Logo
image

নতুনকৈ নিযুক্তি দিয়া হ’ব ৩৫ হাজাৰ শিক্ষক

নলবাৰীৰ পৰা চম্পক বৈশ্য [আমাৰ অসম] : অৱশেষত অনুষ্ঠিত হ’ল বহু প্ৰত্যাশিত নলবাৰী কেবিনেট বৈঠক৷ পূৰ্বে তিনিবাৰকৈ স্থগিত ৰখাৰ পিছত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ চতুৰ্দশ সংখ্যক কেবিনেট৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কয়- ‘মাহত অন্ততঃ এখন কেবিনেট বৈঠক গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কৰিব বিচাৰোঁ৷ বিগত লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী বিধিৰ বাবে এই কেবিনেট বৈঠক অনুষ্ঠিত কৰিব পৰা নাছিলোঁ৷ আজি নলবাৰীত অনুষ্ঠিত বিশেষ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ শিলচৰৰ কেবিনেটত দুখন পানী যোগান আঁচনি নিৰ্মাণৰ কথা ঘোষণা কৰিছিলোঁ৷ আজিৰ কেবিনেটে কৰিমগঞ্জ চহৰ পানী যোগান আঁচনিৰ বাবে ৮১ কোটি টকা আৰু হাইলাকান্দি চহৰ পানী যোগান আঁচনিৰ বাবে ৭২ কোটি টকাৰ অনুমোদন জনায়৷ তাৰ ফলত দুইখন চহৰত পানী যোগানৰ সমস্যা দূৰ কৰাত সহায়ক হ’ব৷ ইফালে, গুৱাহাটীৰ আজাৰাত সভাঘৰৰ বাবে আজিৰ কেবিনেটে আৱণ্টন দিয়ে৷ একেদৰে ডিব্ৰুগড়ত ইস্কনৰ নতুন মন্দিৰ এটা নিৰ্মাণৰ বাবে ভূমি আৱণ্টনত আজিৰ কেবিনেটে অনুমোদন জনায়৷  ইয়াৰ উপৰিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অভিযন্তা সকলৰ পদোন্নতিৰ ব্যৱস্থাৰ শিথিল কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন দিয়ে৷ পঞ্চায়তৰ অধীনৰ গাঁৱৰ হাট-বজাৰ নিবিদাৰ ক্ষেত্ৰত থকা মহলদাৰী ব্যৱস্থাটো বন্ধ কৰাৰ বাবে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছে৷ এই সন্দৰ্ভত সিদ্ধান্ত অহাৰ পূৰ্বে বৰ্তমান এই বছৰ কোনো বজাৰ বিগত বৰ্ষৰ নিৰিখতকৈ যাতে ১০ শতাংশতকৈ অধিক নিৰিখ ধাৰ্য কৰিব নোৱাৰে তাৰ বাবে আজি চিলিঙৰ ব্যৱস্থা কৰা হৈছে৷ সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছে৷ উচ্ছতম ন্যায়ালয়ৰ উমা দেৱী গোচৰৰ পৰিপ্ৰেক্ষিতত কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে৷ কেবিনেটৰ এই ক্ষমতা উচ্ছতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছে৷ কিন্তু সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক সকাহ দিয়াৰ বাবে তাৰ বাবে আজি কেবিনেটে ৩৫ হাজাৰ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি সৰ্বশিক্ষাৰ শিক্ষকসকলৰ বাবে এটা বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিব বিচাৰিছে৷ ফলত এই ৩৫ হাজাৰ পদত সৰ্বশিক্ষাৰ শিক্ষকসকলে আবেদন কৰিব পাৰিব৷ এই শিক্ষকসকলে চৰকাৰৰ পদত নিযুক্তি লাভ কৰাৰ লগে লগে সৰ্বশিক্ষাৰ ৩৫ হাজাৰ শিক্ষকৰ পদ বিলুপ্ত হ’ব৷ চাৰি-পাঁচ মাহৰ ভিতৰত সৰ্বশিক্ষাৰ এই শিক্ষসকলে চৰকাৰৰ পদত নিযুক্তি লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিব৷

নলবাৰীৰ অ’বিবি শিক্ষকক ২ লাখ টকাৰ সাহায্য

নলবাৰীৰ অ’বিবি শিক্ষকসকলক [৩৪৭ জন] মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনলৈ আনি দুই লাখকৈ টকা সাহায্য [ইয়াৰে এক লাখ টকা ৰাজ সাহায্য আৰু বাকী এক লাখ টকা বেংকৰ ঋণ] দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ অহা ৩০ ছেপ্টে¥£ৰত এই ধন মুকলি কৰি বিতৰণ কৰা হ’ব৷ নলবাৰী জিলাৰ শ্ৰীশ্ৰী বিেŒবশ্বৰ দেৱালয়, বালিলেছাৰ কালী মন্দিৰ, নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ, বাঘেশ্বৰী দেৱালয়ৰ উন্নয়নৰ বাবে তিনি কোটিকৈ মুঠ ১২ কোটি অনুদানত আজিৰ কেবিনেটে অনুমোদন জনায়৷ নলবাৰীত এটা সভাগৃহ আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ নলবাৰীৰ এমএনচি বালিকা মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷  জিলাখনৰ বৰক্ষেত্ৰীৰ মুকালমুৱাত এম এছ ডি পি আঁচনিৰ অধীনত ৩২ কোটি টকা ব্যয় সাপেক্ষ আৱাসিক বিদ্যালয় নিৰ্মাণৰ কাম চলি আছে৷ কিন্তু স্থানীয় ৰাইজৰ আবেদন মৰ্মে তাত এখন স্নাতক মহাবিদ্যালয় স্থাপনত কেবিনেটে অনুমোদন জনায়৷ নলবাৰীত মৰা পাগলাদিয়া, বুঢ়াদিয়া নৈত ১৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ জিলাখনৰ দক্ষিণ গাঁৱত অৱস্থিত নলবাৰী মেডিকেল কলেজ এণ্ড হাস্পতাললৈ যোৱাৰ সুবিধাৰ্থে ঘগ্ৰাপাৰত ৰাষ্ট্ৰীয় ঘাইপথত এখন উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ নৰ্থ কামৰূপ ষ্টেডিয়াম আৰু গৰ্ডন ফিল্ড দুখন লগ লগাই এখন আটক ধুনীয়া ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ধমধমাত নিৰ্মীয়মান স্কীল চেণ্টাৰত আজি কেবিনেটে অনুমোদন জনায়৷ উল্লেখ্য যে এই কেবিনেট বৈঠকৰ প্ৰাক মুহূৰ্তত নলবাৰী জিলা আয়ুক্ত কাৰ্যালয় চৌহদত মুখ্যমন্ত্ৰীয়ে এটি ৰুদ্ৰাক্ষৰ গছপুলি ৰোপণ কৰে৷ আনহাতে, জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বাকী মন্ত্ৰীসকলৰ বাবেও আমলখিৰ গছপুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছিল৷ লক্ষণীয়ভাৱে আজিৰ কেবিনেটত জিলাখনৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী অনুপস্থিত থাকে৷ 

খাদ্য তালিকাত কুৰি বিধৰো অধিক নাম

নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত কেবিনেট বৈঠকত অংশ ল’বলৈ অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, চৰকাৰৰ কেবিনেট মন্ত্ৰী, অসম চৰকাৰৰ শীৰ্ষ আমোলা বিষয়াসকলক বিভিন্ন থলুৱা খাদ্য ব্যঞ্জনৰে আপ্যায়ন কৰে জিলা প্ৰশাসনে৷ থলুৱা বিভিন্ন শাক-পাচলি, কলদিল, পচলা, নৰসিংহ, ভেদাইলতা, মানিমুনি আদি এই খাদ্য সম্ভাৰৰ তালিকাত আছে৷ নলবাৰীত হোৱা কেবিনেটৰ বৈঠকত খাদ্য সম্ভাৰৰ তালিকাত আছে প্লেইন ৰাইচ, জিৰা ৰাইছ আৰু পোলাও, ছাগলীৰ মাংস, কাৱৈ আৰু মাগুৰ মাছৰ বিশেষ আঞ্জা, মিছা মাছ ভাজি, আদা দিয়া সৰু সৰু মাছ, টেঙাৰে আৰি মাছৰ আঞ্জা, ভকুৱা, বৰালি মাছৰ আঞ্জা, খাহীৰ তেলেৰে মাহৰ দাইল, মি’ড ডাইল, তৰকাৰী, কলফুলৰ ভাজি, চিকেন চুপ বইল, ঢেঁকীয়া ভাজি সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা, পদিনা চাটনি, তিল চাটনি, অমিতা খাৰ, চালাদ, মিঠা দৈ আৰু গোলাপ জামুন৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে নিৰামিষ খাদ্য গ্ৰহণ কৰে বুলি জনা গৈছে৷ আনহাতে, মুখ্যমন্ত্ৰী গৰাকীৰ ব্ৰেকফাষ্টত আছিল ধোকলা, চেণ্ড উইছ আৰু বইল কণী৷ 

অসমীয়াৰ ওপৰত আক্ৰমণ সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰীকাৰ প্ৰতিক্ৰিয়া

কেবিনেট বৈঠকৰ পূৰ্বে অসমীয়াৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ হোৱা সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰীকাই কয়- ‘এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ ভাৰতীয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ এয়া আমাৰ কাৰণে অশনি সংকেত৷  খিলঞ্জীয়া গাঁৱত কৰা আক্ৰমণ অথবা খিলঞ্জীয়া কিশোৰীক কৰা নিৰ্যাতনৰ বিৰুদ্ধে আমাৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰাৰ চেষ্টা চলাইছে৷ কিন্তু কেতিয়াবা আইনৰ সুৰুঙা লৈও তেওঁলোক সাৰি গৈছে৷ গৰ্হিত কাম হৈছে বুলি মই অনুভৱ কৰোঁ৷ চৰকাৰ এইক্ষেত্ৰত আৰু কঠোৰ হ’ব৷ ৰাইজেও এইবোৰ কথা ভাবিব লাগে৷ বিগত লোকসভা নিৰ্বাচনৰ পাছৰেপৰা অসমত এইবোৰ ঘটনা বেছি হৈছে৷ বৰপেটাত এখন অসমীয়া গাঁৱত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ আক্ৰমণ হ’ল৷ ধুবুৰীত কোঁচ ৰাজবংশীসকলৰ ওপৰত এই বিশেষ সম্প্ৰদায়ৰ লোকৰ দ্বাৰা আক্ৰমণ হ’ল৷ মাজবাটত এজনী গোৰ্খা সম্প্ৰদায়ৰ ছোৱালীক ধৰ্ষণ কৰিলে৷ ঢেকিয়াজুলিত এগৰাকী বাগানৰ ছোৱালীক ধৰ্ষণ কৰিলে৷ লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকী আক্ৰমণ কৰিলে৷ ধাৰাবাহিকভাৱে এনেদৰে আক্ৰমণ কৰাটো আমাৰ বাবে বেয়া লক্ষণ৷ কংগ্ৰেছে অসমত ভাল ফলাফল লাভ কৰা নাই৷ অসমত কংগ্ৰেছৰ তিনিটা সমষ্টি আছিল৷ তিনিটাতেই জিকিছে৷ আমি ৯২টা সমষ্টিত জয়লাভ কৰিছোঁ৷ বিগত নিৰ্বাচনত কংগ্ৰেছ দলে অসমত লাভ কৰা প্ৰায় ৭৮য৭৯ লাখ ভোট যে পাইছে, ইয়াৰে ৫৮-৬০ লাখ ভোটেই সেই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে দিছে৷ গতিকে অসমত কংগ্ৰেছৰ বিশেষ একো ভাল হোৱা নাই৷ কিন্তু আমি যোৰহাটত যে পৰাজয় বৰণ কৰিলো তাৰ বাবে বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে ভাবে দুৰ্বৃত্তৰ বাবে যে কংগ্ৰেছ দল আকৌ শাসনলৈ আহিব৷ তেওঁলোকে ভাবে যে এতিয়াৰ পৰা অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিম৷ এয়া হ’বলৈকে দিব নালাগে৷ সকলোৱে এইক্ষেত্ৰত সজাগ হওক৷ অসমত বেয়া পৰিৱেশ হৈছে৷ আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নাথাকিলে আৰু বেয়া কৰিলিহেঁতেন৷ এইটো হ’বলৈ নিদিওঁ৷ চৰকাৰ এইক্ষেত্ৰত নি(য় কঠোৰ হ’ব৷ অসমৰ মানুহে অলপ বুজিব লাগে যে কংগ্ৰেছৰ নেতা কৰ্মীসকলে এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলক তুষ্টিকৰণ কৰে৷ ‘আজিৰ কেবিনেটত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাকে ধৰি কেইবাজনো আমোলা-বিষয়া উপস্থিত থাকে৷

৪ হাজাৰ কোটি টকাৰে ৰাজ্যত অচিৰেই নিৰ্মাণ হ’ব ৫০০খন বিদ্যালয় : মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ প্ৰতিবেদক, বাইহাটা চাৰিআলি : প্ৰায় ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যত অচিৰেই নিৰ্মাণ কৰা হ’ব ৫০০খন বিদ্যালয়৷ ৰাজ্যবাসীৰ বাবে এই সু-খৱৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি কামৰূপ জিলাৰ চাংসাৰিত নিৰ্মীয়মান দুখনকৈ বিদ্যালয়ৰ অগ্ৰগতিৰ বুজ লোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এই শুভ বাৰ্তাৰ বিষয়ে জানিবলৈ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য আজি পুৱা ১০-৩০ বজাত মুখ্যমন্ত্ৰী গৰাকী নিজ জালুকবাৰী সমষ্টিৰ চাংসাৰিত উপস্থিত হয়৷ তেওঁ চাংসাৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি আদৰ্শ [বালিকা] বিদ্যালয়ৰ গৃহ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ খতিয়ান আৰু ইয়াৰ সামগ্ৰিক ব্যৱস্থাপনাৰ পুংখানুপুংখভাৱে বুজ লোৱাৰ লগতে সময় অনুসৰি নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় পদক্ষেপ লবলৈ সংশ্লিষ্ট কতৃৰ্পক্ষক নিৰ্দেশনাও দিয়ে৷ প্ৰায় ১১ কোটি টকাৰ পৰা ১২ কোটি টকা ব্যয় সাপেক্ষে চাংসাৰিৰ দুয়োখন বিদ্যালয় জানুৱাৰী মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰি এই প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ নতুনকৈ নিৰ্মাণ কৰাৰ এক কৰ্মসূচী হাতত লৈছিল৷ সেইমতে সমগ্ৰ অসমত বৰ্তমানলৈকে ৫০০খন বিদ্যালয় নিৰ্মাণৰ বাবে বিদ্যালয়ৰ মাটিকালি নিৰ্ভৰ অনুসৰি জ্জ কোটি টকাৰ পৰা ১১ কোটি টকালৈকে অনুদান দিয়া হৈছে৷ এই ৫০০খন বিদ্যালয়ৰ ভিতৰত চাংসাৰিত নিৰ্মীয়মান বিদ্যালয় দুখনো আছে৷ দুয়োখন বিদ্যালয়ৰ নিৰ্মাণকাৰ্য দ্ৰতগতিত কাম আগবাঢ়িছে আৰু জানুৱাৰী মাহত এই কাম সম্পূৰ্ণ হ’ব৷ তদুপৰি এই কাৰ্যসূচীৰ অধীনত নিৰ্মাণ হ’ব লগা ৫০০খন বিদ্যালয়ৰ বাবে জ্জ্ব কোটি টকাকৈ চৰকাৰৰ মুঠতে ব্যয় হ’ব চ্ছ্ৰ হাজাৰ কোটি টকা৷ আনহাতে ৰাজ্যৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহ বিশেষকৈ ছেইণ্ট মেৰিজ, ডনবস্ক আদি শিক্ষানুষ্ঠানৰ অনুৰূপ মান তথা উক্ত শিক্ষানুষ্ঠানক ফেৰ মাৰিব পৰাকৈ আন্ত: গাঁথনি নিৰ্মাণ হৈ উঠাৰ পিছত ছাত্ৰ-ছাত্ৰী সকলে এনেধৰণৰ সুবিধা পালে এক সন্তোষজনক বিদ্যায়তনিক পৰিৱেশ অহাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ আজিৰ স্কুল পৰিদৰ্শন কালত শিক্ষামন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী অশোক সিংহাল আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলা আয়ুক্ত কীৰ্তি জল্লীও উপস্থিত থাকে৷

বৰপেটা সত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, বৰপেটা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা সত্ৰত উপস্থিত হৈ আশিস গ্ৰহণ কৰে৷ নলবাৰীত কেবিনেট বৈঠক সমাপ্ত কৰি পোনে পোনে বৰপেটালৈ আহে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা আৰু বৰপেটা সত্ৰত উপস্থিত হয়৷ মুখ্যমন্ত্ৰীৰ সৈতে বৰপেটা সত্ৰত উপস্থিত বৰপেটাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰ৷ মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰত উপস্থিত হৈ প্ৰথমতে সত্ৰৰ মঠৰ চোতালত সত্ৰত সেৱা লয়৷ বৰপেটা সত্ৰৰ বুঢ়াভকত হেমেন আতৈ আৰু ডেকাসত্ৰীয়া গৌতম পাঠকে মুখ্যমন্ত্ৰীক আশিস নিৰ্মালী প্ৰদান কৰে৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে সত্ৰৰ মুল কীৰ্তনঘৰৰ টিনপাত সলনি কৰি নতুন টিনপাত লগোৱা কাৰ্যৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া প্ৰমুখ্যে সত্ৰ পৰিচালনা সমিতিৰ সৈতে সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ত আলোচনাত মিলিত হয়৷ উল্লেখ্য যে ১৯৬২ চনৰ পিচত প্ৰথমবাৰৰ বাবে সত্ৰৰ মূল কীৰ্তনঘৰৰ টিনপাত সলনি কৰাৰ কাম আৰম্ভ কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে বৰপেটা সত্ৰলৈ আগবঢ়োৱা ৰ কোটি টকাৰ অনুদানেৰে সত্ৰৰ মুল কীৰ্তনঘৰৰ টিনপাত সলনিৰ কামৰ শুভাৰম্ভ৷ বৰপেটা সত্ৰৰ দৌল মহোৎসৱলৈ অহাৰ সময়ত মুখ্যমন্ত্ৰীয়ে সত্ৰৰ উন্নয়নৰ বাবে ৰ কোটি টকাৰ অনুদান আগবঢ়াইছিল৷ অহা আগষ্ট মাহৰ ভিতৰত সত্ৰৰ মুল কীৰ্তনঘৰৰ টিনপাত লগোৱা কাম সম্পূৰ্ণ হ’ব৷ ইপিনে পাটবাউসী সত্ৰ প্ৰকল্প সম্পৰ্কতো মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা আগষ্ট মাহৰ শেষভাগত অথবা ছেপ্টেম্বৰৰ পৰা পাটবাউসী সত্ৰ প্ৰকল্পৰ কাম আৰম্ভ হ’ব৷