.২৩ কোটি টকা ধাৰ্য কৰি গণনাৰ বাবে প্ৰয়োজনীয় কৰ্মীৰো হিচাপ-নিকাচ উলিয়াইছিল৷ আচলতে ২০১৯ চনৰ ৩১ ডিচেম্বৰত দেশৰ প্ৰশাসনিক সীমা স্থিৰ কৰি তাক এবছৰলৈ স্তব্ধ কৰি দিব লাগিছিল৷ যিটোক ফ্ৰীজিং বুলি কোৱা হয়৷ তাৰ পাছত দুটা স্তৰত ক্ৰমে ২০২০ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ঘৰ-গণনা আৰু ২০২১ চনৰ ফেব্ৰুৱাৰীত জনমূৰি গণনা হ’ব লাগিছিল৷ কিন্তু, অপ্ৰত্যাশিতভাৱে অহা ক’ভিড মহামাৰীয়ে সকলো খেলি-মেলি লগাই দিলে৷ গতিকে, কতৃৰ্পক্ষই কেইবাবাৰো ‘ফ্ৰীজিং’ তাৰিখ ঘোষণা কৰি পিছুৱাই থাকিবলগীয়া হ’ল৷ জনামতে, শেহতীয়াকৈ ৩০ জুনত [২০২৪ চন] ‘ফ্ৰীজিং’ৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে, যদিহে কোনো সাল-সলনি কৰা নহয়৷ ক’ভিড কাল পাৰ হোৱাৰ পাছতো আনকি একাধিকবাৰ লোকপিয়লৰ বাবে বাজেটৰ ধন আবণ্টন কৰাৰ পাছতো লোকপিয়ল অনুষ্ঠিত নোহোৱা কথাটোৱে সচেতন লোকক চিন্তিত কৰিছে৷ ২০২২ চনৰ জুলাইত আনকি উচ্ছতম ন্যায়ালয়েও লোকপিয়লৰ কাম আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিছিল৷ ইতিমধ্যে, ক’ভিডৰ উৎপত্তি স্থল চীন দেশকে ধৰি এছিয়া মহাদেশৰ প্ৰায় ১২খন দেশে ২০২১-২২ চনৰ ভিতৰত লোকগণনাৰ কাম সম্পূৰ্ণ কৰি উলিয়াইছে৷ আ(ৰ্যজনকভাৱে ভাৰতে বাৰে বাৰে লোকপিয়লৰ কাম পিছুৱাই থাকিল৷ লোকগণনা কৰাটো এটা বিজ্ঞানসন্মত প্ৰক্ৰিয়া আৰু ই যিকোনো দেশৰেই মানুহৰ কল্যাণ তথা বিকাশ প্ৰক্ৰিয়াটোৰ লগত ওতপ্ৰোতভাৱে জড়িত৷ ভাৰত জনবহুল হোৱা হেতুকে লোকপিয়লৰ গুৰুত্ব আৰু অধিক৷ ঘটনাক্ৰমে এই কথাও প্ৰচাৰিত হৈছে যে ভাৰতৰ জনসংখ্যা বিশ্বৰ সবাতোকৈ অধিক জনসংখ্যাৰ দেশ চীন দেশতকৈও অধিক হৈছে৷ তথ্যানুসৰি, চীনদেশৰ জনসংখ্যাই বিশ্বৰ ১৭.৭২ শতাংশ লোকক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ভাৰতৰ জনসংখ্যা হৈছে বিশ্বৰ দেশবোৰৰ মুঠ জনসংখ্যাৰ ১৭.৭৬ শতাংশ৷ ৰাষ্ট্ৰসংঘই কৰা হিচাপ অনুসৰি, ২০২৩ চনৰ মাজভাগপৰ্যন্ত চীনৰ ১.৪২৫ বিলিয়নৰ বিপৰীতে ভাৰতৰ জনসংখ্যা হৈছিলগৈ ১.৪২৮ বিলিয়ন৷ ২০২৪ চনৰ এপ্ৰিলত প্ৰকাশ কৰা তথ্যমতে, ভাৰতৰ জনসংখ্যা ১.৪৪ বিলিয়ন হৈছে৷ ৰাষ্ট˜সংঘই লোৱা এই পৰিসংখ্যা কিন্তু ভাৰতৰ লোকপিয়লৰ পৰা ল’ব পৰা নাই, যিহেতু আজিকোপতি শেহতীয়াকৈ হ’বলগীয়া নিৰ্ধাৰিত সময়ৰ লোকগণনা হোৱাই নাই৷ জনসংখ্যাৰ হিচাপ মাথোন সংখ্যাগত নহয়, ইয়াৰ এক গুৰুত্বপূৰ্ণ গুণগত দিশ আছে৷ দেশৰ বিকাশৰ সৈতে যিকোনো আঁচনি লোকপিয়লৰ তথ্যৰ ওপৰত নিৰ্ভৰশীল৷ কিয়নো, লোকপিয়লত কেৱল ঘৰৰ সংখ্যা আৰু মানুহৰ সংখ্যাই দিয়া নাথাকে৷ দেশৰ কোনখন ৰাজ্যৰ, কোন জিলাত, কোন মহকুমাৰ অধীনৰ চহৰ, নগৰ, গাঁও আদিত কিমানসংখ্যক মানুহ আছে আৰু লিংগভেদে, ভিন্ন বয়সৰ গ্ৰুপত কিমান মানুহ আছে, তেওঁলোকৰ শিক্ষাৰ স্তৰ, সাক্ষৰতাৰ হাৰ, লিংগ অনুপাত, জনবসতিৰ ঘনত্ব, স্বাস্থ্যসেৱাৰ সুবিধাকে ধৰি ধৰ্ম-জাতি-ভাষা ভিত্তিত কিমানসংখ্যক মানুহ দেশখনৰ ভাগে ভাগে আছে, ইত্যাদি জনসংখ্যা সম্পৰ্কীয় এক পূৰ্ণাংগ ছবি লোকপিয়লে দিয়ে৷ লোকপিয়লৰ তথ্য হৈছে প্ৰামাণিক তথ্য৷ চৰকাৰৰ নীতি-নিৰ্ধাৰকসকলে এই তথ্যৰ ভিত্তিতেই জনসাধাৰণৰ বাবে ল’বলগীয়া বিকাশমূলক আঁচনি প্ৰস্তুত কৰে৷ দহ বছৰৰ ভিতৰত দেশৰ অভ্যন্তৰত জনসংখ্যাৰ গাঁথনিৰ পৰা আৰম্ভ কৰি জন্ম-মৃত্যুৰ হাৰ, পুৰুষ-মহিলাৰ সংখ্যা, নিৰ্ভৰশীল লোকৰ সংখ্যা আদিৰো নিৰ্ভৰযোগ্য পৰিসংখ্যা পোৱা যায়৷ এনে তথ্য-পৰিসংখ্যাৰ ভিত্তিতেই আয়-উপাৰ্জনৰ গ্ৰুপ অনুসৰি চৰকাৰে উন্নয়নমূলক আঁচনি গ্ৰহণ কৰে৷ এতিয়া এনেবোৰ নিৰ্ভৰযোগ্য তথ্যই যদি চৰকাৰৰ হাতত নাথাকে, তেন্তে কেৱল অনুমানৰ ভিত্তিত লোৱা সিদ্ধান্ত সঠিক নহ’বও পাৰে৷ তদুপৰি, সমালোচকসকলে ৩০ জুনৰ পাছত চৰকাৰৰ গা নলৰিলে, কিনো কৰা হ’ব, তাকে লৈও চিন্তা-চৰ্চা আৰম্ভ কৰি দিছে৷ অন্য এক গুৰুত্বপূৰ্ণ কথা হৈছে এয়ে যে লোকপিয়লৰ তথ্য সময়মতে প্ৰকাশ নকৰি কতৃৰ্পক্ষই জনসাধাৰণক উচিত তথ্য জনাৰ পৰা বঞ্চিত কৰিছে, যিটো জনসাধাৰণৰ এক মৌলিক অধিকাৰ৷ তদুপৰি, গোটেই কাৰবাৰটো অসাংবিধানিক হৈছে, যিটো হোৱা মুঠেও সমৰ্থনযোগ্য নহয়৷ ক’ভিডৰ পাছত ইমানবোৰ নিৰ্বাচন পতা হ’ল [দেশৰ সাধাৰণ নিৰ্বাচনো], অথচ, লোকপিয়ল নহ’ল,– বিৰোধী সমালোচকে কোনো ‘গোপন এজেণ্ডা’ৰো গোন্ধ পাইছে৷