Logo
image

২২ বিধ ব্যঞ্জনেৰে নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেটত মহা আয়োজনঃ মুখ্যমন্ত্ৰীৰ ৰোষত পৰিল জিলা আয়ুক্ত

'আমাৰ অসম'ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি, ২৮ জুনঃ মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা। বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত মাছে-মঙহে কেইবাবিধো সুস্বাদু ব্যঞ্জনেৰে ৰাজভোগৰ আয়োজন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নিৰ সন্মুখীন হ'ব লগা হৈছে জিলা আয়ুক্তগৰাকী। 

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এখন পত্ৰযোগে জিলা আয়ুক্তগৰাকীক একপ্ৰকাৰ ধমক দি প্ৰশ্ন কৰিছে যে কেবিনেট বৈঠকত সাধাৰণ নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিবলৈ বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পাছতো বিশাল আয়োজন কিয় কৰা হ'ল? উল্লেখ্য যে নলবাৰীৰ কেবিনেট বৈঠকত সাধাৰণ নিৰামিষ আহাৰৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নিৰ্দেশ দিয়াৰ পাছতো জিলা আয়ুক্তই এই নিৰ্দেশ পালন কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে দুপৰীয়াৰ আহাৰত অতি বেছি খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা বুলি পত্ৰখনত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে জিলা আয়ুক্তৰ কৰ্মকাণ্ডত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা বুলি পত্ৰযোগে জিলা আয়ুক্ত বৰ্ণালী ডেকাক একপ্ৰকাৰ ধমক দিয়ে।



উল্লেখ্য যে বৃহস্পতিবাৰে নলবাৰীৰ কেবিনেট বৈঠকৰ বাবে মন্ত্ৰীসকলক আপ্যায়ন কৰিবলৈ জিলা প্ৰশাসনে প্ৰায় ২২ বিধ সুস্বাদু আহাৰৰ ব্যৱস্থা কৰিছিল। এই খাদ্য তালিকাত আছিল প্লেইন ৰাইচ, জিৰা ৰাইছ আৰু পোলাও, ছাগলীৰ মাংস, কাৱৈ আৰু মাগুৰ মাছৰ বিশেষ আঞ্জা, মিছা মাছ ভাজি, আদা দিয়া সৰু সৰু মাছ, টেঙাৰে আৰি মাছৰ আঞ্জা, ভকুৱা, বৰালি মাছৰ আঞ্জা, খাহীৰ তেলেৰে মাহৰ দাইল, মিক্সড ডাইল, তৰকাৰী, কলফুলৰ ভাজি, চিকেন চুপ বইল, ঢেঁকীয়া ভাজি, সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা, পদিনা চাটনি, তিল চাটনি, অমিতা খাৰ, চালাদ, মিঠা দৈ আৰু গোলাপ জামুন। অৱশ্যে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছিল নিৰামিষ খাদ্য। 

নলবাৰীৰ কেবিনেটত দুপৰীয়াৰ আহাৰৰ নামত মহা আয়োজন কৰা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যি সময়ত বানৰ বাবে হাজাৰ হাজাৰ লোকে ককবকাই আছে, তেনে সময়তে নলবাৰীৰ কেবিনেট বৈঠকত মাছে-মঙহে মহা আয়োজন কৰাত বিভিন্ন মহলত ব্যাপক চৰ্চা হৈছে। এই দীঘলীয়া খাদ্য তালিকাৰে বিশাল আয়োজন কৰাক লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে জবাবদিহি কৰিছে জিলা আয়ুক্তক। খাদ্যৰ তালিকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশনা অমান্য কৰি বিধে বিধে খাদ্যৰ আয়োজন কৰাৰ বাবেই ৰোষত পৰিছে জিলা আয়ুক্ত বৰ্ণালী ডেকা।

লক্ষণীয়ভাৱে বৃহস্পতিবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও এই খাদ্য সম্ভাৰ সন্দৰ্ভত খাহী মাংসৰ তেলেৰে মাটি মাহৰ দাইল, ঢেকিয়া শাকৰ পৰা নৰসিংহ, ভেদাইলতালৈকে নলবৰীয়া খাদ্যৰ ব্যৱস্থা কৰা হৈছিল বুলি উল্লেখ কৰিছিল। তাত কোনো আভিজাত্য খাদ্যৰ কথা নাই বুলি কৈ নলবাৰীৰ ৰাইজে সাধাৰণতে ঘৰত যিবোৰ খাদ্য খায় তেনে খাদ্য ব্যৱস্থা কৰা হৈছিল বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল।